এপাহি গোলাপ তুমি
কিয়বা নক'ম এপাহি গোলাপ
কি সূৰে সজোৱা-পৰোৱা পাৰিজাত বুকুৰে আলাপ
কি সূৰে সজোৱা-পৰোৱা পাৰিজাত বুকুৰে আলাপ
দি যোৱা ধিৰে ধিৰে
মধুৰ গুঞ্জনত
ফুলি ৰোৱা সেই কোন কাহানিতে বুকুৰ দাপোণত
ফুলি ৰোৱা সেই কোন কাহানিতে বুকুৰ দাপোণত
নদী হৈ বয় সেই
চকুযুৰি সাগৰ নীলা
প্ৰভাতী পক্ষীৰ সূৰেৰে আহে নামি এজাক বসন্ত-বৰষা
প্ৰভাতী পক্ষীৰ সূৰেৰে আহে নামি এজাক বসন্ত-বৰষা
যেন ফাগুনৰ পচোৱাৰ
দৰে নিচেই কাষেৰে
সৰি পৰে পূৰ্ণিমাৰ জোন মেঘৰ ওৰণিৰে
সৰি পৰে পূৰ্ণিমাৰ জোন মেঘৰ ওৰণিৰে
পূৰ্ণ অনুভৱত
চেচাঁ একাঁজলী ভালপোৱা অনুমান
হৈ পৰে চিন্ময় তৰাবুলীয়া সপোন এজাক নিতৌ মগন
হৈ পৰে চিন্ময় তৰাবুলীয়া সপোন এজাক নিতৌ মগন
কিচ্ কিচিয়া
চুলিটাৰি উৰি যায় কোনোবা অচিনা দেশলৈ
উজ্জলি উঠে স্পন্দন বুকুৰ সেউজ কাননত নানাৰঙী হৈ
উজ্জলি উঠে স্পন্দন বুকুৰ সেউজ কাননত নানাৰঙী হৈ
সৰল-নিভাজ
হাঁহিথুপি সোণাৰুৰ ডালিমগুটি ভৰা
থিক কিবা দেখি নিৰিবিলি মন একান্ত বিভূৰ
মৌ-পাহি মেলা ফুলনিৰ প্ৰাণোচ্ছল উশাহ গভীৰ । ।
থিক কিবা দেখি নিৰিবিলি মন একান্ত বিভূৰ
মৌ-পাহি মেলা ফুলনিৰ প্ৰাণোচ্ছল উশাহ গভীৰ । ।
কবি:
ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment