Thursday, 8 June 2017

অক্ষমৰ সপোনৰ পোখা

আখৰুৱাৰ কবিতা ঃ জুন ' ২০১৭
=====================
অক্ষমৰ সপোনৰ পোখা
================
ঠিকনাবিহীন অস্তিত্বক
থাপি ফুৰোঁ অ'তত'ত ভাড়াঘৰত
ছিন্নমূলৰ নাই শিপাৰ খোপনি
ফুল-ফলৰ দুৰাশাই খুৱালে বহু হাবাথুৰি
ভগনীয়াৰ ছাপ কপালত থাকিলে
গৰকীয়েও শোধাই নাগুৰ-নাকতি
পৰকে আপোন কৰাৰ প্রয়াসেৰেও
ঘটে বহু বিলাই
সাময়িক আশ্রয়কেই সজাই সহনীয় কৰোঁ বুলি
আনিছিলোঁ মাধৈ-মালতীৰ পুলি
ভাড়াঘৰৰ জপনামুখৰ চুকতে ৰুইছিলো আপদালি
বান্ধৈ-মিতিৰ সকলোৱে ইতিকিং কৰে
দুদিনৰ মুৰত ঠিকনা হয় গৈ কৰবাত
নিজৰ টিকনীৰ নাই খবৰ
লোকৰ ঘৰক সজাই-পৰাই কিনো চতুর্বর্গ লাভ হব
মন নেমানে নুশুনো হিতবাণী
বন-জাবৰ চিকুনাই
পুৱাই গধূলিয়ে গুৰিত ছটিয়াও পানী
নিমাখিত গছেও চিনি পাই মৰম
সঁহাৰি দিয়ে লহপহকৈ বাঢ়ি
বাঁহৰ চটি বুটলি আনি ঠেকা দিওঁ
উপৰলৈ উধাওক বুলি
মালিকক দেখুৱাই কওঁ - লোৰ গেটৰ মুৰত
কিবা এটা দিলে ফুল ফুলিলে
ব চালে-চকুৰোৱা
নীৰৱতাকে সঁহাৰি ভাবি আপডাল কৰোঁ আৰু বেছি
পৰভৃৎ জীৱনত এটি সপোনক
এনেকৈয়ে আগুৱাও ঠেলি-হেঁচি
ঘাঁহ-বন নিয়াবলৈ হাজিৰা লাগিল
বছৰেকিয়া চাফাই অভিযানত
হাজিৰাক কলোঁ বঁচাবলৈ
দেখোৱাই মোৰ হেঁপাহৰ মাধৈ-মালতীক
গধূলি উভতি চাওঁ নিকা চোতাল ঘৰ
বন-জাবৰৰ লগতে চাফ
চিন-চাব নোহোৱাকৈ মোৰ হেঁপাহৰ চানেকি
সাঁথৰ ভাঙে মোৰ শ্রীমতীয়ে
কিনো নলগা জেঙত লাগি ফুৰে
ভাড়াঘৰত কোনোবাই লগাই নে গছপুলি
লোকে ভাবিব এয়া আপোনাৰ দখলৰ প্রয়াস বুলি
নিজৰ নাই লাউ-লাখুটি
কিনো হব সপোনৰ বাহৰ পাতি পৰৰ চোতালত
অসহায়তাক মানি ললোঁ নীৰৱে
চকুলো টোপাল সৰি পৰিল
অক্ষম দুই গালত

- জ্যোতিষ ( ০৮/০৬/২০১৭)

No comments:

Post a Comment