একেটি বাট
এই বাটেৰেই
সৃষ্টিৰ মৌ-ৰস লগনত
পদূলিমুখৰ কাঁচিয়লী আকাশ
জিলমিল ৰ’দালিৰ ৰাংঢালী এমুঠি সপোনৰ আত্মপ্ৰকাশ
দেখো তাতে
মৌন হৈ উশাহ চন পেলাই
গজালি মেলি লহপহীয়া হৈ উঠা
ক’ত যে আধা ফুটা কন্ঠৰ বৰ্ণময় গভীৰতা
আৰু
সেই বাটেৰেই
হালিজালি কৰে এজাক বৰষাৰ উৰ্মিমালা
মাটিৰ মাদকতা এহালিছা ভৰুণ সম্ভাৱনা
মধুৰ আত্মগোপন বতৰা বুকুৰে কুঁহিপাত সেউজী বসুন্ধৰা ৷৷
কবি:-
ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment