আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৮) : ১-৭ মে', ২০১৭ (প্ৰথম খণ্ড)
পৰ্যালোচক : কল্যাণী বৰ্মন
কবিতা কি আৰু ইয়াৰ প্ৰকাশ কিদৰে কৰিব পাৰি বা কেনেধৰণে কৰা উচিত সেয়া এক জটিল বিষয়। বাল্মীকিৰ প্ৰথম শ্লোকৰ পৰা বৈষ্ণৱ পদাৱলী, ৰমন্যাসিকৰ পৰা ৰোমাণ্টিক কবিতাৰ যুগলৈ, আশীৰ দশকৰ পৰা বৰ্তমানৰ একবিংশ শতিকাৰ সাম্প্ৰতিক কবিতাৰ যি যাত্ৰা; সেয়া লক্ষ্য কৰিলে দেখা যায় যে একে ধাৰত ই বৈ থকা নাই। ভিন্নতাই কবিতাৰ ইতিহাসকো বৈচিত্ৰময় কৰি তুলিছে। আৰু এয়া স্বাভাৱিক প্ৰক্ৰিয়া। একে ঠাচত ৰৈ যোৱা মানেই চিন্তাৰ, বিকাশৰ অন্ত।
ক্ষুদ্ৰ পৰিসৰৰ একোটা কবিতাৰ অপৰিসীম শব্দ শক্তি। এই শব্দ শক্তিক ভাঙি অৰ্থোদ্ধাৰ কৰি খুটি-নাতি দাঙি ধৰাটোও সকলোৰে বাবে সহজ সাধ্য নহয়। গভীৰ অধ্যয়ন আৰু উপস্থাপনৰ সহজ কৌশল আয়ত্তহীনতাৰ মাজতো 'আখৰুৱা'ৰ মজিয়ালৈ ১-৭ মে'লৈ অহা কবিতাৰ পুনৰীক্ষণৰ দায়িত্ব লওঁ 'আখৰুৱা'ৰ শিকাৰু সদস্য ৰূপে। ভিন্ন কবিৰ ভিন্ন কবিতাৰ মাজত তিনিটা কবিতা পুনৰীক্ষণৰ বাবে বাছি লোৱা হৈছে কিছু পুনৰ আলোচনাৰ বাবে ।
আলোচ্য প্ৰথম কবিতাটি হ'ল - 'শ্ৰমিক দিৱস', কবি লীনা হাজৰিকা ।
শ্ৰমিক দিৱস
তেজৰ ৰং শেতা
নিমখ মিহলি ঘাম পানীত
গোকট্ গোন্ধ
অসহ্য ! বেদনা
অত্যাচাৰ উৎপীড়ন !
চিকাগোৰ ঐক্যৰ ওপৰত বৰ্বৰতা
পৃথিৱী গাথা শ্ৰমিকৰ ওপৰত
গৰাকীয়ে আজিও চলাই চাবুক
মাক্সবাদী আগ্নেয়গিৰি যেন পুনৰ উদ্গীৰণ
একত্ৰিত হ'ব শ্ৰমিক গোষ্ঠী
কাৰখানাৰ পৰা নিৰ্গত হ'ব লাভা
কেৱল আঠ ঘন্টাৰ বাবে
শিল্প বিপ্লৱত দিগভ্ৰান্ত শ্ৰমিকৰ
নিষ্পেষণ নিৰ্যাতনৰ অট্টনাদ
আজিও শুনো
আজিও প্ৰসৱ কৰে সদ্যোমৃতই
হাহাঁকাৰ হয় অন্ন - বস্ত্ৰৰ
নিবনুৱাৰ পাহাৰ গঢ়ি
প্ৰযুক্তিয়ে আদৰিছে
অবাধ বাণিজ্যি
বণিক গোষ্ঠীৰ ঘৰিয়ালৰ চকুলো
'আজিৰ শ্ৰমিক'
লাল পতাকাৰ তলত
সমবেত হোৱা
হে শ্ৰমিক ! মবাইল এটা লৈ
কেইদিনমান ৰাজপথত
নিষ্কমা হৈ পেপছি খোৱা ।
কবি লীনা হাজৰিকাৰ উক্ত কবিতাটি মাৰ্ক্সবাদী চিন্তাধাৰাৰ দ্বাৰা উদ্বুদ্ধ অৰ্থাৎ প্ৰগতিবাদী কবিতা। কাৰ্লমাক্স আৰু ফ্ৰেডেৰিক এংগলছৰ যুক্তিবাদী চিন্তাসমূহেই এনে ধাৰাৰ কবিৰ আদৰ্শ বুলি ভবা হয়। সকলো ক্ষেত্ৰতে সমাজৰ সকলো শ্ৰেণীৰ সমানতা , এয়াই মাৰ্ক্সবাদী চিন্তাধাৰা। সমাজৰ পুঁজিপতি শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে সাধাৰণ খাটি খোৱা শ্ৰমিক, বনুৱা সকলৰ ক্ষোভৰ ফলস্বৰূপেই এদিন 'মে' দিৱস' অৰ্থাৎ 'শ্ৰমিক দিৱস'ৰ উদ্ভৱ হৈছিল। ঐতিহাসিক এইবোৰ আলম লৈয়ে বৰ্তমানক সাক্ষী কৰি কবিয়ে কবিতাটি ৰচিছে।
আজিও আমাৰ সমাজত খাটি খোৱা এচাম মানুহৰ ওপৰত কৰ্তৃপক্ষই অন্যায় কৰি আহিছে ।অধিক শ্ৰমৰ বিনিময়ত কম মজুৰি দিয়া, অসন্মানিত ব্যৱহাৰেৰে অপমানিত কৰা আদি ।সেয়েহে কবিয়ে 'তেজৰ ৰং' 'ৰঙা'ৰ বিপৰীতে 'শেতা' বুলি বিদ্বেষগাৰ কৰিছে ।
৮ ঘন্টা কাম, ৮ ঘন্টা বিশ্ৰাম আৰু ৮ ঘন্টা বিনোদনৰ দাবী তুলি চিকাগোত হোৱা শ্ৰমিক আন্দোলনৰ ওপৰত শাসক গোষ্ঠীয়ে যি বৰ্বৰতা চলাইছিল, পৃথিৱীক শিহৰিত কৰি তোলা সেই 'গাথা'ৰ কথা উল্লেখেৰে কবিয়ে আজিও একেদৰেই 'চলাই চাবুক' বুলি কৈছে।
চিকাগোৰ ঐক্যৰ ওপৰত বৰ্বৰতা
পৃথিৱী গাথা শ্ৰমিকৰ ওপৰত
গৰাকীয়ে আজিও চলাই চাবুক
কবিৰ দৃষ্টি তীক্ষ্ণ। সেয়েহে বৰ্তমান সমাজতো চলি থকা বঞ্চনাৰ বিৰুদ্ধে আকৌ একেই ঐক্যবদ্ধ সংহতিৰে শ্ৰমিকসকল জাগি উঠিব বুলি কৈছে। আৰু ৮ ঘন্টাৰ বাবেহে সকলোৱে কাম কৰিব। শোষণ, বঞ্চনাৰ কথা বুজাবলৈ আৰু ক্ষোভৰ প্ৰকাশৰ বাবে 'আগ্নেয়গিৰি' আৰু উদ্গীৰণ সফল ব্যঞ্জনাৰ প্ৰয়োগ শলাগিবলগীয়া ।
তৃতীয় স্তৱকত উল্লেখিত শিল্প বিপ্লৱৰ কথা মনকৰিবলগীয়া ।ইংলেণ্ডত হোৱা শিল্প বিপ্লৱৰ (১৭৬০) ফলতে ভাৰতীয় অৰ্থনীতিত যি পৰিবৰ্তন হৈছিল সেয়া আজিও লক্ষণীয় বুলি কবিয়ে কৈছে ।শিল্প বিপ্লৱে সমাজলৈ আনিছিল সামগ্ৰীৰ দুই ধৰণৰ মূল্যায়ন। ইয়াৰ ফলত সৰ্বসাধাৰণে ভোগ কৰিব লাগিছিল অশেষ দুৰ্গতি।
শিল্প বিপ্লৱত দিগভ্ৰান্ত শ্ৰমিকৰ
নিষ্পেষণ নিৰ্যাতন অট্টনাদ
আজিও শুনো
আজিও প্ৰসৱ কৰে সদ্যোমৃতই
হাহাঁকাৰ হয় অন্ন - বস্ত্ৰৰ
বিজ্ঞানৰ অগ্ৰগতিৰ ফলত নৱ্য প্ৰযুক্তিৰ আৱিষ্কাৰে এফালে যিদৰে ন-ন বস্তুৰ উৎপাদনে এচামক অধিক মুনাফা আদায়ৰ বাট মুকলি কৰি দিছে , তাৰ বিপৰীতে ইয়ে মানুহৰ কৰ্ম সংস্থাপনৰ পথ ৰুদ্ধ কৰিছে ।কবিৰ ভাষাত , 'নিবনুৱাৰ পাহাৰ গঢ়ি /.... বণিক গোষ্ঠীৰ ঘঁৰিয়ালৰ চকুলো ' ।বণিক সকলৰ মিছা আশ্বাসৰ বিৰুদ্ধে কবিয়ে শ্ৰমিক সকলক একগোট হৈ থিয় দিবলৈ আহ্বান জনাইছে ।কবিয়ে এইদৰে আহ্বান কৰিছে -
'আজিৰ শ্ৰমিক'
লাল পতাকাৰ তলত
সমবেত হোৱা !
'লাল পতাকা' - মাৰ্ক্সীয় চিন্তাধাৰাৰ প্ৰতীকী নিচান ।
শেষত স্ব-অধিকাৰ সাব্যস্ত কৰি প্ৰতিবাদ জনাবলৈ কবিয়ে এনেদৰে কৈছে -
হে শ্ৰমিক মবাইল এটা লৈ
কেইদিনমান লাজপথত
নিষ্কাম হৈ পেপছি খোৱা ।
'মবাইল', 'পেপছি' ৰূপকধৰ্মী ব্যঞ্জনাৰ প্ৰয়োগেৰে কবিয়ে ধনীক শ্ৰেণীৰ প্ৰতি বিষোদ্গগাৰ প্ৰকাশ কৰিছে। যিবোৰ নেকি সমাজত আজিও অভিজাত শ্ৰেণীৰ সামগ্ৰী বুলি সাধাৰণতে ধৰা হয়।
দ্বিতীয় আলোচ্য কবিতাটি হ'ল - 'হৃদয়' , কবি ৰেখা বৰুৱা।
হৃদয়
বৰ অকাৰণতেই আজিকালি
চকুলো ওলাই ......
তোক হেৰুৱাৰ দুখত নহয়
মোৰ হৃদয়খন
বজাৰ হৈ যোৱাৰ দুখত
পাঁচশাৰী যুক্ত ৰেখা বৰুৱাৰ 'হৃদয়' কবিতাটি বৰ কোমল অনুভূতিৰ। কবিয়ে উল্লেখ কৰামতে কবিতাটি ইতিমধ্যে মে', ২০১৭ ৰ 'প্ৰিয় সখী' আলোচনীত প্ৰকাশ হৈছে। কবিলৈ অভিনন্দন। কবিতাটি যদিও পাঁচশাৰী যুক্ত, ইয়াৰ পৰিসৰ কিন্তু বহল। মানুহৰ এটি অতি স্পৰ্শকাতৰ অংগ হৃদয় আৰু এই হৃদয়ৰ লগতে আমাৰ মন জড়িত বুলি আমি ভাৱো। সেয়েহে মনত দুখ পালেই হৃদয়ত আঘাত পোৱা বুলি কওঁ আৰু দুখৰ বহিঃপ্ৰকাশ চকুলো। কবিয়ে কোৱাৰ দৰে -
বৰ অকাৰণতেই আজিকালি
চকুলো ওলাই .....
কবিৰ কোমল মন অতি স্পৰ্শকাতৰ। সেয়েহে 'বৰ অকাৰণতেই' (অলপ দুখৰ অনুভূতি হ'লেই) কবিৰ চকুপানী ওলাই বুলি কৈছে।
আকৌ অতি কৌশলী কবিয়ে দুখৰ কাৰণক (নায়ক/নায়িকাক) গুপ্ত ৰাখি কৈছে 'তোক হেৰুৱাৰ দুখত নহয়'। কবিতাৰ এটি প্ৰধান গুণ কম শব্দত বহু প্ৰকাশ। ইয়াৰ বাবেই লগা হয় ব্যঞ্জনা , অলংকাৰ আদিৰ প্ৰয়োগ। অলংকাৰৰ অন্যতম প্ৰয়োজনীয় ভাগ প্ৰভাৱশালী উক্ত শাৰীটোৰ লগতে শেষৰ শাৰী 'বজাৰ হৈ যোৱাৰ দুখত' পৰিলক্ষিত হৈছে।
কবিতাটিৰ শেষ দুশাৰী পংক্তিয়েই কবিতাটিৰ মূল ।য'ত কবিয়ে হৃদয়খন 'বজাৰ' হৈ যোৱা বুলি কৈছে ।'বজাৰ' কিনা-বেচা ৰ যি এক আৱেগহীন প্ৰক্ৰিয়াস্থলী আৰু কবিৰ হৃদয়ৰ আৱেগ অনুভূতিবোৰ কৃত্ৰিমতা আৰু জটিলতাৰ মেৰপাকত থকা - সৰকা হৈ পৰিছে ।'বজাৰ' এই ক্ষেত্ৰত সফল প্ৰতীকৰ প্ৰয়োগ ।এজন কবিৰ মনৰ জগতখনৰ অভিজ্ঞতাসমূহ সকলো সাধাৰণ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি ।সেইবাবেই প্ৰতীকৰ সহায়তে কবিতাৰ প্ৰকৃত অৰ্থৰ আভাস দিয়াৰ প্ৰয়াস কৰা হয় ।
আলোচ্য তৃতীয় কবিতাটি হ'ল - 'নীলাৰ পৃথিৱী', কবি- ৰাজীৱ ডেকা।
নীলাৰ পৃথিৱী
নীলাৰ পৃথিৱীত নোপজিল বেলি
ফুল আৰু পখিলাবোৰ আঁকিলে তাই আন্ধাৰেৰে,
অন্ধ ভাবনাত সাজি লোৱা শূন্য আকাশখনত
পিন মাৰি থলে আন্ধাৰৰ এটি জোন আৰু এশটা ত'ৰা
গান গুনগুনাই লগালে তাই আন্ধাৰৰ নেইল পলিচ
ওঠত আন্ধাৰৰ লিপষ্টিক,
দুচকুতো সানিলে কাজল বৰণৰ আন্ধাৰ
অন্ধ নিদ্ৰাৰ স্বপ্নবোৰত
সেওঁতালৈ সাঁচিলে আন্ধাৰৰ এচিকুট সেন্দুৰ
নেদেখা পোহৰকো আনকি
আন্ধাৰ সূতাৰে চকুৰ মণিত তাই থলে গুঠি
যদিও নীলাৰ ঘৰলৈ নাহিল এখনো আৰ্চী
যদিও খিৰিকীৰ কাঁচ আৰু চকচকীয়া বাচনবোৰেও
বুকুত এখন্তেক জিৰাব নিদিলে তাইৰ হাঁহি
তথাপিও নীলা নাছিল অসুখী
প্ৰিয় বুলিবলৈ নেদেখিলেও কোনো ৰঙ
সেউজীয়াৰে সাজিবলৈ ভালপোৱাৰ পৃথিৱীখন
অকলশৰে পাৰ হ'ব খুজিছিল নীলাই
খৰস্ৰোতা আন্ধাৰৰ শেষহীন দলঙ
তাইৰ কষ্ট দেখি হোৱা মোৰ কষ্টত
কষ্ট হৈছিল তাইৰ
গোপনে মুখ গুজি এৰি গৈছিল গাৰুত
দুচকুৰ ৰাতিৰ টোপ টোপ আন্ধাৰ
যিহেতু নীলাৰ পৃথিৱীত নোপজিল বেলি
পোহৰৰ প্ৰতিশ্ৰুতিৰে সময়ে তাইক
জীৱনৰ সিপাৰৰ পৃথিৱীলৈ লৈ গৈছিল বুটলি
বেলি য'ত সঁচাকৈ উঠা নমা কৰে পুৱা - গধুলি
মই জানোঁ
খবৰ নিদিয়াকৈ গুচি যোৱা সেই ৰাতিত
মোৰ কথা ভাবিয়েই নীলাই
বহুপৰ টুকিছিল আন্ধাৰৰ চকুপানী...
('নীলা'- অতনু ভট্টাচাৰ্যৰ গল্প 'নীলাৰ কাৰণে অলপ ভালপোৱা'ৰ এক অন্ধ নাৰী চৰিত্ৰ।)
কবি ৰাজীৱ ডেকাৰ 'নীলাৰ পৃথিৱী' কবিতাটি আৰম্ভণিৰ পৰা শেষলৈকে এক স্বাভাৱিক লয়ত বন্ধা। যদিও কবিতাটি কবিয়ে অতনু ভট্টাচাৰ্যৰ গল্প 'নীলাৰ কাৰণে অলপ ভালপোৱা'ৰ 'নীলা' চৰিত্ৰটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখিছে, তথাপি কবিতাটি স্বয়ং সম্পূৰ্ণ। কবিতাটিত প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰ দুয়োটাই দেখিবলৈ পোৱা গৈছে।
শাৰিৰীক প্ৰতিবন্ধকতা সহজ-সৰল জীৱন উদযাপনৰ বাধক হৈ উঠে। তীব্ৰ মানসিক মনোবল অবিহনে জীৱনৰ এই প্ৰত্যাহ্বানে কেতিয়াবা জীৱনক হৰুৱাই পেলায়। কবিতাটিত থকা 'নীলা'ও এগৰাকী শাৰিৰীকভাৱে অক্ষম অন্ধ ছোৱালী। 'নীলা'ৰ এই অন্ধ অৱস্থাক বুজাবলৈ কবিয়ে ব্যৱহাৰ কৰিছে ব্যঞ্জনাযুক্ত প্ৰতীকী শব্দৰ। 'বেলি' পৃথিৱী পোহৰাই ৰখাৰ অন্যতম জাগতিক শক্তি। সেই শক্তিক দেখি, বুজি অনুভৱ কৰিবলৈতো 'নীলা'ৰ দুচকু নহ'ল 'বেলি'। কবিৰ ভাষাৰে-
'নীলা'ৰ আকাশত নোপজিল বেলি'।
পোহৰৰ ৰঙেৰে সকলো কল্পনা কৰিব পৰাকৈ যিহেতু 'নীলা' বঞ্চিত সেয়ে সকলো তাই আন্ধাৰেৰেই সজালে। বিচাৰি ল'লে সকলোখিনি আন্ধাৰ ভাৱনাতে।
অন্ধ ভাবনাত সাজি লোৱা শূন্য আকাশখনত
পিন মাৰি থলে আন্ধাৰৰ এটি জোন আৰু এশটা তৰা
কবিৰ এই চিত্ৰকল্পত 'এটি জোন আৰু এশটা তৰা' কেৱল আকাশ উজলোৱা 'জোন' আৰু 'তৰা'ই নহয়। এই 'জোন' 'নীলা'ক প্ৰেমৰ পোহৰেৰে পোহৰাই তোলা বিশেষজন আৰু 'এশটা তৰা' বিশেষজনকলৈ দেখা সপোনবোৰ। কবিয়ে চিত্ৰকল্পৰ সহায়ত নোকোৱা কথাখিনিৰো ছবি এখন দাঙি ধৰে।
নেদেখা পোহৰকো আনকি
আন্ধাৰ সূতাৰে চকুৰ মণিত তাই থলে গুঠি
'নেদেখা পোহৰ'- কি এই নেদেখা পোহৰৰ কথা কবিয়ে বুজাইছে ? যি নেকি 'নীলা'ই গুঁঠি থৈছে তাইৰ চকুৰ মণিত। কবিৰ এই 'নেদেখা পোহৰ' এটি দেৱশিশুৰ পোহৰলৈ দিয়া ইংগিত।
'আৰ্চী' অৰ্থাৎ দাপোণ। পোহৰৰ প্ৰতিফলক। অবিকল প্ৰতিবিম্ব দেখুওৱা দাপোণ নিজক তুলি ধৰাৰ বা চোৱাৰ এক বিকল্পহীন ব্যৱস্থা। কিন্তু প্ৰতিফলিত নোহোৱা আন্ধাৰৰ বাবে 'আৰ্চী' অৰ্থহীন সামগ্ৰী 'নীলা'ৰ বাবে। তথাপি তাই দুখী নাছিল।
যদিও নীলাৰ ঘৰলৈ নাহিল এখনো আৰ্চী
......................
.......................
তথাপিও নীলা নাছিল অসুখী
মানুহৰ জীৱন বৰ্ণিল কৰি তোলা ৰং, এই ৰঙৰো কোনো ৰং 'নীলা'ৰ প্ৰিয় নাছিল। তাইৰ একান্ত ভালপোৱা পৃথিৱীখন সেউজীয়া ৰঙেৰে অনুভৱ কৰিবলৈ অক্ষমতাতো কিন্তু নীলাই অকলেই তাইৰ অন্তহীন আন্ধাৰ জীৱন পাৰ কৰিব বিচাৰিছিল। কবিৰ ভাষাত -
'খৰস্ৰোতা আন্ধাৰৰ শেষহীন দলঙ'
প্ৰেমৰ ৰং আৰু শক্তি অপৰূপ। ইজনৰ ৰং আন এজনলৈ বিয়পি পৰে অনায়াসে। সেয়েহে এজনৰ কষ্টত আন এজনে পাই বহুত কষ্ট। আৰু গোপনে অতি নিভৃতিত চকুলো টুকে। 'নীলা' আৰু কবিৰ এই মানসিক কষ্টত নীলাৰ দুচকুৰে নিগৰিছিল চকুলো।
'দুচকুৰ ৰাতিৰ টোপ টোপ আন্ধাৰ'
দিন-ৰাতিৰ স্বকীয় ৰূপ অনুভৱ কৰিব নোৱাৰা ক্ষেত্ৰত কবিৰ 'দুচকুৰ ৰাতিৰ' বাক্যাংশ মনকৰিবলগীয়া। আৰু 'টোপ টোপ আন্ধাৰ' বুলি কবিয়ে ইয়াত 'নীলা'ৰ দুচকুৰ আন্ধাৰৰ বিপৰীতে নেদেখা ভৱিষ্যতৰ কথা উল্লেখ কৰিছে যেন লাগে।
কবিতাটিৰ চতুৰ্থ স্তৱকটোৰ পৰা আৰু বেছি বিষাদ আৰু উৎকণ্ঠা আহি পৰিছে পাঠকৰ আগত। হঠাতে কিয় 'নীলা'ৰ জীৱন যতি পৰাৰ ইংগিত দিছে?
