।।জেঠৰ বাৰখৰ।।
বুকুত মোৰ
জেঠৰ বাৰখৰ
ৰ’দে পোৰা পিঠিত
এটা প্রেমিক বাঁহী
জেঠৰ বাৰখৰ
ৰ’দে পোৰা পিঠিত
এটা প্রেমিক বাঁহী
আকাশত মেঘৰ মৌচাক
মাটিত মাধুৰী সপোন
মাটিত মাধুৰী সপোন
জলডুবা মাটিডৰাত
বিজুলীৰ তালে তালে
পুঠি-খলিহাৰ বাগাড়ুম্বা নাচ
বিজুলীৰ তালে তালে
পুঠি-খলিহাৰ বাগাড়ুম্বা নাচ
আহাৰৰ ষাঁঠ লাগি
ভাগক এথোন
পাটীদৈয়া ঢাৰিত বহি
প্রিয়াৰ গোলাপী গালত আঁকিম
বর্হমথুৰীয়া
হেঙুল-হাইতাল গান
পাটীদৈয়া ঢাৰিত বহি
প্রিয়াৰ গোলাপী গালত আঁকিম
বর্হমথুৰীয়া
হেঙুল-হাইতাল গান
আস্!
ই কিযে
জীৱন আহ্লাদ
ই কিযে
জীৱন আহ্লাদ
কবি:-
ණউইল চিদ্দিকুৰ ৰহমান।
No comments:
Post a Comment