"অপতৃণ "
ৰাতিপুৱাই
আনোৱাৰাই বিছনাৰ পৰাই চিঞৰি আছে । কানষাৰ দিওঁতা হে নাই । ডাঙৰ দুয়োটা চাগে চেলিমৰ জুৱাৰ আড্ডালৈ গ'লেই । সৰুটোৱেও অকণমান মাতটো গলগলীয়া হোৱাৰ পৰাই আগৰদৰে কথাবোৰ কাণ নিদিয়া হৈছে । ইফালে
আনোৱাৰাৰ চিন্তা, সোনকালে গৈ মছজিদৰ সন্মুখত নৰ'লে তাইৰ দৰে বহুত গোট খাব, তাতে ৰমজানৰ মাহো চলি আছে । বহুদেৰিলৈ কাৰো একো গম পিত নাপাই খঙতে ওচৰতে থকা খালী গিলাচটোকে বেৰলৈ মাৰি দিলে । পুৰণি টিঙৰ বেৰত হোৱা
শব্দটো শুনি সৰুটো ল'ৰা দৌৰি আহিল । পুতেকক ওচৰতে দেখি আনোৱাৰাই গালি আৰম্ভ কৰিলেই "ক'ত মৰি আছিলিগে, নাজান আজি শুক্ৰবাৰ, ব'ল মোক সোনকালে লৈ ব'ল "। কথা কেইষাৰ শুনি পুতেক গৰগৰাই উঠি ক'লে "নাযাওঁ যা , মোৰ এইবোৰ লাজ লাগে "। এইবাৰ কিন্তু আনোৱাৰাৰ খঙতো আগতকৈ বেছিকেহে উঠিল ।
"লাজ লাগে হুঁহ, ইমান দিনে এই বেমাৰীজনীৰ ঘটনত খাবলৈ লাজ লগা নাই, ফুটপাথৰ দোকানত গাড়ীয়ে মহতিয়াই নি কঁকালৰ তলডোখৰ মাৰি পেলোৱাৰ
পাছতো মই তঁহতক খোৱাবলৈকো জী আছো নেকি ? তিনিটা নিধকৰ এটায়ো ভাৱি চাইচনে এবাৰ" । এইবাৰ ল'ৰাটোৱে একো নক'লে, ডাংকোলা কৰি মাকক লৈ ওচৰতে থকা চকা লগা
সৰু ঠেলা খনত বহুৱাই বাহিৰলৈ লাহে লাহে ঠেলি আনিলে ।
কবি:-
ණমধুমণি কলিতা ।
No comments:
Post a Comment