বিৱৰ্তন
উজাই অহাৰ বাটটোতে
এদিন শাস্ত্ৰত পালোঁ জীৱহত্যা মহাপাপ
বলিকটা দাখন তিন-তিলিকতে লুকুৱাই পেলালোঁ
বিজ্ঞানৰ পূজাৰে
চিৰন্তন বিশ্বাসবোৰ বিসৰ্জন দি
আমি হৈ পৰিলোঁ আধুনিক মানুহ
প্ৰতাৰিত বুলি এবাৰো নভবাকৈ
বৰ সহজে ফাঁকি দিব পাৰি নিজক
দৰ্শাই ল’ব পাৰি প্ৰতিটো কামৰ্ হাজাৰ অজুহাত
বৰ্বৰতাক গৰিহণা দি
উপহাৰ দিব পাৰি অলেখ যন্ত্ৰণাহীন মৃত্যু
আমি যে আধুনিক মানুহ
আধুনিকতাৰ এই যাত্ৰাত
ডাৰউইনৰ ছাঁটোকে সাৰথি কৰি
দুৰ্বলীৰ বৰ্ণহীন ৰঙেৰে সজালোঁ বেদী
জুই সনা চকুৰে যাচিলোঁ অঞ্জলি
প্ৰসাৰিত দুবাহুৰে সাৱতি
মগজুৰ তীক্ষ্ণ তৰোৱালেৰে ৰেপিলো ডিঙি
আধুনিক মানুহে ওভতাই বোৱাব জানে নদী
কবি:-
ණ দুলাল হাজৰিকা ৷
No comments:
Post a Comment