Monday, 5 June 2017

ধৰ্ষিতা নাৰী ধৰ্ষিতা পৃথিৱীණ গায়ত্ৰী ফুকন



ধৰ্ষিতা নাৰী ধৰ্ষিতা পৃথিৱী





ধৰ্ষিতা নাৰীৰ দৰে
ধৰ্ষিতা পৃথিৱীৰ
কান্দোনত
আক্ৰোশ কৰে
বেলিটোৱে
বৰষুণে বিদ্ৰোহ কৰে
ধৰ্ষণ ক'ত হোৱা নাই,
জলাশয়,নদী,পাহাৰ
সকলোকে ধৰ্ষণ কৰি
বাঢ়ি আহিছে নগৰবোৰ
মানুহবোৰৰ লাহ-বিলাহ।
পৃথিৱীৰ তেজেৰে ৰাঙলী
ধৰ্ষক মানৱৰ
আধুনিকতাৰ কিৰিলি।


দোষীৰ কোনো শ্ৰেণী নাথাকে
ৰজা/ প্ৰজা/জাতি/ধৰ্ম
সকলোকে
শাস্তি বিহা হওঁক
যিয়ে ধৰ্ষন কৰিছে পৃথিৱীক
অৰণ্যমানৱ
যাদৱ পায়েঙক
পাতি দিয়া হওক
বিচাৰক
এখন আইন প্ৰণয়ন হওক
দুধৰ্ষ আইন
যাৰ নাম শুনিলেই
কপি উঠিব ধৰ্ষণকাৰী
ৰক্ষা হওঁক প্ৰকৃতি
ৰক্ষা হওঁক নাৰী
এখন আইন প্ৰণয়ন হওক
দুধৰ্ষ আইন
ধৰ্ষকৰ বিৰুদ্ধে।


বি:-
গায়ত্ৰী ফুকন

No comments:

Post a Comment