Thursday, 8 June 2017

।।দুচকুত কাজল লোৱা ধুনীয়া ছোৱালীবোৰ।।

।।দুচকুত কাজল লোৱা ধুনীয়া ছোৱালীবোৰ।।
---ৰঞ্জন বৰ্মন
দুচকুত কাজল লোৱা ধুনীয়া ছোৱালীবোৰ
তোমালোকক কেন্দ্ৰ কৰিয়েই পৰিভ্ৰমণ কৰে ডেকাহঁতৰ পৃথিৱী
তোমালোকে যেতিয়া দুচকুত ডাঠ কাজল লোৱা
তোমালোকৰ চকুৰ পতাৰ পৰা
সিহঁতে বোটলি আনে ভালপোৱাৰ হাজাৰ তৰা
তোমালোকেটো নাজানা
তোমালোকে হাঁহিলেই সিহঁতৰ বাগিচাৰ ফুলবোৰ ফুলে
চৰাইবোৰে মিলনৰ গীত জোৰে
যিদিনাই তোমালোকে দুচকুত কাজল নোলোৱা
মকৰা জালত বন্দী হৈ ৰয়
সিহঁতৰ দুপৰৰ বেলি
আৰু স্থবিৰ হৈ পৰে পৃথিৱী

দুচকুত কাজল লোৱা ধুনীয়া ছোৱালীবোৰ
মোৰেই শপত
শিলবোৰ ভাঙি নদী বোৱাবলৈকে
তোমালোকে কোনোদিনেই দুচকুত কাজল লবলৈ নাপাহৰিবা

No comments:

Post a Comment