Friday, 9 June 2017

আলাপ

আলাপ
======
অৰণ্যবোৰ জয়াল
শব্দৰ আলাপ৷
সূৰ্য্যক আকোঁৱালি
এঙাৰহোৱা সময়বোৰে
তত হেৰুৱাই৷
জহি যায়
খহি যায়
লাজৰ ওৰণি৷
সূৰ্য্য অস্ত যায়৷
ৰাতিবোৰে সাৰ পায়৷
চহৰৰ ৰাতি মাতাল
অৰণ্যৰ ৰাতি জয়াল৷
চহৰবোৰ জ্বলাবলৈ সাৰে থাকে৷
অৰণ্যবোৰ জ্বলি জ্বলি সাৰে থাকে৷
আশা: চহৰবোৰ আকৌ অৰণ্য হব৷
অৰণ্যবোৰ আৰু গাঢ় হব৷
নিৰাশাঃস্বাৰ্থপৰতাৰ আঁচোৰত ক্ষত-বিক্ষত
সেউজীয়া৷
পুনশ্চ: সকলো ক্ৰিয়াৰে এক বিপৰীতমুখি
প্ৰতিক্ৰিয়া থাকে৷
প্ৰলাপ: চাপৰিলেই মেঘ নাঁতৰে৷
    ---ইন্দিৰা গোস্বামী
        নলবাৰী

No comments:

Post a Comment