Friday, 9 June 2017

%ঈশ্বৰক মৃত্যু দিয়ক%

%ঈশ্বৰক মৃত্যু দিয়ক%
---------------------------------
%
দিবাকৰ ৰেণু%

মানুহবিলাকে মানুহৰ পৰা দৌৰিছে
মনবোৰ উল্কাৰ দৰে খহি পৰিছে
সভ্যতাৰ মিছিলৰ পৰা---------
শিলবোৰ পাহাৰৰ পৰা বিচ্যুত হৈছে
ৰঙাফুলবোৰ বিদীৰ্ণ হৈছে----
তেজৰ সৰোবৰত শিল আৰু ফুলৰ দৰে মানুহ বোৰ
উপঙিছে-------
আধাপোৰা দেহত
জাকপাতি মাখিবোৰ বহিছে
উভচৰে আচুৰিছে দীঘল চুলি
গেৰুৱা আৰু নীলা কাপোৰৰ পতাকা
উৰিছে ৰাজপথ,শ্মশানে,ঘৰে-----
সকলোৱে সমস্বৰে চিঞৰিছে
হজৰত আৰু ভগৱানৰ সহজ নাম
জোক বিলাকে বিচাৰিছে দুয়োৰে উত্তপ্ত
তেজ----------
নিৎসে কোৱাৰ দৰে কোনোৱে কাছাৰী,
গনেশগুৰি,পানবজাৰত দামামা বজাই কৈ
'ল--শুনক ,শুনক,শুনক
ঈশ্বৰৰ মৃত্যু হৈছে------
চাইৰেন বজাই এদল মৃতদেহ সোমাই শুই থাকে
জি এম চি ৰ ম'ৰ্গত
পোৰা মঙহৰ অৱশিষ্টলৈ শ্লোগান আওৰাই
দিছপুৰ কপাইতোলে
জীৱন মৃত্যুৰ ফেৰীৱালাই------
উভচৰ সকলক গচকি মাৰ!
ঈশ্বৰ আল্লাহক কাৰাৰূব্ধ কৰক
দুয়োকে মৃত্যুদণ্ড দিয়ক
(
ৰচনাকাল ১২-১১-০৮ তাৰিখত )

No comments:

Post a Comment