Monday, 5 June 2017

শব্দৰ কোলাহলණ উইল চিদ্দিকুৰ ৰহমান



।।শব্দৰ কোলাহল।।



নিজানে নিতালে
শব্দৰ কোলাহলে
মোৰ বুকুত গানৰ ঘৰ সাজে।
সুৰুঙা পালেই কবিতাৰ সাজ পিন্ধি
ওলাই আহিব খোজে গান
বর্ষাসিক্ত আকাশৰ তলত
আহাৰৰ ঘামে তিতা গান
গানত হালে জালে
সজাল ধৰা কঠিয়াডৰা
আৰু
মাণিকী-মধুৰি ধান


মোৰ গান,
হুৰ হুৰ বতাচৰাই
মোৰ ধান নেখাবি
তোক দিম গোটা কৰাই


বুকুৰ পৰা বুকুলৈ
বিয়পিব খোজে মোৰ দুলাভাৰী গান
গানত ঐক্যতান
তৰাৰে জিলিকা আকাশৰ গান
জোনাকৰ গান
পানীত মাছ
মাটিত শইচৰ গান।
বি:-
উইল চিদ্দিকুৰ ৰহমান।

No comments:

Post a Comment