সীমাৰ সিপাৰৰ
(পলাশ কুমাৰ নাথ)
সীমাৰ সিপাৰৰ
সন্ধ্যাৰ ছায়া এটি
সৌম্য,শান্ত
সুবাস
যেন এৰি থৈ অহা বসন্তৰ
সন্ধ্যাৰ ছায়া এটি
সৌম্য,শান্ত
সুবাস
যেন এৰি থৈ অহা বসন্তৰ
শাৰী শাৰী চাকিৰ
পোহৰত
লিৰিকি বিদাৰি
মোক আকোঁৱালি
সেয়া কাৰ দুহাত
লিৰিকি বিদাৰি
মোক আকোঁৱালি
সেয়া কাৰ দুহাত
বাহনিত লাগি ওভতে
মোৰ ভগা মাত
কঁপি উঠে সৌ সিপাৰে
ৰৈ ৰৈ বিনোৱা
সজল বুকুৰ ঘাট
মোৰ ভগা মাত
কঁপি উঠে সৌ সিপাৰে
ৰৈ ৰৈ বিনোৱা
সজল বুকুৰ ঘাট
লুংলুঙীয়া বাটেৰে
জোনটোক খেদি
পাহাৰৰ শিখৰৰ পিনে
ধাৱমান সেই উছাহ কাৰ
বিষণ্ণ প্ৰহৰৰ গীতৰ ডাৱৰ ফালি
আপোন বাঁহীৰ দৰে
মোৰ বিষাদৰ ঘূমটি ভাগি
সেয়া কি সুৰৰ বিননি!
জোনটোক খেদি
পাহাৰৰ শিখৰৰ পিনে
ধাৱমান সেই উছাহ কাৰ
বিষণ্ণ প্ৰহৰৰ গীতৰ ডাৱৰ ফালি
আপোন বাঁহীৰ দৰে
মোৰ বিষাদৰ ঘূমটি ভাগি
সেয়া কি সুৰৰ বিননি!
No comments:
Post a Comment