Friday, 30 June 2017

'শব্দ-সন্ধান' -৩২

'শব্দ-সন্ধান' -৩২
               -- সূৰ্য বৰা
'শব্দ-সন্ধান'ত অসমীয়া ভাষাৰ কেইবাটিও গুৰুত্বপূৰ্ণ দিশ সামৰি, ভাষা বিষয়ক এলানি মূল্যৱান লেখা ধাৰাবাহিকভাৱে প্ৰকাশ কৰি থকা হৈছে। এইবাৰৰ 'শব্দ-সন্ধান'ত উক্ত ধাৰাবাহিক লেখাটিৰ দ্বিতীয়টি খণ্ড প্ৰকাশ কৰা হৈছে। আমাৰ অনুৰোধমৰ্মে এই লানি লেখা আগবঢ়াইছে 'শব্দ-সন্ধান'ৰ উপদেষ্টা ড° খগেশ সেন ডেকা মহোদয়ে। আশাকৰোঁ আখৰুৱাৰ সন্মানীয় সদস্যসকল, ভাষা সম্পৰ্কীয় এই লানি লেখাৰ জৰিয়তে উপকৃত হ'ব।
ধন্যবাদেৰে-
'
শব্দ-সন্ধান'ৰ পৰিচালক মণ্ডলী:
° খগেশ সেন ডেকা (উপদেষ্টা)
° দীপালী বৰা (মুখ্য ব্যৱস্থাপক )
সূৰ্য্য বৰা আৰু কন্দৰ্প নাথ (সহযোগী ব্যৱস্থাপক)
___________________________
০ অসমীয়া আখৰ-জোঁটনি:
(
দ্বিতীয় খণ্ড)
-
° খগেশ সেন ডেকা
---------------------------
অসমীয়া সাহিত্যৰ বুৰঞ্জীত প্ৰত্ন অসমীয়া আৰু মিশ্ৰ অসমীয়াৰূপে চিহ্নিত ক্ৰমে চৰ্যাপদ আৰু শ্ৰীকৃষ্ণকীৰ্তনতো অসমীয়া আখৰ-জোঁটনিৰ প্ৰাচীন ৰূপ এটি সংৰক্ষিত হৈছে ৷ ফলিসমূহৰ দৰে এই পুথিতো এক বৰ্ণৰ ঠাইত বিকল্পে আন এক বৰ্ণৰ প্ৰয়োগ লক্ষ্য কৰা যায় ৷
অসমীয়া ভাষাই পৰিপূৰ্ণ সাহিত্যিক মৰ্যাদা লাভ কৰে খ্ৰীঃ ১৩শ১৪শ শতিকাৰ ভিতৰত কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত হেম সৰস্বতীয়ে ৰচনা কৰা প্ৰহ্ৰাদ চৰিত পুথিৰ যোগেদি ৷ পণ্ডিত কালিৰাম মেধিয়ে এই পুথিত ঘটা তৎসম শব্দৰ বানান-বিভ্ৰাট এনেদৰে দেখুৱাইছে :
(
ক) শ, ষ-ৰ ঠাইত স, , ষ-ৰ বিকল্প প্ৰয়োগ;
(
খ) ণ, ঈ আৰু ঊ-কাৰৰ অনুপস্থিতি;
(
গ) ব আৰু ৱ-ৰ উচ্চাৰণানুগ প্ৰয়োগ ইত্যাদি ৷
পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মতেও, পুথিখনৰ সৰহভাগ শব্দ প্ৰাকৃতহে, সংস্কৃত নহয় ৷ মাগধী প্ৰাকৃতৰ নিয়মানুসাৰে ষ, স-ৰ ঠাইত শ হ'ব লাগে যদিও, হেম সৰস্বতীৰ ৰচনাত প্ৰধানকৈ স-ৰ প্ৰয়োগহে লক্ষ্য কৰিব পাৰি ৷ এই পুথিৰ তেওঁ দেখুওৱা আন কেতবোৰ বানান-বিভ্ৰাটৰ উদাহৰণ হ'ল :
(
১) অ-ৰ ঠাইত ও;
(
২) য়, য়ে, য়ো-ৰ সলনি অ, , ;
(
৩) অন্ত্য ই-কাৰৰ স্থানত ঞি-ৰ প্ৰয়োগ;
(
৪) -ী-কাৰৰ সলনি ি-কাৰ;
(
৫) ছ-ৰ ঠাইত চ;
(
৬) য-ৰ ঠাইত জ;
(
৭) ৱ-ৰ সলনি অ;
(
৮) উ-কাৰ আৰু ও-কাৰৰ বিকল্প ব্যৱহাৰ ইত্যাদি ৷
হেম সৰস্বতীৰ পৰৱৰ্তী, প্ৰাকশংকৰ আৰু শাংকৰী যুগৰ কবিকুলৰ সাঁচিপতীয়া/­তুলাপতীয়া পুথিসমূহতো আখৰ-জোঁটনিৰ এনে খেলিমেলি লক্ষ্য কৰা যায় ৷ পূৰ্বে উল্লেখ কৰা উদাহৰণবোৰে নিশ্চিতভাৱে প্ৰাচীন স্তৰৰ বানান-ৰীতিত সংস্কৃত ভিন্ন উচ্চাৰণৰ প্ৰভাৱৰ সাক্ষ্য বহন কৰে ৷ সেয়ে হ'লেও, পুৰণি অসমীয়া লেখকসকলৰ নিজৰ হাতৰ আখৰৰ পুথিৰ অভাৱে সেই সময়ৰ আখৰ-জোঁটনি সম্বন্ধে এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱাত ব্যাঘাত জন্মায় ৷ কাৰণ যিবোৰ পুথি এতিয়া পৰ্যন্ত উদ্ধাৰ হৈছে সেইবোৰ হয় নকলৰ নকল, নহয় নকলৰ নকলৰ নকল ৷ এনেও 'ব পাৰে, মূল লেখকসকলৰ সৰহভাগেই যিহেতু একো একোগৰাকী সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল, এতেকে তেওঁলোকে সাধাৰণভাৱে সংস্কৃতীয়া বানান-ৰীতিকে মানি চলিছিল ৷ কিন্তু, পাছত লিপিকাৰসকলে বিষয়বস্তুৰ অৰ্থৰ অনুধাৱন অবিহনেই আখৰৰ পাক চাই নকল কৰোঁতে সংস্কৃত ভিন্ন উচ্চাৰণৰ দ্বাৰা প্ৰভাৱিত হৈ সেইবোৰত নানান বৰ্ণ-প্ৰমাদ ঘটাইছিল ৷ দৈতাৰি ঠাকুৰ বিৰচিত "শ্ৰীশঙ্কৰদেৱ শ্ৰীমাধৱদেৱ চৰিত"-ত উল্লেখ থকা তলৰ কথাখিনিয়েও তেনে ধাৰণা স্পষ্ট হোৱাত সহায় কৰে ৷ চৰিত পুথিখনিৰ মতে, মাধৱ পুৰুষে হেনো নিজৰ "ভক্তি ৰত্নাৱলী" পুথিৰ মূৰাৰি কোঁচে কৰা নকল চাই উষ্মা প্ৰকাশ কৰি কৈছিল :
"
লাঠি কাটা '' দিবে লাগয় যথাত ৷
পুখুৰীয়া '' দিয়া আছন্ত তথাত ৷৷
পুখুৰীয়া লাগৈ যথা লাঠি কাটা তাত ৷
বৰ '' দিলে '' লাগৈ জানা যাত ৷৷
'
ইয়' দিলে 'উৱ' 'ত লাগয় দিবাক ৷
'
'ৰ ঠাইত বৰ '' যে দিলেক ৷৷
এনে কথাই তৎকালীন লেখকসকলে সংস্কৃতীয়া আখৰ-জোঁটনি একান্তভাৱে মানি চলিছিল বুলি প্ৰতিপন্ন কৰে ৷
সি যি কি নহওক, প্ৰাকশংকৰ আৰু শাংকৰী যুগৰ পদ-পুথিসমূহৰ আখৰ-জোঁটনিৰ বৈশিষ্ট্যসমূহ থোৰতে এনেদৰে উল্লেখ কৰিব পাৰি :
(
ক) হ্ৰস্ব আৰু দীৰ্ঘস্বৰৰ পাৰ্থক্যহীনতা আৰু হ্ৰস্বস্বৰৰ প্ৰতি অধিক প্ৰৱণতা;
(
খ) শ, , স-ৰ যথেচ্ছ প্ৰয়োগ; পদান্ত আৰু কেতিয়াবা পদমধ্যস্থিত ষ, শ-ৰ স্থানত বিকল্পে খ-ৰ ব্যৱহাৰ;
(
গ) দন্ত্য আৰু মূৰ্ধন্য বৰ্ণৰ প্ৰয়োগত প্ৰভেদহীনতা তথা দন্ত্য বৰ্ণৰ আধিক্য ৷
(
ঘ) ক্ষ-ৰ ঠাইত প্ৰায়ে খ-ৰ ব্যৱহাৰ ৷
মধ্যযুগত সত্ৰসমূহৰ পৃষ্ঠপোষকতাত ৰচিত চৰিত সাহিত্য, আহোম ৰজাঘৰৰ সাহচৰ্যত ৰচিত বিবিধ শ্ৰেণীৰ বুৰঞ্জী, ব্যাৱহাৰিক সাহিত্য, তাম্ৰলিপি, শিলালিপি, মন্দিৰৰ গাত্ৰলিপি, বৰটোপৰ লিপি ইত্যাদি লিখিত নথিতো সংস্কৃত ভিন্ন উচ্চাৰণানুগ বানান-ৰীতিৰ প্ৰয়োগ লক্ষ্য কৰিব পাৰি ৷
মুঠতে পুৰণি কালত ব্যাকৰণ আৰু অভিধান নিৰ্দেশিত এক কৰ্তৃত্বশীল আৰ্হিৰ অভাৱত বানান-প্ৰকৰণত তেনে কোনো ধৰা-বন্ধা ৰীতি মানি চলা হোৱা নাছিল ৷ সমাজৰ শিক্ষিত তথা অভিজাত শ্ৰেণীটোৱে ঘাইকৈ সংস্কৃত ভাষাৰ চৰ্চা কৰিছিল আৰু লিখন-ৰীতিতো সাধাৰণভাৱে সংস্কৃত-নিৰ্ভৰ জোঁটনিকে মানি চলিছিল ৷ ইয়াৰ বিপৰীতে ঐতিহাসিক বিৱৰ্তনৰ অনিবাৰ্য পৰিণতি স্বৰূপে সংস্কৃত আৰু অসমীয়াৰ উচ্চাৰণগত দিশত ঘটা কেইবাশতিকা জোৰা ব্যৱধানৰ প্ৰভাৱত সাধাৰণ স্তৰৰ লেখক তথা লিপিকাৰ/নকলকাৰসকলে পুথি লিখোঁতে বা নকল কৰোঁতে স্বতঃস্ফূৰ্তভাৱে উচ্চাৰণভিত্তিক বানান ব্যৱহাৰ কৰিছিল ৷ সম্ভৱতঃ এনে এক ঐতিহাসিক প্ৰেক্ষাপটলৈ লক্ষ্য কৰি ১৮৩৯ খ্ৰীঃত জদুