Wednesday, 8 February 2017

বান ණ দুলাল হাজৰিকা ৷



বান

তোক দেখি
নৈখনত বান আহিছিল
ঢৌবোৰে পাৰ বাগৰিব খুজিছিল
উজাইছিল সোণালী ৰূপালী মাছ
তই ভয়তে
মেলিব খোজা নাওখন সামৰি
অহাবাটে উভতি গৈছিলি
আৰু তেতিয়াই
বলিয়া হৈ যোৱা নদীখনে
গাওঁখন ঢাঁহি-মুহি পেলাইছিল ।

কবি:- ණ দুলাল হাজৰিকা

No comments:

Post a Comment