চানেকি: সাতসৰী, জুন, ২০১৭
‘সাতসৰী’ আলোচনীৰ কবিতাৰ পৰ্যালোচনা
পৰ্যালোচক- মুহি শইকীয়া
সদস্য, আখৰুৱা
°°°°°°°°°°°°°°°°
‘সাতসৰী’ আলোচনীৰ কবিতাৰ পৰ্যালোচনা
পৰ্যালোচক- মুহি শইকীয়া
সদস্য, আখৰুৱা
°°°°°°°°°°°°°°°°
আখৰুৱাৰ জুন, ২০১৭ সংখ্যাৰ "চানেকি" শিতানত
"আখৰুৱা" গোটৰ প্ৰশাসকৰ আহ্বান ক্ৰমে আমি জুন মাহৰ কবিতাৰ পৰ্যালোচনাৰ দ্বায়িত্ব গ্ৰহণ কৰিছিলোঁ। আখৰুৱা গোটৰ এই ব্যতিক্ৰমধৰ্মী পদক্ষেপে ছপা
মাধ্যম আৰু social media-ৰ মাজত এক যোগসূত্ৰ স্থাপন কৰি গোটটোৰ সদস্যসকলৰ বাবে কবিতা চৰ্চাৰ
এখন ক্ষেত্ৰ সৃষ্টি কৰিছে। আখৰুৱাৰ এই প্ৰয়াস অৱশ্যে
আনৰ বাবেও অনুকৰণীয় হৈ ৰ'ব। আখৰুৱাৰ জুন ২০১৭ সংখ্যাৰ "চানেকি" শিতানত
আগশাৰীৰ অসমীয়া আলোচনী "সাতসৰী"ৰ পৰা আলোচনাৰ কাৰণে
নিৰ্বাচন কৰি ল’লোঁ বৈদ্য ব্ৰাইট বুঢ়াগোহাঁইৰ কবিতা "ভ্ৰমৰ-ভ্ৰমণ"। কবিতাৰ
পৰ্যালোচনা কৰা ইমান সহজ বিষয় নহয়। আমাৰ এই পৰ্যালোচনাত অজানিতে হ'ব পৰা ভুলৰ বাবে ক্ষমা কৰিব।
----------------
ভ্ৰমৰ-ভ্ৰমণ :
বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই
--------
এই কণমান পোহৰৰ পৰাই আৰম্ভ হ'ব মোৰ যাত্ৰা
----------------
ভ্ৰমৰ-ভ্ৰমণ :
বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই
--------
এই কণমান পোহৰৰ পৰাই আৰম্ভ হ'ব মোৰ যাত্ৰা
ধোঁৱাৰ সাগৰ যেন
সন্মুখ
তোমাক মনত কৰাৰ
আগতে কুণ্ডলী পকোৱা
বগী নাচনী নৃত্য লাহী ঢৌ
বগী নাচনী নৃত্য লাহী ঢৌ
যদি কৈ পেলাওঁ এই
ৰাতি এই এন্ধাৰ
কেৱল তোমাৰ আৰু তোমাৰেই
কেৱল তোমাৰ আৰু তোমাৰেই
তাৰ পিছত কেৱল
ভ্ৰম
আৰু ভ্ৰমৰ- ভ্ৰমণ
---------------
আৰু ভ্ৰমৰ- ভ্ৰমণ
---------------
এটি নাতিদীৰ্ঘ
ভাবঘন কবিতা। সাধাৰণ পাঠকৰ বাবে কবিতাটিৰ পাঠোদ্ধাৰ নিতান্তই জটিল হ'ব বুলি মনে ধৰে।
কবিয়ে পোহৰ আৰু এন্ধাৰৰ কোঁহ-কাল
পৰিস্থিতি এটাক পাঠকৰ মন-মগজুত বৈদ্যুতিক প্ৰবাহ তুলিছে। কবিৰ সন্মুখৰ বাট ধোঁৱাৰে ধূসৰিত, চৰ্ম চকুৰে যি ক্ষীণ পোহৰ দেখি, সেই কণ পোহৰতে আৰম্ভ হয় কবিৰ যাত্ৰা। যি যাত্ৰাই ভ্ৰমণ কৰে জীৱনক, যি যাত্ৰাৰ কোনো পূৰ্বাভাস নাথাকে, থাকে কেৱল কল্পিত দিগন্তৰ ৰেখাচিত্ৰ।
হঠাৎ দেখা আলোকেৰে আৰম্ভ হোৱা এই যাত্ৰাৰ পূৰ্বে কবিৰ বাট
ভেটি ধোঁৱাই এগৰাকী নৃত্য পটীয়সী নাৰীৰ দৰে কুণ্ডলী পকাই আকাশলৈ উৰি কবিক মোহাছন্ন কৰিছিল। কবিৰ ভাষাত "তোমাক মনত(মন?) কৰাৰ আগতে/ কুণ্ডলী পকোৱা/ বগী নাচনী/
নৃত্য লাহী ঢৌ”। কবিৰ বক্তব্যই ক'ব খুজিছে যে পোহৰ দেখাৰ আগে তেওঁ বন্দী
আছিল মায়াৰ জতুগৃহত। কিন্তু পোহৰৰ জেউতিয়ে কবিৰ
চেতনাক উত্তৰণ ঘটাই আন্ধাৰ-আচ্ছাদিত পৰিধিৰ পৰা তেওঁ মুক্তি পথ প্ৰশস্ত কৰি দিলে। এই দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে নিশ্চিত হ'ব পাৰি যে এই পোহৰ জ্ঞানৰ, এই পোহৰ প্ৰগতিৰ
যি পোহৰে প্ৰগতিৰ বাট কাটি মানুহৰ জীৱন শৈলী
বৈচিত্ৰময় কৰি তুলে। কিন্তু কবিয়ে এই পোহৰতো আস্থা হেৰুৱাইছে। জ্ঞান বিজ্ঞানে মানুহৰ যিদৰে উন্নতি সাধিছে তাৰ সামান্তৰাল ভাবে আন এক এন্ধাৰে চানি
ধৰিছে জগতক। কবিয়ে এই এন্ধাৰৰ বাবে পোহৰকেই জগৰীয়া কৰি ক'ব খোজে "যদি কৈ পেলাওঁ এই ৰাতি/ এই এন্ধাৰ/ কেৱল তোমাৰ আৰু তোমাৰেই"। পোহৰৰ পৰা পুনৰ
এন্ধাৰলৈ প্ৰত্যাৱৰ্তন হোৱা এই পৰিক্ৰমাই অৰ্থশূন্য কৰি তুলিছে মানুহৰ
চৈতন্য যাত্ৰাক। অস্থিৰতা আৰু সংশয়ত আক্ৰান্ত যুগসন্ধিত মানুহৰ ছন্দ-ভ্ৰম ঘটি স্বপ্নচাৰিতাত ভোগাৰ দৰে মানুহে চকু মুদি উদ্দেশ্যহীন যাত্ৰাত
একাত্ম হৈ অস্তিত্বমূল বিষাদত ডুবি সংজ্ঞাহীন হৈছে। কবিয়ে কোৱাৰ দৰে ই ঠিক "ভ্ৰমৰ ভ্ৰমণ"। মানুহ
মানুহৰ মাজতে হেৰাই যোৱাৰ এই প্ৰক্ৰিয়াই মানুহক আদৰ্শ
আৰু ধ্ৰুপদী সংযমৰ পৰা বহু নিলগলৈ প্ৰক্ষেপ কৰিব বুলি সন্দিহান হৈছে।
কবিয়ে আঠোটা শাৰীৰ কবিতাটিত সৰল শব্দৰ ব্যৱহাৰে
কবিতাটোক মননশীল কৰি তুলিছে যদিও ইয়াৰ ভাব সৰল হৈ থকা নাই। মেদহীন আধুনিক কবিতাৰ চৰিত্ৰৰে ব্যঞ্জনাৰে চহকী এটি সুন্দৰ কবিতা। কবিয়ে অনু কবিতাটিৰ
আত্মাত ন্যায় আৰু নৈতিকতাৰ কঠোৰ সকীয়নি এটা সী দি অংকন কৰিছে জীৱনৰ ক্ষণভংগুৰতাৰ চিত্ৰ এখন। কোনো বিমূৰ্ত দৰ্শন বা ৰূপকথাৰ আশ্ৰয় নোলোৱাকৈ কবিৰ
নিজা কাব্যিক ভংগীমাৰে কবিতাৰ বাস্তৱবোধক অধিক গভীৰতালৈ যে লৈ যাব পাৰি তাৰ নিৰ্দশন এই "ভ্ৰমৰ ভ্ৰমণ"।
°°°°°°°°°°°°°°°°°ব্যৱস্থাপকৰ টোকা---
'আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি কবি মুহি শইকীয়াই আখৰুৱাৰ বাবে প্ৰথমবাৰলৈ যুগুতোৱা ‘সাতসৰী’ আলোচনীৰ জুন, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হ’ল৷ মাননীয় সকলো সদস্যৰে সহযোগিতা আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায়ক হ’ব। পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ…
অচ্যুত মাধৱ দাস
পাৰ্থ প্ৰতিম কলিতা
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
১১ জুন,২০১৭
°°°°°°°°°°
No comments:
Post a Comment