Saturday, 10 June 2017

আখৰুৱা চুটিগল্পঃ জুন, 2017:আব্দুল কালাম আজাদ

আখৰুৱা চুটিগল্পঃ জুন, 2017
সাত বছৰ,প্ৰায় সাত বছৰ পাৰ হৈ গৈছে । অৱশেষত ঘৰলৈ ঘুৰিলো। আহ কিমানদিন, কিমানদিন পিছত মোৰ ঘৰ, মোৰ গাঁও, মৰমৰ অসমখনক ছুই চাব পাৰিছো। ভাবোতেই গাত কাইটে বিন্ধে। ৰেল ষ্টেচনৰ পৰা ওলাই আহিলোঁ । লগত পিঠিত লোৱা বেগ আৰু কান্ধত লোৱা এখন। অসমৰ বাহিৰত ইমানদিন কটাই ঘৰলৈ ঘুৰিলে এনেকুৱা হবই । লগত মুম্বাইৰ পৰা অনা কাপোৰৰ বেগ এখনো আছে। বেগবিলাক লৈ বাহিৰলৈ ওলাওতেই আব্বাক দেখা পালোঁ । কিবা যেন ভিতৰ ফালে চিৰিংকৈ উঠিল। কিমানদিন সেই চকুৰ ফালে ভাল দৰে চোৱা নাই। ওচৰতেই সৰু ভাইটি, যদিও এতিয়া আৰু সৰু নাই। প্ৰায় মোৰ সমান উচ্চতা ।দাড়ি-মোচ মুখত ভিৰ কৰিছেহি। সেই এৰি অহা পৰিচিত কন্ঠ ভাঙি গৈছে। ফোনৰ সিপাৰে সেই কন্ঠৰ সৈতেই পৰিচিত। আগৰ মিহি কন্ঠস্বৰ মনত কৰাৰ চেষ্টা কৰিলোঁ । স্মৃতি ধোকা দিলে, বিচাৰি নাপালোঁ । তাতেই আব্বাক ঠক কৈ এটি ছালাম কৰি ললোঁ । যেতিয়া অসম এৰো, এই মানুহজনকেই শেষ বাৰৰ বাবে ছালাম কৰিছিলোঁ । উঠি থিয় দিওতেই আব্বাই বুকুলৈ টানি নিলে। আহ! কিমান পূৰণি এই স্পৰ্শ । ভাইটিৰ লগতো গল মিলোৱা সম্পূৰ্ণ হল। পেশীবহুল শৰীৰৰ অস্তিত্ব ভালেই অনুভৱ কৰিলোঁ । এতিয়া মাল পত্ৰ গোটাই ওলোৱাৰ পাল। ওলোৱাৰ লগে লগেই যিটো নজৰ কাড়িলে সেয়া ৰাস্তাৰ দুইকাষে এইফালে সেইফালে সেউজীয়া গছ-গছনি। সেই মায়ানগৰীত এই বস্তুটো দুষ্প্ৰাপ্য আছিল। প্ৰাণ ভৰি উশাহ ললোঁ । গাড়ী আগুৱাবলৈ ধৰিলে। মাজপথত এবাৰ হোটেলত ৰৈ অকন পেটপূজা কৰিলোঁ । আকৌ যোৱা আৰম্ভ হল। খিড়ীকিৰ কাঁচ খোলা। হুহু কৈ বতাহ কানত, মুখত আহি লাগিছিল। কথা-বাৰ্তা চলিছিল ধুমধাম। আব্বা , ভাইটি আৰু ড্ৰাইভাৰৰ লগত মত্ত হৈ ৰলো মায়ানগৰীৰ আলোচনাত। এঘন্টামানৰ পথ। এনেদৰেই চলিল। এসময়ত কথা শেষ হল। পিছলৈ হেজন দি সেই পূৰণি দিনৰ স্মৃতিত ডুবি গ'লো । ঘটং কৈ ৰাস্তাৰ কোনো এঠাইত গাড়ী পৰোতেই জ্ঞান আহিল। এ বাবা, একেবাৰে গাওৰ ওচৰৰ ৰাস্তাত আহি পৰিছো। চকু মেলি চালোঁ । চিনাকি পথ, চিনাকি পথাৰ মাথোঁ কিছু ঠাইত বৰ খালী খালী লাগিল। পূৰণি ডাঙৰ গছ বিলাকক কাটি পেলোৱা হৈছে। আশে-পাশে আৰু বহু নতুন গছ গজিছে। যিটো চাই ওলপ বেয়াই লাগিল। অৱশেষত পিচ ৰাস্তা এৰি গাঁওৰ কেঁচা ৰাস্তাত গাড়ী আহি সোমাল। আৰু মাত্ৰ কিছু মিনিট, তাৰপিছতেই ঘৰ সোমাম। চাৰিওফালে সেউজীয়াৰ গোন্ধ বিলোৱা। মিঠা বতাহে বাঁহৰ মূৰত ঢেউ তুলিছে । এই বস্তুটো আজীৱন একেভাৱে চাই থাকিলেও বিৰক্তি নালাগিব।গাঁওত সোমাওতেই চিনাকি লোকৰ উৎসুক চাৱনি আৰু পিছমূহূৰ্ততেই মিচিকীয়া হাহিয়ে মন ৰঙীন কৰিছিল। কেইজনমান সৰু 'ৰাই গাড়ীৰ পিছে পিছে দৌৰা দেখিলোঁ । সিহঁতৰ কাকোৱেই চিনি নাপাওঁ । ঘৰৰ সন্মুখত গাড়ী আহি ৰখিল। বহু কষ্টত পূৰণি মাটিৰ ঘৰ ভাঙি ইটাৰ অট্টালিকা বনাব পাৰিছোঁ । এতিয়া আৰু মৌচুমী বতাহে চাল উৰোৱাৰ ভয় নাই। অতি বৃষ্টিত ঘৰৰ চাল ফালি ইফালে-সিফালে পানী পৰাৰ ভয় নাই। এতিয়া আৰু কোনেও নোকোৱাকৈ যেনেতেনে ঘৰলৈ সোমাব নোৱাৰে। ঘৰৰ চাৰিওফালে প্ৰায় ওখ ৱাল দিয়া । নাই, এইবাৰ নিশ্চিন্ত। ঘৰত মই নমাৰ লগে লগেই গাঁওৰ মানুহৰ ভিৰ বাঢ়িবলৈ ধৰিলে। এক এককৈ প্ৰায় সকলোৱে দেখা কৰি গৈ আছে । হাঁহি মুখে সেই একেই উত্তৰ দি চলিছো পৰ্যায়ক্ৰমে ।
"
ভালেই আছোঁ "
"
নাই নাই, চিনি নাপাম কিয়?"
"
হয় বহু দিনেই হল"
"
কি আৰ কৰিম কওঁক, আন উপায় তো নাই। যতেই থাকো কাম তো কৰিবই লাগিব "
"
হয়, অলপ-অচৰপ শকত হৈছোঁ হয়তো"
"
মই বগা আছিলোই বা কেতিয়া?"
"
, তাত গৰম বহুত তো। লগতে কাম তো সেই ৰ'দৰ মাজতেই"
"
নাই নাই বিয়া পাতিবলৈ দেৰি আছে"
"
ছমাহৰ ছুটীত আহিছোঁ "
"
উৱা, সাগৰ নাচালে হব!!! বহুবাৰ নামিছো"
"
হিন্দী কব পাৰোঁ চলিব পৰাকৈ"
