Saturday, 3 June 2017

মানুহ ණদুলাল হাজৰিকা



মানুহ




পুৰাতন খোলাটোৰ পৰা ওলাই
এদিন মানুহটো আকৌ নতুনকৈ
জী উঠিছিল
স্বাধীনতাৰ লোভনীয় আস্বাদত
চৌদিশ কঁপাই হাঁহিছিল
সেই হাঁহিয়ে কন্দুৱাইছিল ফুল-চৰাই
অৰণ্য, মাটি সকলোকে
ৰজা আছিল সি
মূৰ দোঁৱালে পৃথিৱীয়ে
সেৱা কৰিলে ঈশ্বৰে
পহু-পক্ষীয়ে কৰ দিলে তেজেৰে
নাথাকিল একো বাকী
স্বজাতিৰ নামত সকলো লিখা হৈ গ
মানুহটো গৈ থাকিল
গৈয়ে থাকিল
লগত থাকিল দিনে দিনে ভাঁজ লৈ থকা বাটটো
নাজানিলে কোনেও
কেনেকৈ ঘূৰি যাব লাগে অহাৰ বাটটোলৈ
চকুত মাথো আকাশ বিজয়ৰ স্বপ্ন
মানৱীয়তাৰ চেকা লগা ৰঙীন চোলাটো পিন্ধি
জ্ঞান আৰু বুদ্ধিৰ ইদিপাছ বৃত্তত
ঘূৰি থাকে পৃথিৱী
পৰাহত বোকা মাটিৰ ৰং
নুবুজিলোঁ আমি
পূৰ্ণিমাৰ প্ৰস্তুতিৰেহে যে আঁউসীবোৰ আহে
অভিমন্যু-বেহু্ত বন্দী মানুহ
এনেকৈয়ে কিজানি,এদিন লহিয়াব বেলি
ছাই-বৰণীয়া উপনিৱেশৰ

কবি:-
দুলাল হাজৰিকা

No comments:

Post a Comment