Sunday, 4 June 2017

তন্বীবালা নাচে উল্লাসেණজ্যোতিষ কুমাৰ দেৱ



তন্বীবালা নাচে উল্লাসে



বহ্নিশিখা ধাচে তন্বীবালা নাচে সৌ উল্লাসে
মুগ্ধ তাকে হেৰে স্তব্ধ মেঘ হাঁহিৰে উদ্ভাসে
শিঞ্জিনীৰ ৰৱ জিঞ্জিনি নভ মাঝে গুঞ্জৰে
বর্ণছটা ঘোৰ ঘনঘটা কনক পুঞ্জ ৰে
কুন্দমুঞ্জ প্রায় গন্ধ ভৃঙ্গই পায় উচ্ছাসে
মন্দাকিনী তীৰে ছন্দ কোনে নিজৰি ঝৰায়
দিগ্বিদিকত ফুৰে ঋক-বেদিক সুৰে গাই
সন্ধ্যাগগনৰ নন্দনবনৰ কি হৃষ্যা যে
উত্থিত কৰে পৃথ্বীক বৰে ছন্দিত সঞ্চাৰে
চঞ্চল-পদৰ মঞ্জু লয়ৰ মদ ঝংকাৰে
লজ্জা-তিৰোহিত সন্ধ্যাৰ কামোদিত সুহাসে
বৃন্দ-তৰা যত সান্ধ্য অমৰা-গত উল্লাসে
নৃত্য-গীত সভা মুক্ত ক্ষণপ্রভা সনিঃশ্বাসে
ইন্দ্রপুৰী আজি ভিন্ন ৰূপেৰে সাজি বিন্যাসে
কবি:-
জ্যোতিষ কুমাৰ দেৱ

No comments:

Post a Comment