Tuesday, 28 February 2017

ফাগুনৰ বতাহ -ණ জ্যোতিষ কুমাৰ দেৱ



ফাগুনৰ বতাহ


আজি ফাগুণৰ সমীৰণ
দুৰন্ত বতাহ' হৈ যায়
নিতাল মোৰ এই মনক
সি উতনুৱা কৰি যায়
পলাশৰ বুকুত তাৰ আদৰ
শিমলুক কৰিলে সি মুখৰ
মহুৱা ফুলত জগাই নিচা
নিজেই মতলীয়া হৈ যায়
'দৰ নাচোন জিলিমিলি
আকুল হৈ মতিছে কুলি
দিশ দিশে সি হৈ পগলুৱা
সুৱাসৰ চিঠি গৈছে বিলাই
 
বি:-জ্যোতিষ কুমাৰ দেৱ

গল্ফীৰ ডায়েৰি ණ মৌচুমী বৰি



গল্ফীৰ ডায়েৰি:-
এজন অনাঅসমীয়া খ্ৰীষ্টান বন্ধুৱে এজন অসমীয়া বন্ধুক কৈ আছিল – “আমাৰ যিশুৱেই ভগৱান৷মুছলিমৰ আল্লাই ভগৱান৷হিন্দুৰ ঢেৰ ভগৱান৷ত্ৰিশূল লোৱা ভগৱান, হাঁহ এজনীৰ ওপৰত উঠি থকা ভগৱান..আৰু কতযে ভগৱান আছে!!এগৰাকী যে ভগৱান আছে জিভাখন মেলি থাকে!মই বুজিছএবাৰ পূজাৰী এজনক সুধিছিলোঁএইগৰাকী ভগৱানে জিভা খন কিয় মেলি থাকে? পূজাৰীয়ে একো নোকোৱা দেখি মই ভালকৈ চাই দেখিলোঁভগৱানৰ পিছফালে বাঁহৰ টুকুৰা এটা বুকুতে ভেজা দি থৈছে৷তেতিয়াহে গম পালোএইজনী ভগৱানে জিভাখন কিয় মেলি থাকে!বাঁহ টুকুৰাৰ খোচ খাই বুকুত পেইন (pain) হয় যে-সেইকাৰণে!!হয় নহয় বাৰু????”
বি:-মৌচুমী বৰি

এখন গাঁও আছিল -ණ ৰুপম দাস



এখন গাঁও আছিল


এখন গাঁও আছিল
মানুহবোৰ আছিল মাটিৰ
শেৱালি ফুলিছিল
বকুলৰ সুগন্ধ
ঢেকীৰ মাত আছিল
গৰু ছাগলীৰ
ঢোল বাজিছিল
ডবা বৰকাহ
আজান আছিল
আইনাম
এখন গাঁও আছিল
পাৰ চৰাই
সূৰ্য্য মৰিছিল
উপজিছিল
এখন গাঁও আছিল
নদী

বি:-ৰুপম দাস

বেশ্যাৰ দেৱাল -ණ অভিজিত শইকীয়া



বেশ্যাৰ দেৱাল

আই !
তোলৈ সেউজীয়া এমুঠি আনিছো
দুহাতত দুমুঠি আছিলে
পিছে এমুঠিহে আনিলো
এমুঠি বেশ্যাৰ দেৱালত
ছটিয়াই দিলো
এতিয়া তাত বসন্ত নামিছে ;
মই ফাগুণ কিয় ৰৈ থাকো ?
জাননে তই
হালধীয়া বোৰে কষ্ট দিছিল তাইক
সেয়েহে পছোৱা হৈ
পলাসৰ জুই লগালো
শুকান বোৰ ৰঙা হ'
কষ্টবোৰ কোঙা হ'•••
আই !
বাটত আহোতে
লাওখোলা বোৰে
দাঁত নিকটাই আছিলে
হাঁহিছিল আমাৰ মগজুত গজা
অস্থায়ী দুবৰিবোৰ দেখি ••••
বহু বগালো আকাশী লতা হৈ
কিন্তু মেঘ ঢুকি নাপালো ,
এতিয়া আকাশো লুকাল
মোৰ সতে উতলি উঠা
ধূলিবোৰৰ আঁৰত ।
পাৰিলে সেউজীয়ামুঠি
দেউতাৰ লঠঙা মূৰত সানি দিবি
কিজানি মেঘৰ চোলা পিন্ধি
তেওঁ ঘূৰি আহে
তোৰ বুকুত বেশ্যাৰ দেৱাল বিছাৰি ।

বি:-অভিজিত শইকীয়া