Tuesday, 6 June 2017

এজাক বৰষুণতেই মেঘৰ মৃত্যু ණ ৰঞ্জন বৰ্মন



।।এজাক বৰষুণতেই মেঘৰ মৃত্যু।।


কৃষ্ণচূড়াৰ ৰঙাখিনি চকুত আঁকি
তেওঁ কলে
মেঘ ভালপোৱাৰ কথা
কিয়নো
মেঘে ৰং-বিৰঙৰ ছবি আঁকে
হাতী-ঘোঁৰা-চৰাই


তেওঁৰ বাবেই মই মেঘ হলোঁ
যদিও জানো এজাক বৰষুণতেই মেঘৰ মৃত্যু


মেঘৰ বুকুত
সৰু ছোৱালী এজনী হৈ
তেওঁ দৌৰিব ধৰিলে


দৌৰি দৌৰি
এসময়ত তেওঁ ভাগৰি পৰিল
আৰু পিয়াহত আতুৰ হল কণ্ঠ


অৱশেষত
তেওঁৰ বাবেই মই বৰষুণ হৈ সৰিলোঁ

আৰু তেওঁ পিয়াহ দূৰ কৰি গুচি গ
জোনটো ধৰিবলৈ
বি:-
ৰঞ্জন বৰ্মন

No comments:

Post a Comment