Wednesday, 1 February 2017

“জঁটাধাৰী” কবি:- ✍ দেৱজিত বাণিক্য ।

জঁটাধাৰী
গৰলৰ তীব্ৰতাৰে নীলা হোৱা যাৰ কন্ঠ
ভস্মৰ ছাইৰে অঁকা শৰীৰৰ ছবি যাৰ
জগতৰ সমস্ত কথাৰ পকনীয়া শিপাই
মুৰৰ চুলিত জঁট বান্ধে যাৰ
ভাঙৰ নিচাত ডুবাই ৰাখে
কোনেও চুব নোৱাৰাকৈ যিয়ে
মনৰ পবিত্ৰতা তেৱেই জঁটাধাৰী
.
'ৰ পৰা আৰম্ভ কৰিছিল
তেওঁ পোৰা ভস্ম সনা বেপৰৱা অবিচল যাত্ৰা
সমগ্ৰ জগতৰ কথাৰ পকনীয়াৰে জঁটা বান্ধি
বহি পৰে তেওঁ শুভ্ৰ পৰ্বতখনৰ উচ্চতাত
আৰু ধ্যানস্থ হয় কথাৰ আদিমূল সোঁৱৰি
.
সকলো কথা সৃষ্টিৰ
সকলো কথাৰ সৃষ্ট
.
তেওঁৰ চিধা কথাবোৰ ভয়ৰ কাৰণ
নিঃকিনৰ দোৰোলৰ নৈবেদ্যৰে
অহংকাৰী হ'ব খোজে যিসকলে
তেওঁৰ পোণ দৃষ্টিৰ পোণ কথাবোৰ
জুই,ধোঁৱা,ছাইৰ কাৰণ আছিল যিদৰে,
সিদৰে বলুকাক পানীয়ে বুৰোৱাৰ কাৰণ আছিল
.
বুকুৰ পৰা সহজে ওলাব পৰা
চিধা কথাৰ ধৰাল তীক্ষ্নতাৰ বাবেই তেওঁ
পান কৰিব পাৰিছিল সহজ ভাৱেই
ত্ৰিলোক নিঃশেষ কৰিব পৰা বেকা কথাৰ বিষবোৰ
আৰু সেয়া কণ্ঠত বাৰণ কৰি হৈ পৰিছিল নীলকণ্ঠী
.
একমাত্ৰ আবুৰহীন চৰিত্ৰৰ স্বচ্ছতাৰ বাবেই
জগতে নাম দিছিল তেওঁক ভঙুৱা ভোলানাথ
.
আগ-গুৰহীন বেকা কথাবোৰ
তেওঁৰ চুলিত জঁট বান্ধিছিল
জগত কৰ্কশ অন্ধকাৰত__
শেষ নহবলৈ পোহৰৰ শীতলতা
মৰুৰ ৰূক্ষতাত শুকাই__
শেষ নহবলৈ পানীৰ দৰে পবিত্ৰ প্ৰাৰ্থনা
সকলো ভৰ মুৰত কঢ়িয়াই ফুৰাৰ অফুৰন্ত পৰিকল্পনা
.
তেওঁ বিচৰা নাছিল
সৃষ্টিৰ অনন্ত প্ৰস্থান
সেয়ে চাগে সৃষ্টিৰ আহ্বানেৰে
দেহত সানি লৈছিল
কালৰ দহনত ভস্ম হোৱা পাৰ্থিৱ অস্তিত্বৰ ছাই
আৰু তেওঁৰ সেই ত্ৰিশূলপাত
যি তেওঁ লগত ৰাখিছিল আপদে-বিপদে
অনূকুল-প্ৰতিকুলে সেয়া আছিল তেওঁৰ
অদম্য সত্বা,যিপাতৰ স'তে বান্ধি লৈ
ঘুৰি ফুৰিছিল সৃষ্টিৰ ছাঁবোৰ ডম্বৰু সজাই



কবি:- দেৱজিত বাণিক্য

No comments:

Post a Comment