Saturday, 10 June 2017

।।ভালপোৱা।।

।।ভালপোৱা।।
---ৰঞ্জন বৰ্মন
অসময়ত বুকুত কোনে বজাই বাঁহী
ছোঁ মাৰি আহি ফাগুনৰ পচোৱাজাকে কলে
ভালপোৱাই...
ভালপোৱাই...
কাৰ স্পৰ্শত বাগিচাৰ ফুলবোৰ ফুলে
পখিলাই পাখি মেলি উৰে
লাজ লাজকৈ মিচিকিয়া হাঁহি মাৰি ৰঙা গোলাপপাহিয়ে কলে
ভালপোৱাৰ...
ভালপোৱাৰ...
শুকান গছপাতবোৰ হুৰাই
লঠঙা ডালত কোনে সেউজীয়া পোচাক পিন্ধাই
ওৰণি টানি বসন্তই কলে
ভালপোৱাই...
ভালপোৱাই...
অভিমানত মুখ ওন্দোলাই কলা মেঘৰ ছবি অঁকা
আজলী ছোৱালীজনীক
কোনে ভৰিত নূপুৰ পিন্ধালে
শাওণৰ ভৰুণ আকাশে কলে
ভালপোৱাই...
ভালপোৱাই...
আৰু...
সপোনৰ কাচঘৰ ভাঙি
বুকুৰ জেউৰা পাৰ হৈ কোনে গুচি যায়
কেতেকী চৰাইজনীয়ে হিয়া বিদাৰী বিদাৰী কলে
ভালপোৱাই...
ভালপোৱাই....

No comments:

Post a Comment