শেৱালীৰ কথাৰে:
(সৰুতে শুনা সাধু এটা নিজৰ মতে লিখিলোঁ)
শেৱালী অতি ৰূপৱতী
। এপলক শেৱালীৰ ফালে চকু নিদিয়াকৈ কোনো পাৰ হৈ যাব নোৱাৰে। দেখিলেই মন শাত পেলোৱা ৰূপ শেৱালীৰ , সেই স্নিগ্ধতা কাৰ বেয়া লাগিব ? নিজৰ ৰূপক লৈ শেৱালী কিন্তু অহংকাৰী নহয় , তাই সকলোৰে লগত সাধৰণভাবে মিলিজুলি থাকি ভাল পায় । সকলোৰে দৰে
শেৱালীয়েও সপোনৰ ৰাজকুমাৰ জনৰ কল্পনা কৰে । ভাৱনাতে ৰাজকুমাৰজনক দেখে , কথা পাতে। সেইখিনি সময় শেৱালীয়ে নিজৰ বাবে আছুতীয়াকৈ ৰাখে , সপোনৰ পুৰুষৰ বাবে।
এদিন হঠাত
সূৰ্য্যই শেৱালীক দেখিলে । শেৱালীৰ ৰূপত সূৰ্য্য
মুগ্ধ হ'ল। ৰূপে -গুণে, শৌৰ্য্য-বীৰ্য্যই সূৰ্য্য সকলোৰে আগত ।
সূৰ্য্যই ৰ'দালিৰ হাতত শেৱালীলৈ মনৰ বাৰ্তা পঠিয়ালে । শেৱালী আত্মহাৰা হ'ল, সূৰ্য্যৰ দৰে এজনৰ প্ৰণয় প্ৰাৰ্থী হব পৰাটো জানো কম কথা। লাহে লাহে তাই নিজৰ সকলো সপি দিলে সূৰ্য্যৰ হাতত।
সময় বাগৰিল। লাহে
লাহে সূৰ্য্যক শেৱালীয়ে আমুৱালে। শেৱালীৰ চকুত সূৰ্য্যৰ অৱজ্ঞাবোৰ লাহে লাহে ধৰা পৰিল। শেৱালীয়ে বহু
চেষ্টা কৰিলে সপোনবোৰ ধৰি ৰাখিবলৈ । অশ্ৰু, কাকুতি মিনতি, ভালপোৱা একোৱে সূৰ্য্যক বান্ধি ৰাখিব নোৱাৰিলে। শেৱালীৰ জীয়াই থকাৰ হেপাহ নোহোৱা হৈ গ'ল। তাই বলীয়াৰ দৰে হ'ল। সূৰ্য্যই এনেদৰে প্ৰৱঞ্চনা কৰিব পাৰে বুলি তাই সপোনতো ভবা নাছিল।
শৰতে ল'ৰালিৰে পৰা শেৱালীক ভাল পায় । কবলৈ সাহস কৰিব পৰা নাছিল।
শেৱালী সূৰ্য্যৰ প্ৰেমত পৰা বুলি গম পোৱাৰ পিচত
তাৰ দুখ লাগিছিল যদিও সি সান্তনা লৈছিল যে শেৱালীয়ে যোগ্যজনকে পালে। আলেঙে আলেঙে শৰতে দুয়োকে লক্ষ্য কৰি আছিল, এনেয়ে।শেৱালীৰ সুখ মানেই তাৰো একধৰণৰ তৃপ্তি।
শেৱালিৰ দুখৰ দিনত শৰৎ তাইৰ কাষত থিয় হ'ল। সৰুৰে পৰা একেলগে ডাঙৰ হৈছে যদিও শেৱালীয়ে শৰতৰ মনৰ বাতৰি পোৱা নাছিল কোনোদিনে। শৰতে এতিয়াও
একো কোৱা নাই কিন্তু শেৱালীয়ে বুজি উঠিছে তাৰ অনুভৱ।
সূৰ্য্যক পাহৰিব পৰা নাছিল শেৱালীয়ে , সকলো স্থান সকলো সময়তে ইমান সোঁৱৰণী ।
শৰতৰ সান্নিধ্যত লাহে লাহে সকলো সহজ হৈ পৰিল।
লাহে লাহে শৰতকো তাইৰ ভাল লগা হ'ল কিন্তু সূৰ্য্যৰ স্মৃতিয়ে তাইক এৰা নিদিলে
কোনোদিনে। শৰতৰ কাষত তাই লাহে লাহে স্বাভাবিক হৈ আহিল।
"শৰৎ , তুমি নহ'লে যে মোৰ কি হ'লহেতেন ।" শেৱালীয়ে প্ৰায়ে কয়।
" ধেত, কি যে কোৱা। মইনো কি কৰিলো । এয়াতো মোৰ কৰ্তব্য।" শৰতে
সদায় একে উত্তৰ দিয়ে।
এদিন শেৱালীয়ে থিক
কৰিলে তাই শৰতক সকলো খুলি কব।
"শৰৎ , এটা কথা কম। বুজিবানে।"
" নুবুজিলেও শুনিম শেৱালী। "
" তুমি মোক ভালপোৱা ন ?"
"......."
শৰতে একো কব
নোৱাৰে । কি কব সি ? কোনোদিনেই কব নোৱাৰিলে সি মুখ খুলি ।
" মই বুজি পাও শৰত । তুমিও বুজিছা চাগে মইও
লাহে লাহে তোমাৰ প্ৰতি দুৰ্বল হৈ গৈ আছো।
" শৰতৰ হাতখন লাহেকৈ হাতত তুলি লৈ শেৱালীয়ে ক'লে । " মইযে এতিয়াও সূৰ্য্যক পাহৰিব পৰা নাই শৰত
। তোমাৰ কাষত থাকিলেও হথাৎ কেতিয়াবা পুৰণি কথা মনলৈ আহে।এই স্মৃতিবোৰ আহি থকালৈ মই তোমাক ভালপাও বুলি কৈ ঠগিব নুখুজো শৰত। "
বহু নিৰৱ মুহুৰ্ত
দুয়োৰে মাজত বাগৰি গ'ল। গৈয়ে আছে। শৰৎ আৰু শেৱালীয়ে আজিলৈ একেলগেই আছে , একেধৰণে। ভালপোৱাৰ কিবা এক অবুজ সমীকৰণ লৈ।
সূৰ্য্যক পাহৰিবলৈ
শেৱালীয়ে চেষ্টা কৰিয়ে আছে। পাহৰি পেলাইছে বহুকথা।
শেৱালীয়ে সূৰ্য্যৰ
পোহৰ ওলোৱাৰ আগতে ফুলে আৰু সৰে । সূৰ্য্যৰ মুখলৈ কোনোদিনে নাচায়। নিজৰ সমস্ত সৌৰভ আৰু সৌন্দৰ্য্য শেৱালীয়ে
শৰতক দি যায়। সেয়া কৃতজ্ঞতা নে ভালপোৱা, শৰতে কোনোদিনে ভবা নাই ।
কবি:-
ණহিমাংশু ভাগৱতী ।
No comments:
Post a Comment