সাগৰ
কিয় নীলা
সাগৰৰ বুকুত নীলা
শুই থকাৰ পৰত…
সাগৰ: মোৰ
বুকুখনচোন তেনেই ভিজিলে৷ কিয় কান্দিছা নীলা? নাপাই নহয়৷ চাওঁ মোলৈ চোঁৱাচোন৷
কান্দি কান্দি
নীলাই সাগৰক সাৱটি ধৰি কৈ উঠে…
নীলা: নিশা আহিবলৈ
বেছি পৰ নাই৷ নিশাৰ আগমনে তোমাৰ জীৱনত মোৰ অস্তিত্ব নোহোৱা কৰি পেলায়৷ মই কষ্ট
পাওঁ৷
আলফুলকৈ সাগৰে
নীলাৰ চকুলো মচি ক’লে…
সাগৰ: নেকান্দিবা
নীলা মই তোমাৰ প্ৰেমক স্বীকৃতি দিলো৷ প্ৰতি দিনে মই মোৰ বুকুৰ উমেৰে তোমাক উমাল
কৰি ৰাখিম৷
তেতিয়াৰ পৰাই সাগৰ
এটি পৰ নীলা আৰু এটি পৰ ক’লা৷৷
নীলা: বৰ অসহনীয়
জানা৷ তোমাক যেতিয়া নিশাৰ স’তে অযুত তৰা লগত
লীলা খেলা কৰা দেখোঁ মই ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যাওঁ৷
সাগৰে মিচিকিয়া
হাঁহিৰে নীলাক সজুৰে সাৱতি ল’লে৷ নীলা সাগৰত
বিলিন হৈ গ’ল
কবি:-
ණচেবিনা য়াচমিন ।
No comments:
Post a Comment