এনে উত্তৰ দিওঁতে দিওঁতে দিনটো শেষ হল।সন্ধিয়া হোৱাত বেয়া লগা আৰম্ভ হল। নাজানো কিয়? আশে-পাশে যেন বহু কিবা নাই। যিবিলাক মই স্মৃতিত জমা কৰি ৰাখিছিলোঁ, সেইবিলাক প্ৰায়ভাগেই বিদায় লৈছে। মাৰ শৰীৰ ভাঙিছে। আব্বাৰো শৰীৰৰ অৱস্থা তথৈবচ। ঘৰৰ চোতালৰ বৰ নিমগছ বিদায় হৈ সেইটো পালেংৰ ৰূপ ধাৰণ কৰি ঘৰৰ ভিতৰত সোমাই পৰিছে । কিন্তু জোনাকী বিলাকে ঘৰৰ ভিতৰত ঠাই পোৱা নাই। মাটিৰ ঘৰৰ যি মিঠা গোন্ধ সেইটো চিমেন্টৰ চাদৰত ঢাক খাইছে। যিখন পূৰণি খাটত খেলাধুলা কৰিছোঁ সেইখন নাই। বাৰান্দাৰ কাঠৰ খুটিকেইটাৰ ঠাই চিমেন্টৰ শকত খুটাই দখল কৰিছে। চেষ্টা কৰিলেও সেইডালক সাবটি গোল গোল ঘুৰিব নোৱাৰি। মাটিত পোতা বিছনাত টোপনি মাৰা সোৱাদ আৰু পোৱা নাযাব। খাট-পালেঙে সেই স্থান দখল কৰিছে।বেৰত বনোৱা মাটিৰ ৰেকৰ ঠাই এখন ফ্ৰিজে দখল কৰিছে। দুখন চাইকেলৰ ঠাই দুখন বাইকে দখল কৰিছে। ধুনীয়া পাৰ চৰাইৰ বাঁহকেইটা আৰু নাই। পাৰকেইটা কত তাকো জনা নাই। ঘৰৰ কুকুৰ, বাঘা এতিয়াও জীয়াই আছে । কিন্তু এতিয়া আৰু তাৰ লগত ঘাঁহনিত গৈ খেলা নাযাব। বেছাৰাই বুঢ়া হৈ গৈছে বহু। সেই টিনৰ ঠেক চালখনো নাই। ৰেলিঙেৰে আবোৰা বাৰান্দা আৰু ৱালেৰে আবোৰা ঘৰ যেন জেইলৰ নিচিনা হৈ ৰৈছে। এতিয়া আৰু ঘৰৰ পৰা পুখুৰীৰ পাৰৰ জংঘল পাৰ হৈ জোৎস্না ধোৱা সেউজীয়া ধাননি নজৰত নপৰে। ইটৰ দেৱালে সেই দৃষ্টিপথত বাধা দিছে। মিলানাই বহু কিবা। চিনাকি লোকসকলো কিবাযেন মুখোশধাৰী অচিনাকী কোনোবা।মই সেই পূৰণি মইক বিছাৰিছিলো তেওঁলোকৰ মাজত। পোৱা নাই এবাৰৰ বাবেও। সকলোৱে কিবা যেন দূৰে দূৰে আছে।
নিমকাঠৰ ওখ পালেঙত শুই শুই এনেই কিবাকিবি হিচাপ কৰি চালোঁ, বহু কিবা হেৰুৱাই পেলালো টকাৰ পিছে পিছে ঘুৰি ঘুৰি । বহু কিবা। শৈশৱ স্মৃতিৰ একোৱেই যেন আৰু অৱশিষ্ট নাই। মনে হৈছিল মই যেন এক শিপা বিহীন গছত পৰিনত হৈছোঁ । মাথোঁ শিপা বিহীন এডাল গছ, যাৰ অস্তিত্ব ফিৰফিৰীয়া বতাহতে ঠলঠল কৰিছে।

(* বিদ্ৰ:- এইটো মাথোঁ এক লিখা। বাস্তৱ নহয় ।)

No comments:

Post a Comment