গছবোৰ নাৰী নাৰীবোৰ গছ
গছবোৰ নাৰীৰ দৰে
শিপাই শিপাই ধনশিৰি ৰাগ মেলে
এপিয়লা আকাশ হৈ
হৃদয়ত পোখা মেলে , সেউজীয়া হৈ হাঁহে
ফুল হৈ সুবাস বিলাই
ৰ’দত ছাঁ দিয়ে
ভাগৰত বা দিয়ে
ভোকৰ বেলিকা দিয়ে বুকুৰ শাহ
নাৰীবোৰ গছৰ দৰে , উশাহত বাঢ়ি আহে
শিপা মেলি অৰণ্য হয়
ছাটি ধৰে সেউজীয়াৰ সোপানেৰে
আলষণীয়ে পোৱা জীৱনৰ
পানীমৰলী দুখবোৰক
আপোন ইচ্ছাৰে শুহি লৈ
অকাতৰে দি যাব পাৰে আপোনাক
আন্তৰিকতাৰ অক্সিজেন
গছবোৰ নাৰী , কোনোকালে মানুহ নহয়
নাৰীবোৰ গছ , কোনোকালে মানুহ নহয়
মানুহে মন গলেই
উজাৰ কৰিব খোজে গছবোৰ অথবা
ৰুই থব খোজে নাৰীবোৰ
মাথো সলাই লব নোৱাৰে বুকুবোৰ
গছৰ সতে অথবা নাৰীৰ সতে ৷
কবি:-
ණ দীপালী বৰা ৷
No comments:
Post a Comment