যিহেতু নীলাৰ পৃথিৱীত নোপজিল বেলি
পোহৰৰ প্ৰতিশ্ৰুতিৰে সময়ে তাইক
জীৱনৰ সিপাৰৰ পৃথিৱীলৈ লৈ গৈছিল বুটলি
বেলি য'ত সঁচাকৈ উঠা-নমা কৰে পুৱা-গধুলি
স্তৱকৰ প্ৰথম শাৰীৰ প্ৰথম পদ 'যিহেতু' এই পদটোৰে কবিয়ে 'নীলা'ৰ সীমাহীন হতাশা বুজাবলৈ চেষ্টা কৰিছে যেন বোধ হয়। পাৰিপাৰ্শ্বিকতাই হয়তো 'নীলা'ৰ মনৰ পোহৰো নাশ কৰি আন্ধাৰ বিয়পাই দিছিল। আৰু ইয়াক প্ৰতিহত কৰাৰ শক্তি হেৰুৱাই 'নীলা'ই বাট লৈছিল জীৱনৰ সিপাৰৰ পৃথিৱীলৈ সঁচা পোহৰ বিচাৰি।
কবিৰ সম্পৰ্ক 'নীলা'ৰ লগত ইমান কাষ চপা আছিল যে, কবিক একো খবৰ নিদিয়াকৈ আঁতৰি যোৱাৰ সেই বিশেষ ৰাতিটোতো কবিৰ কথা ভাবি 'নীলা'ই চকুপানী টুকিছিল। স্তৱকৰ 'মই জানোঁ'- এই বাক্যাংশই কবি আৰু 'নীলা'ৰ মাজৰ অতি নিকট সম্পৰ্কৰ কথাকে কৈছে।
উপসংহাৰ : সামগ্ৰিকভাৱে 'পুনৰীক্ষণ'ৰ এইটো খণ্ডৰ তিনিওটা কবিতাৰ পৰ্যালোচনা লক্ষ্য কৰিলে দেখা যায় প্ৰতিটো কবিতাই নিজস্ব শৈলীৰে সমৃদ্ধ। কবিতা যিহেতু জীৱনৰ গান, এই গানে যেন মানুহৰ ভিতৰ স্পৰ্শ কৰিব পাৰে তালৈ কবিসকলে লক্ষ্য ৰাখিব লাগে। কবিতাৰ আদৰ্শ পাঠকেই প্ৰকৃত কবিক সমৃদ্ধ কৰি তুলিব পাৰে। কিন্তু এজন কবিৰ বাবে আদৰ্শ পাঠক চিনাক্তকৰণ প্ৰক্ৰিয়াটো সহজসাধ্য নহয়। যাহওক চৰ্চা অব্যাহত ৰখাটোৱে কবিৰ ধৰ্ম।
~ কল্যাণী বৰ্মন
সদস্য, আখৰুৱা।
০৪/০৬/২০১৭
______________________________________________
ব্যৱস্থাপকৰ মন্তব্য:
--------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩) এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক)"শ্ৰমিক দিৱস",কবি-লীনা হাজৰিকা
খ) "হৃদয়",কবি-ৰেখা বৰুৱা
গ)"নীলাৰ পৃথিৱী",কবি-ৰাজীৱ ডেকা
কবিতা কেইটাত থকা ভুল বানান সমূহ:-
ক)শ্ৰমিক দিৱস-----
মাক্সবাদী>মাৰ্ক্সবাদী,অট্টনাদ>আৰ্তনাদ,হাহাঁকাৰ>হাহাকাৰ,বাণিজ্যি>বাণিজ্য,ঘৰিয়ালৰ>ঘঁৰিয়ালৰ,মবাইল>ম'বাইল,নিষ্কমা>নিষ্কৰ্মা
"গোকট্ গোন্ধ"----এই শব্দৰ সম্পৰ্কত কবিৰ মতামত আশা কৰা হ'ল ।
খ)"হৃদয়"কবিতাটিত 'হেৰুৱাৰ' সলনি 'হেৰুওৱাৰ' হ'ব লাগিছিল যেন বোধ হয়।কবিৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল।
গ)নীলাৰ পৃথিৱী------
গুনগুনাই>গুণগুণাই,ওঠত>ওঁঠত,গুঠি>গুঁঠি,
গুজি>গুঁজি,গধুলি>গধূলি
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
প্ৰশান্ত শৰ্মা
জোনমণি গগৈ
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৫ জুন¸ ২০১৭

No comments:
Post a Comment