পাঠকৰ মনৰ কথা : প্ৰস্তাৱনা সংখ্যা : জনজিৎ গোস্বামী
আখৰুৱাৰ সমূহ মাননীয় সদস্যলৈ আন্তৰিক শ্ৰদ্ধা জনাই ১৮ জানুৱাৰী, ২০১৭ তাৰিখৰ আখৰুৱাৰ ঘোষণা অনুসৰি 'পাঠকৰ মনৰ কথা' শিতানটিৰ প্ৰস্তাৱনা সংখ্যাত, মোৰ ভাললগা এখন কিতাপৰ কিছু কথা আপোনালোকৰ সৈতে ভগাই ল'বলৈ বিচাৰিছো। ক'বলৈ লৈছো প্ৰথমে "প্ৰান্তিক"ত খণ্ড খণ্ডকৈ প্ৰকাশ হোৱা আৰু পৰৱৰ্তী সময়ত "বনলতা"ই কিতাপ আকাৰে আমালৈ আগবঢ়াই দিয়া, হিৰণ্য কাশ্যপ ৰচিত "সময়" উপন্যাসখনৰ কথা।
"অসীম চৌধুৰী"ক কেন্দ্ৰ কৰি শৃংখলিত ৰূপত আগবঢ়া "সময়" আৰম্ভ হৈছে বিশাল পথাৰ এলেকাত নকৈ ঘৰ সাজিবলৈ লোৱা অসীমহঁতৰ ঘৰখনৰ কথাৰে। ক্ৰমান্বয়ে ঘৰেৰে ভৰি পৰি এসময়ত খালী পথাৰখনে নাম পালে "সূৰুযনগৰ"। সমনীয়া অসীম, ৰাজ, সমীৰণ, অনন্ত, জীৱন আদিৰ জীৱনবোৰৰ গতি- প্ৰকৃতি সুন্দৰভাৱে বৰ্ণনা কৰিছে লিখকে। ক্লাৱঘৰ, ৰামি, টোকাৰী গীত, কি যে নকৰিলে সিহঁতে! এইবোৰৰ লগে লগে অসীমে লিখা- মেলাও চলাই নিলে। ক্লাৱঘৰত নিতৌ সিহঁতবোৰৰ আড্ডাত কিমান যে বিমূৰ্ত চিন্তা। কথাৰ মালিতা।
লাহে লাহে জীৱনৰ প্ৰকৃত যুদ্ধলৈ এখোজ এখোজকৈ সকলো অগ্ৰসৰ হ'ল। ক্লাৱঘৰ জৰাজীৰ্ণ অৱস্হালৈ গতি কৰিলে। আৰু এদিন সি ভাগি থাকিল।
প্ৰায় সকলো এসময়ত প্ৰতিষ্ঠিত হ'ল। বন্ধু ৰাজ ঘৰৰ পৰা এদিন নোহোৱা হ'ল । লিখকে খুব সুন্দৰকৈ অসমৰ জনজীৱনক আলোড়িত কৰা ১৯৭৯ চনটোলৈ আঙুলিয়াই দিছে আৰু ৰাজৰ বাকীছোৱা কথা পঢ়ুৱৈলৈ এৰিছে।
প্ৰাত্যহিক জীৱন এনেকৈয়ে চলি থাকিল। এদিন অসীমহঁতৰ পিছৰ প্ৰজন্মই ক্লাৱঘৰ লয়। সিহঁতৰ হেঁপাহৰ ক্লাৱৰ পুনৰ মুকলিৰ সময়ত নকৈ ওলোৱা গল্পৰ কিতাপখন দেউতাকৰ হতুৱাই উন্মোচন কৰাই "নিজৰ" মানুহখিনিক উপহাৰ দিব বুলি ভাৱে অসীমে।
নহ'ল। ভৱামতে নহ'ল। চূড়ান্তভাৱে অপদস্হ হৈ অসীম পুনৰ সূৰুযনগৰলৈ উভতি নহাৰ আত্মপ্ৰতিশ্ৰুতিৰে অহা বাটে উভতি গ'ল। আনকি ক্লাৱৰ সদস্য নহয় বুলিও কথা শুনিলে সি। ৰাজ যদি থাকিলহেঁতেন। তাৰ কথা বুজা মানুহ যেন সূৰুযনগৰত নাই।
থূলমূলকৈ এয়াই উপন্যাসখনৰ মূল কথা।
উপন্যাসখনে আঙুলিয়াই দিছে সময়ৰ পৰিৱৰ্তনৰ কথা। যোগাত্মক অথবা বিয়োগাত্মক। ভিন্ন সময়ৰ দস্তাবজে আনি দিয়া মাধুৰ্যখিনি আমি উলাই কৰিব নোৱাৰো।
"ৰাজ"ক আমি আমাৰ হেৰাই যোৱা সময়ৰ প্ৰতীক হিচাপেও ল'ব পাৰো।অসীমৰ দৰেই আমিও পুৰণি কথা ৰোমন্থন নকৰো জানো?
খালী পথাৰ। লাহে লাহে ভৰি পৰা মানুহ। বাগৰি যায় সময়।
পুনৰাই শূন্যতা। প্ৰথমবাৰ মানৱীয়ভাৱে আৰু দ্বিতীয়বাৰ মানসিকভাৱে।কঠিন বাস্তৱৰ চিত্ৰায়নত সফল লিখক।
জনজিৎ গোস্বামী
সদস্য, আখৰুৱা।
৩১ জানুৱাৰী, ২০১৭
____________________________________
আখৰুৱাৰ 'পাঠকৰ মনৰ কথা' শিতানৰ চমু আভাস:
১) এই শিতানত আখৰুৱাৰ সদস্য পাঠকসকলে সাহিত্য বিষয়ৰ ওপৰত নিজৰ মনৰ কথা লিখিব পাৰিব। অৱশ্যে আখৰুৱাত প্ৰকাশিত কবিতা, গল্প, উপন্যাস আদিৰ বিষয়ে লিখা লিখনিক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰয়োজন সাপেক্ষে আখৰুৱাৰ বাহিৰেও সাহিত্য সম্বন্ধীয় বিষয়বস্তু, যিবোৰ আখৰুৱাৰ উত্তৰণৰ কাৰণে সহায়ক হ'ব পাৰে- তেনে বিষয়বস্তু লিখোঁতাই নিজেই বাছনি কৰিব পাৰিব। তথাপি সময় সাপেক্ষে বিষয়বস্তু নিৰ্দিষ্ট কৰি দিয়া হ'ব পাৰে।
২) লিখনিটো লিখাৰ পিছত তলত উল্লেখ কৰা ইমেইল ঠিকনালৈ বা এই শিতানৰ ব্যৱস্থাপকলৈ পঠিয়াব লাগিব। প্ৰয়োজন সাপেক্ষে বৰ্ণাশুদ্ধি বা সম্পাদনা কৰি ব্যৱস্থাপকে আখৰুৱাত প্ৰকাশ কৰিব।
৩) আখৰুৱাৰ লক্ষ্য, উদ্দেশ্যৰ সৈতে খাপ নোখোৱা বিষয়বস্তু বা লিখনি আখৰুৱাত প্ৰকাশ কৰা নহ'ব। তেনে ক্ষেত্ৰত ব্যৱস্থাপকে প্ৰশাসকৰ সৈতে আলোচনা কৰি উচিত সিদ্ধান্ত ল'ব বা প্ৰশাসকে তেনে লিখনি নাকচ কৰিব পাৰিব।
Email: pathakarmanorkatha@gmail.com
ব্যৱস্হাপকৰ মন্তব্যঃ
১) লিখনিত সন্নিৱিষ্ট মন্তব্যৰ দায়িত্ব লিখকৰ ওপৰত ন্যস্ত থাকিব।
২) এই শিতানে সামৰি লোৱা বক্তব্যত থকা বানানত ভুল দেখিলে, আখৰুৱাৰ মাননীয় সদস্যসকলক সেয়া আঙুলিয়াই দিবলৈ অনুৰোধ কৰিলোঁ।
শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত পাঠকসকলে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী।
ব্যৱস্থাপক, পাঠকৰ মনৰ কথা,
আখৰুৱা : literati
৩১ জানুৱাৰী, ২০১৭
_____________________________________
প্ৰশাসকৰ টোকা :
'পাঠকৰ মনৰ কথা' শিতানৰ ব্যৱস্থাপক জনজিৎ গোস্বামীয়ে তেওঁৰ একাউণ্ট নিস্ক্ৰিয় কৰা কাৰণে জানুৱাৰী, ২০১৭ সংখ্যাৰ 'পাঠকৰ মনৰ কথা' শিতানৰ প্ৰস্তাৱনা সংখ্যাটো আখৰুৱাৰ পৰা নোহোৱা হৈ যায়। অৱশ্যে 'আখৰুৱা সম্পদনা সমিতি'ৰ সুবিধা হোৱাকৈ শিতানটো সাঁচি ৰখা হৈছিল যদিও মূল শিতানটো যিহেতু এতিয়া আখৰুৱাত নাই, সেয়া যাতে উপলব্ধ হয়- সেই লক্ষ্যত 'প্ৰশাসকৰ মেজ'ৰ পৰা পুনৰ প্ৰকাশ কৰা হ'ল। যিসকল সদস্যই পূৰ্বৰ শিতানটোত মন্তব্য দিছিল বা পছন্দ (like) কৰিছিল, তেখেতসকলৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী।
উল্লেখ্য যে সম্প্ৰতি প্ৰতিমাহৰ প্ৰথমটো দেওবাৰে 'পাঠকৰ মনৰ কথা' শিতানটো আখৰুৱাৰ অন্যতম সদস্য, হিমাশু ভাগৱতীৰ ব্যৱস্থাপনাত প্ৰকাশ কৰা হয়।
ধন্যবাদ।
মনোহৰ দত্ত, মালৱিকা বৰা ব্ৰহ্ম
প্ৰশাসক, আখৰুৱা।
৪ জুন, ২০১৭

No comments:
Post a Comment