গল্ফীৰ ডায়েৰি:
মোৰ ছয়খন ঠাইৰ নাম প্ৰায়ে খেলি মেলি লাগে -- "বৰপেটা-ধুবুৰী" ,"চিলাপথাৰ-কোচবিহাৰ" আৰু "গহপুৰ-গোগামুখ"৷
মোৰ ছয়খন ঠাইৰ নাম প্ৰায়ে খেলি মেলি লাগে -- "বৰপেটা-ধুবুৰী" ,"চিলাপথাৰ-কোচবিহাৰ" আৰু "গহপুৰ-গোগামুখ"৷
মোৰ ভাইটি এটা
বৰপেটাত চাকৰি কৰে আৰু মই প্ৰায়ে ফোন কৰিলে তাক সুধোঁ -- ধুবুৰীত আছানে?
মোৰ ভন্টী এজনীৰ
ঘৰ চিলাপথাৰত৷ কোনোবাই যদি মোক সুধে -- "ভন্টী জনীৰ ঘৰ ক'ত?" মই সদায়ে প্ৰথমে কওঁ -- কোচবিহাৰত ..
এবাৰ মই তেজপুৰৰ
পৰা লখিমপুৰলৈ আহি আছোঁ বাছেৰে৷ গহপুৰ পাওঁতে মায়ে ফোন কৰি সুধিলে -- "ক'ত পাইছ'হি?"মই ক'লো
--"গোগামুখ" ..মায়ে আচৰিত হৈ সুধিলে --"ওলোটাকৈ কেনেকৈ আহিলি?"
No comments:
Post a Comment