Thursday, 8 June 2017

হাইকু(১৭)

আখৰুৱাৰ কবিতা: জুন,২০১৭
হাইকু(১৭)
বুকু লুইতৰ
বুকু লুইতৰ
বতাহত হালি জালি
প্ৰাণৰ ঘাট
----
ধৱল মেঘেৰে
নাৱৰীৱাৰ নাওঁ
জীৱনৰ বাট
----
শেষ হাঁহিটি
হেঙুলী ৰদৰ ঢৌ
বৰ্ণিল আভাত
----
অফুট মাতৰ
সন্ধ্যা লগন মায়া
নিশাৰ বাট

অংকুৰ শইকীয়া ৷

No comments:

Post a Comment