Monday, 5 June 2017

পাঠকৰ মনৰ কথা: জুন, ২০১৭ প্ৰথম বছৰ, চতুৰ্থ সংখ্যা :



আখৰুৱাৰ পাঠকৰ ভাৱৰ বুৰবুৰনি:
পাঠকৰ মনৰ কথা: জুন, ২০১৭
প্ৰথম বছৰ, চতুৰ্থ সংখ্যা :
এইবাৰৰ মনৰ কথা কোৱা পাঠক: দীপাংকৰ দত্ত
কবিতাৰ বিশাল পৰিব্যাপ্তি আৰু পাঠ :
কাব্যপাঠে এক বিশাল পৰিব্যাপ্তিৰ সৈতে চিনাকি কৰাই দিয়ে নে পৰিব্যাপ্তিৰ বিশালতাৰ গৰ্ভত জীণ নিয়ায়, সেই কথা ক'বলৈও এক অধ্যয়নপুষ্ট মানসিকতাৰ প্ৰয়োজন ৷ কাব্যপাঠ এক মানসিক সন্তুলন ; এক কথাত, আমাৰ চেতনাৰ তন্ত্ৰীত তৰংগায়িত কৰিব পৰা সাংগীতিক ঘৰ্ষণ ৷ কবিতাত পঠনৰ গুৰুত্বই সৰ্বাধিক, হীৰুদাই কৈছে- *পাঠেই কবিতাক পূৰ্ণত্ব প্ৰদান কৰে* ৷ কবিতা এটা পঢ়োঁতে আমি তিনিটা স্তৰ অতিক্ৰম কৰোঁ-
প্ৰথম, কবিগৰাকী কোন, অৰ্থাৎ কাব্যৰ স্ৰষ্টাৰ সৈতে পঢ়ুৱৈৰ পৰিচয় ঘটে, প্ৰথম এই স্তৰতে কবিজনৰ সৈতে পাঠকৰ প্ৰথম পৰিচয় ;
দ্বিতীয়তে, কবিতাটো, ইয়াত পাঠকজনে কবিতাটোৰ বিষয়, আংগিক, মেদ, জড়তা অথবা স্বাভাৱিকতা ইত্যাদি লক্ষ্য কৰে ; তৃতীয়টো স্তৰত কবিতাটো সম্পৰ্কে পাঠকজনৰ মনত এক ভাবৰ সৃষ্টি হয়, এয়াই সাধাৰণতে কাব্যপাঠৰ বিদ্যায়তনিক পৰম্পৰা ৷
কবিতা এটা পাঠ কৰোঁতে আমি বিভিন্ন সময়ত বিভিন্ন অৰ্থ উলিয়াই লওঁ ৷ 'ভুলতে তোমাক বিছনাখনত খেপিয়াই ফুৰিছিলোঁ', কবিৰ মনৰ কাল-নিৰূপিত এই অভিব্যঞ্জনাশাৰী সম্পৰ্কে আমি সামূহিক কাব্যপাঠৰ প্ৰাথমিক পৰ্যায়ত যি অৰ্থ উলিয়াই লৈছিলোঁ, সেয়া এতিয়া নতুন অৰ্থৰ মফচল আৱিৰ্ভাৱত নিস্ফলপ্ৰায় ৷
কথনীয় যে প্ৰাচ্য সাহিত্যত কাব্যপাঠৰ গুৰুত্ব আধুনিক কবিতাৰ আৰম্ভণিৰ সময়ৰে পৰা এক বিতৰ্কিত বিষয় ৷ কবিতা পাঠে আমাক আনন্দ দিয়ে নে চিন্তাৰ উন্মেষ ঘটায়, এই অনুসন্ধিৎসাও কাব্য সমালোচকৰ বাবে এক জটিল বিষয় ৷ কিন্তু, চূড়ান্ত পৰ্যায়ত যে এই দুয়োটা ফলাফলে সম্ভৱ- এই সম্পৰ্কেও তেওঁলোকে আলোচনা আগবঢ়াইছে ৷ ৰস বিচাৰ তত্ত্বইও কবিতাৰ আনন্দমুখী উদ্দেশ্যক প্ৰতিনিয়ত প্ৰতিনিধিত্ব কৰে ৷ কবিতাত চিন্তাৰ জগতখন কিছু ৰহস্যৰে ভৰা ৷ এই চিন্তা কিজানি দৰ্শনশাস্ত্ৰৰ চিন্তা নহয়, কিন্তু সম্পূৰ্ণ মৌলিকো নহয় ৷
'আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সীৰলুত আমি সাৰ পাম, সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত জাতিস্মৰৰ হাঁহি উঠা সাধু' -এই অভিধাত আমি এক বিশাল চিন্তকৰ স'তে মুখামুখি হওঁ ৷ ভৱিষ্যৎমুখী আশাৰ সমসাময়িক উদ্দেশ্যকল্পিত চিন্তাৰ যি তলসুঁতীয়া ঢৌ আমি অভিধাটোত দেখিবলৈ পাওঁ, সেইটোৱে সমসাময়িক কাব্য জগতখনৰ চিন্তা সম্পৰ্কে প্ৰাথমিক পৰিচয়সূচক মান্যতা প্ৰদান কৰে ৷ সি যি কি নহওক, কবিতা পাঠৰ এক পৰিশীলিত উদ্দেশ্য আছে, হয়তো কবিতাক গণমুখী কৰি জনসমাজত প্ৰতিষ্ঠা কৰাই কাব্যপাঠৰ সাৰ্বজনীন উদ্দেশ্য ৷

:
দীপাংকৰ দত্ত সদস্য , আখৰুৱা
ব্যৱস্থাপকৰ মন্তব্যঃ
১) লিখনিত সন্নিৱিষ্ট মন্তব্যৰ দায়িত্ব লিখকৰ ওপৰত ন্যস্ত থাকিব।
২) এই শিতানে সামৰি লোৱা বক্তব্যত থকা বানানৰ ভুল দেখিলে, আখৰুৱাৰ মাননীয় সদস্যসকলক সেয়া আঙুলিয়াই দিবলৈ অনুৰোধ কৰিলোঁ।
৩) শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত পাঠকসকলে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
৪) 'পাঠকৰ মনৰ কথা' শিতানলৈ লিখনি পঠিয়াব বিচৰা আগ্ৰহী সদস্যসকলে pathakarmanorkatha@gmail.com এই ইমেইল ঠিকনালৈ নতুবা শিতানৰ ব্যৱস্থাপকৰ বাৰ্তা-বাকচলৈ বা ৮১৩৩০৬৩৬৪৬ নম্বৰত হোৱাটছএপত লিখনি পঠিয়াব পাৰিব।
৫) সিদ্ধান্ত অনুসৰি সদ্যহতে প্ৰতি মাহৰ প্ৰথমটো দেওবাৰে 'পাঠকৰ মনৰ কথা' আখৰুৱাত প্ৰকাশ কৰা হ'ব।
আশা কৰোঁ আখৰুৱাৰ মাননীয় সদস্যসকলে 'পাঠকৰ মনৰ কথা' শিতানৰ সৈতে সহযোগ কৰিৰ আৰু শিতানটো আদৰি ল'ব।
ধন্যবাদ
হিমাংশু ভাগৱতী
ব্যৱস্থাপক, পাঠকৰ মনৰ কথা,
আখৰুৱা : literati
৪ জুন, ২০১৭

No comments:

Post a Comment