Saturday, 4 February 2017

“তোমাক ভাল পাওঁ বাবেই” কবি:-ණ মাধৱ দত্ত ৷৷

তোমাক ভাল পাওঁ বাবেই
তোমাক ভাল পাওঁ বাবেই
আজিও জীয়াই আছোঁ
বিদিৰ্ণ সময়ৰ বোকোচাত উঠি -
নিতৌ
পূৱৰ ৰঙা বেলি
পশ্চিমৰ হেঙুলীয়া বেলিত
নিজস্বতাক
নিসংগতাক
একাকিকত্বাক
তৰ্পণ কৰিছোঁ ৷
তোমাক ভাল পাওঁ বাবেই
জীয়াই আছোঁ ;
জীৱনৰ নাটঘৰত
নিত্য নতুন নাটকৰ ভাৱৰীয়া হৈছোঁ !!
ভাও দিছোঁ -
কেতিয়াবা হাস্যৰসৰ,
কেতিয়াবা কাৰুণ্যৰ,
কেতিয়াবা ......
কেতিয়াবা সন্মিলিত নৱৰসৰ ৷
অদূৰত সৌৱা -
তোমাৰ নিস্তব্ধ মৰিশালী ,
নিৰৱে
নিতালে
শুই আছা তুমি
মোৰ ক্ৰন্দনৰ উৎস বিচাৰি !!!!
নিশিকালা
ভয়ত কেনেকৈ
মমতাময়ীৰ কোলাত মুখ গুজিব পাৰি !
শিকাই গ'লা যুঁজিবলৈ
হাৰি হাৰি জিকিবলৈ,
এনেকৈয়ে !
জীৱনত এনেকৈয়ে বুলি ভাৱিবলৈ
মা !
তথাপি তোমাক ভাল পাওঁ,
বহুত ভালপাওঁ ;
নিজতকৈও ৷
সময় পালে আহিবা কেতিয়াবা ৷
মোৰ জীৱন ৰথৰ চকৰী
কেনেকৈ ঘূৰিছে ,
মোৰ দুচকুত
কাৰ তপত নিস্বাস লাগি আছে ,
তোমাৰ সন্তানে
দোভাগ ৰাতি কাৰ সপোন ৰচে
এবাৰ চাই যাবাহি -
মাথোঁ এবাৰ
মাথোঁ এবাৰ !
পুনশ্চ: - তোমাক ভাল পাওঁ বাবেই মোৰ এই
অ কবিতা ৷
মা,
তোমাক বহুত ভাল পাওঁ ৷


বি:-মাধৱ দত্ত ৷৷

No comments:

Post a Comment