পৰজীৱীৰ জীৱনগাথা
তোৰ সপোন সমাধিত
মোৰ সপোনৰ কাৰেং সাজি দিলি ।
সমাজ সাক্ষী
অগ্নি সাক্ষী ।
মোক প্ৰগল্ভা হব শিকোৱাজন
মৌনতাত ধৰাশায়ী
আপাততঃ আমি সমাজৰ দাস।
মোৰ সপোনৰ কাৰেং সাজি দিলি ।
সমাজ সাক্ষী
অগ্নি সাক্ষী ।
মোক প্ৰগল্ভা হব শিকোৱাজন
মৌনতাত ধৰাশায়ী
আপাততঃ আমি সমাজৰ দাস।
তোৰ ওচৰলৈ আহিব
মোক অনুমতি লাগে সিহঁতৰ ।
সিহঁতেঁ কয় তই মোৰ পৰ হলি
সিহঁত মোৰ আপোন ।
সমাজ সাক্ষী
অগ্নি সাক্ষী ।
মোক অনুমতি লাগে সিহঁতৰ ।
সিহঁতেঁ কয় তই মোৰ পৰ হলি
সিহঁত মোৰ আপোন ।
সমাজ সাক্ষী
অগ্নি সাক্ষী ।
তোৰ গৌৰৱৰ সমল এটি
নাম
এফাল পংগু আজি ।
এই আত্মপৰিচয়বিহীনতাৰ
সমাজ সাক্ষী
অগ্নি সাক্ষী ।
এফাল পংগু আজি ।
এই আত্মপৰিচয়বিহীনতাৰ
সমাজ সাক্ষী
অগ্নি সাক্ষী ।
সংস্কাৰৰ অলংকাৰ
পিন্ধালি নে শিকলি
ইমান ভৰ।
বিষাই মোৰ তেজ মঙহৰ দেহ।
ৰঘুমলাৰ জীৱন নাপালোঁ।
অথচ
অধিকাৰবিহীন দায়িত্ব পালনত
মই অভ্যস্ত পৰজীৱী ।
চূৰ্ণ আত্মমৰ্যদা সাক্ষী
পিষ্ট গৰিমা সাক্ষী ।
ইমান ভৰ।
বিষাই মোৰ তেজ মঙহৰ দেহ।
ৰঘুমলাৰ জীৱন নাপালোঁ।
অথচ
অধিকাৰবিহীন দায়িত্ব পালনত
মই অভ্যস্ত পৰজীৱী ।
চূৰ্ণ আত্মমৰ্যদা সাক্ষী
পিষ্ট গৰিমা সাক্ষী ।
স্পৰ্ধা মোৰ বাক
স্বাধীনতা
তাচ্ছিল্যত ঘনীভূত সমঅধিকাৰ
একবিংশ শতিকাৰ সমাগত মধ্যাহ্নত
মই সত্তা বিলুপ্ত পৰজীৱী ।
তাচ্ছিল্যত ঘনীভূত সমঅধিকাৰ
একবিংশ শতিকাৰ সমাগত মধ্যাহ্নত
মই সত্তা বিলুপ্ত পৰজীৱী ।
কবি:-
ණমনমী ভটাচাৰ্য্য।
No comments:
Post a Comment