%হেৰুৱা দিন বিলাক ঘূৰাই দে %
%দিবাকৰ ৰেণু%
হেৰুৱা দিন বিলাক
ঘূৰাই দে অ' সময়
কিয় নো গিলি ৰাখ আমাৰ দুৰ্জেয় সাহস
আগ্নেয়গিৰিৰ দুৰন্ত তৰুণ
প্ৰতিদিন ৰ ইতিহাস
কিয় নো গিলি ৰাখ আমাৰ দুৰ্জেয় সাহস
আগ্নেয়গিৰিৰ দুৰন্ত তৰুণ
প্ৰতিদিন ৰ ইতিহাস
আমিযে চিৰ উজ্বল
হৈ জ্বলি উঠিছিলো
নৱ প্ৰভাতত
আমি যে পোহৰাই তুলিছিলো
হিমালয়ৰ দুৰ্জেয় চূড়া
নৱ প্ৰভাতত
আমি যে পোহৰাই তুলিছিলো
হিমালয়ৰ দুৰ্জেয় চূড়া
আমি যে লুইতক ভেটা
দিছিলোঁ
আমি যে বৰদৈচিলাৰ ফেটীসাপ চুলিত
থাপ মাৰি মলয়াৰ জুৰ লৈছিলোঁ
আমি যে বৰদৈচিলাৰ ফেটীসাপ চুলিত
থাপ মাৰি মলয়াৰ জুৰ লৈছিলোঁ
আমিযে শিল কাটি
মানুহ সৰজিছিলো
আমিযে শিলৰ সংগীত লিখিছিলোঁ
আমিযে শিলৰ সংগীত লিখিছিলোঁ
এই সকলো বিলাক
ঘূৰাই দে ঐ সময়
আমাৰ হেৰুৱা দিন
বিলাক
টপাৰ শইচহৈ গুজৰি আছে
ভৰালৰ এচুকত---
যেতিয়াই আহিব বিপ্লৱৰ প্লাৱন,সেই বোৰেই কৃপাণ তুলি লৱ আমাৰ বাবে
টপাৰ শইচহৈ গুজৰি আছে
ভৰালৰ এচুকত---
যেতিয়াই আহিব বিপ্লৱৰ প্লাৱন,সেই বোৰেই কৃপাণ তুলি লৱ আমাৰ বাবে
আমি আৰু নাথাকো
সহি
তোষামোদ আৰু বিলাসিতাৰ চৰম গ্লানি
আমি জুই হৈ ফুলিম
সপোনৰ বাগিচাত
তোষামোদ আৰু বিলাসিতাৰ চৰম গ্লানি
আমি জুই হৈ ফুলিম
সপোনৰ বাগিচাত
দে সময় দে আমাৰ
দিন বোৰ
নেখেলিবি আৰু
অপেক্ষাৰ খেল
যুগ যুগান্তৰৰ
%%%%%%;%;%%;%
২৮-১০-১৬ ইং
নিশা-১২-১৮ তযুগ যুগান্তৰৰ
%%%%%%;%;%%;%
২৮-১০-১৬ ইং
No comments:
Post a Comment