Monday, 5 June 2017

নিজানৰ বীণණঅনিতা গগৈ




নিজানৰ বীণ




থক্ থককৈ কঁপি আছে
মেটেকানিৰ পৰা তুলি অনা
কাঁচিজোন যেন গধূলিটো
.
এচমকা ডাৱৰত পুতি থোৱা
পৰঙী জালত জ্বলি আছে
আগলি বাঁহৰ আগৰ
এজাক জোনাকী
.
ভিজা ভিজা সেই মাটিময় স্তব্ধতাত
উজুটি খোৱা বীণৰ তাঁৰবোৰে
মাটিৰ বুকু কুৰুকি কুৰুকি
আঁজুৰিছে এটি কুমতি
.
তাতে মুখ গুজি বহি আছে
সুৰে সুৱাগুৰি তোলা ঘাট
'ৰ পৰা দোভাগ ৰাতি
গা ধুই উঠি আহে তাই
.
ইনাই বিনাই
মোৰ বুকু খান্দি বিনোৱা
নিজানৰ বীণ যেন ছোৱালীজনী ...
কবি:-
অনিতা গগৈ







থক্ থককৈ কঁপি আছে
মেটেকানিৰ পৰা তুলি অনা
কাঁচিজোন যেন গধূলিটো
.
এচমকা ডাৱৰত পুতি থোৱা
পৰঙী জালত জ্বলি আছে
আগলি বাঁহৰ আগৰ
এজাক জোনাকী
.
ভিজা ভিজা সেই মাটিময় স্তব্ধতাত
উজুটি খোৱা বীণৰ তাঁৰবোৰে
মাটিৰ বুকু কুৰুকি কুৰুকি
আঁজুৰিছে এটি কুমতি
.
তাতে মুখ গুজি বহি আছে
সুৰে সুৱাগুৰি তোলা ঘাট
'ৰ পৰা দোভাগ ৰাতি
গা ধুই উঠি আহে তাই
.
ইনাই বিনাই
মোৰ বুকু খান্দি বিনোৱা
নিজানৰ বীণ যেন ছোৱালীজনী ...
কবি:-
অনিতা গগৈ

No comments:

Post a Comment