তাই
দীপ্তি দেউৰী বৰা
12/06/2017
12/06/2017
ক'ত তাই লাঞ্চিতা হোৱা নাই...পথাৰত,ঘৰৰ ভিতৰত,জংঘলত,পঢ়াশালিলৈ যোৱা বাটটোত,বাচৰ বহি যোৱা চিটটোত,পানী আনিবলৈ যাওঁতে,মুকলি পথাৰত গৰু চৰাওঁতে ...
ক'ত তাই লাঞ্চিতা হোৱা নাই..বিজ্ঞাপনত, কবিতাত,গল্পত,কোনো মনোৰম উপন্যাসত,চিনেমাৰ পৰ্দাত..
বদনামী হয় তাইৰ
পিঠি উলিওৱা ব্লাউজটোৰ,
বদনাম নহয় কেতিয়াও সভ্যতাৰ পোছাক পিন্ধা এচাম নৰখাদকৰ নাঙঠ স্বভাৱটোৰ
বদনাম নহয় কেতিয়াও সভ্যতাৰ পোছাক পিন্ধা এচাম নৰখাদকৰ নাঙঠ স্বভাৱটোৰ
তাই লাঞ্চিতা হয়
পুনৰবাৰ কেমেৰাৰ সন্মূখত ,আদালতত,প্ৰত্যেকটো জেৰাত....যেন ধৰ্ষণৰ কেমথেৰাপী...
তাইৰ মৃত্যু হোৱাৰ
আগতেই মৃত্যু হয়..যেতিয়াই যুজিঁবলৈ সত্বাৰ শেষ অস্তিত্ব শেষ হয়
তাই আকৌ এবাৰ
লাঞ্চিতা হয় ,
যেতিয়া তাইৰ নামত হাজাৰ চাকি জ্বলি উঠে
অথচ
নৰখাদকে নিৰাপদে আকৌ এটা নিজান পথ বিচাৰি ফুৰে
যি পথত কেৱল নাৰীৰ চিৎকাৰ আৰু নপংসুকৰ অস্তিত্ব বিৰাজ কৰে |
যেতিয়া তাইৰ নামত হাজাৰ চাকি জ্বলি উঠে
অথচ
নৰখাদকে নিৰাপদে আকৌ এটা নিজান পথ বিচাৰি ফুৰে
যি পথত কেৱল নাৰীৰ চিৎকাৰ আৰু নপংসুকৰ অস্তিত্ব বিৰাজ কৰে |
নৰখাদক কেতিয়াও
লজ্জিত নহয় |
No comments:
Post a Comment