প্ৰত্যাশা
~~~~~~
~~~~~~
মই আকাশ হ'ব খোজোঁ ৷
জিলমিল জোনটি
তিৰবিৰ তৰাবোৰ চুই চাব খোজোঁ ;
জিলমিল জোনটি
তিৰবিৰ তৰাবোৰ চুই চাব খোজোঁ ;
পোৱাবোৰ
জোনক দিম,
জোনে
তুলসিৰ তলত পুতি থ'ব,
আশাবোৰে গজালি মেলিব
এটি দুটি কুঁহি পাতে
শুকান মৰুভূমি
শ্যামলী কৰিব ৷
জোনক দিম,
জোনে
তুলসিৰ তলত পুতি থ'ব,
আশাবোৰে গজালি মেলিব
এটি দুটি কুঁহি পাতে
শুকান মৰুভূমি
শ্যামলী কৰিব ৷
নোপোৱাবোৰ তৰাক
দিম ৷
তৰাই দিব
জোনাকী পৰুৱাক,
জোনাকী পৰুৱাই
ফাগুনক দিব
ফাগুনে
পলাশৰ গাত দিব চটিয়াই ৷
এনেকৈয়ে ৰাঙলী হ'ব মোৰ
মনৰ আকাশ,
ফাগুন ফাগুন
আমোল মোল সুৱাস !!
তৰাই দিব
জোনাকী পৰুৱাক,
জোনাকী পৰুৱাই
ফাগুনক দিব
ফাগুনে
পলাশৰ গাত দিব চটিয়াই ৷
এনেকৈয়ে ৰাঙলী হ'ব মোৰ
মনৰ আকাশ,
ফাগুন ফাগুন
আমোল মোল সুৱাস !!
প্ৰাপ্তিৰ
প্ৰাচুৰ্য্যত
হেৰাই যোৱাতকৈ
অপ্ৰাপ্তিক
মেৰিয়াই গাত লৈ ল'ম
ককাই লোৱা এৰী চাদৰৰ দৰে ৷
হেৰাই যোৱাতকৈ
অপ্ৰাপ্তিক
মেৰিয়াই গাত লৈ ল'ম
ককাই লোৱা এৰী চাদৰৰ দৰে ৷
ফাগুন ফাগুন
মনো হওক ফাগুন মোৰ
শীতৰ কঁপনিবোৰ
কঁহুৱাক দি দিম
বতাহত হালি জালি নাচক ৷৷৷
কবি:-ණ মাধৱ
দত্তমনো হওক ফাগুন মোৰ
শীতৰ কঁপনিবোৰ
কঁহুৱাক দি দিম
বতাহত হালি জালি নাচক ৷৷৷
No comments:
Post a Comment