Wednesday, 7 June 2017

সপোন



সপোন


সপোন তোমাৰো আছে
আছে মোৰো
তোমাৰ সপোনবোৰ
দলিয়াই দিয়া তুমি
এভাৰেষ্টৰ উচ্চতালৈ
মোৰ সপোনবোৰ পৰি ৰয়
পদূলিৰ জপনাত
এলাগী যেন লগা কচুৱনীখনে
মোক যোগান ধৰে
এসাজৰ ইন্ধন
তোমাক বিলাসী হোটেলে আমুৱাই
অভাৱ তোমাৰো আছে
অভাৱ মোৰো আছে
আচলতে আমি একেই
একঘেয়ামী জীৱনে আমাক আমুৱাই
তোমাক দুখ লাগে
কমকৈ হলেও
মোক অকণমান সুখ


জীৱন এটা জটিল গল্প
সপোনবোৰ জ্বলি থাকে
আকাংক্ষাৰ শলিতা হৈ
এনেইতো একেই আমি
সপোনবোৰ বাদ দি
বি:-
সুব্ৰত মহন্ত

No comments:

Post a Comment