Thursday, 1 June 2017

বোলাইছিলা কেনেকৈ যুগজয়ী এই সজীৱতাණৰৌচন আৰা বেগম



বোলাইছিলা কেনেকৈ যুগজয়ী এই সজীৱতা



পাৰ হৈ যোৱা সৌ বতাহৰ ঢৌবোৰক সোধা
কাষলৈ চাপি অহা পোহৰকণাক সোধা
তুমি বিচাৰিলে নির্জনতা আৰু এন্ধাৰকো সুধি চাব পাৰা
বেদনা আৰু দুর্যোগেও জানিব পাৰে
নিৰন্তৰে বৈ থকা সেই সাহসৰ উৎসৰ কথা
নৈখনৰ কাষলৈ যাওঁতে বতাহজাকে তাইক জোকাইছিল!
বোৱতি পানীয়ে বুকুত তাইৰ ছবি আঁকিছিল!
অৰণ্যৰ বুকুত এপাহি ফুলৰ দৰে
নিশ্চিন্তে শুই থাকোতে ৰাতি
এন্ধাৰকো দেখিছিলো মৰমৰ দুহাত
কপালত বোলাই দিছিল!
বুকুৱে-পিঠিয়ে শালি থৈ এমুঠি শৰ
নিৰীহ নিস্পাপ পাহিবোৰ ছেদেলি-ভেদেলি কৰি
কোন সেইজন নিঠুৰ ব্যাধ
ৰপৰা আহি কেনি গৈছিল আতৰি !
হেৰুৱাই হেৰুৱাই কেনেকৈ বিচাৰি
পাইছিল তাইৰ ৰাজহাড় !
কাড়বিদ্ধ শৰীৰটোৰে বেদনা আৰু দুর্যোগৰপৰা
পলাই কেনেকৈ সাৰিছিল ?
শিং যোৰে বাৰু তাইক ৰক্ষা কৰিব পাৰিছিলনে!
আনে নেদেখাকৈ আনে নুশুনাকৈ
কেতিয়াবা নিৰলাত নিচুকাইছিলনে ?
ৰপৰা আহে সেই সুৰ যি বিষাদৰ মাজতো
ৰিণি ৰিণিকৈ বাজি থাকে
আৰু কেতিয়াবা তৈলচিত্রত, কেতিয়াবা পানীৰঙত
সংগীতৰ মূর্ছনাৰে উদীপ্ত হৈ উঠে।
এনে কি সুধাৰে বুৰাই লৈছিলা যুগজয়ী এই সজীৱতা ।
(মেক্সিকান চিত্রশিল্পী ফ্রিডা কাহ্ল‘A wounded deer’
দ্বাৰা অনুপ্রাণিত হৈ লিখা)
কবি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment