Monday, 5 June 2017

তোৰ মোৰ সমন্ধৰ শিপাණ নিভা গগৈ



তোৰ মোৰ সমন্ধৰ শিপা




পূৰৈয়াৰ দৰে বগাই মেৰিয়াই যেন ধৰোঁ
তোৰ সেই প্ৰাচীন পাহাৰীয়া সেউজীয়া বুকু
খুটিয়াই খুটিয়াই ভাগৰি
জিৰণিৰ নৈ খনত তোৰে সৈতে গা পখালি চাওঁ
দেখোঁ,জামুকলীয়া ওঁঠত মুঠি মুঠি গল্পবোৰ লমালমে কলিয়াই আছে
তাতে আশি আশি বিজুলীয়া হাঁহি,,,
তই চোন জানই
পলসীয়া মাটি মই
ৰোপিলেই ফুলো
কাটিলেই সৰো
জোনৰ দেশৰ পৰা পপীয়া তৰাহৈ সৰোঁ,,,,
তই আঁচল পাতি নধৰিলে
নিয়ৰৰ ফুল হৈ পুৱাতেই মৰোঁ,,,
,



নেলাগে দিব
শৰীৰ ধকা অলংকাৰ
শব্দেৰে চিনিম
শব্দৰে গাঁঠিম
তোৰ মোৰ সমন্ধৰ শিপা,,
,



জহাধান চপোৱা দিন এটাত আহিবি
একেলগে আকাশখন চাম
দুচকু মুদি কাণ উনাই শুনিবি
বতাহে শিকোৱা সুণগুটিৰ মিঠা প্ৰণয়ৰ গান,,
,



বনগীত এটি হৈ উফৰি আহিবি প্ৰতি পুৱা গধুলি
আগলতি কলাপাতত মৰমৰ প্ৰসাদ দি
তোৰ পাহাৰীয়া সেউজীয়া বুকুত মূৰ থৈ কান্দিম
পাৰিলে শুনিম পৃথিৱীৰ সাধু
অমাতৰ এষাৰি মাত
দুচকু জপাই গোন্ধ লম
আত্মিয়তাৰ মন্দিৰৰ সুগোন্ধিৰ প্ৰাৰ্থনা ৷৷


বি:-
নিভা গগৈ

No comments:

Post a Comment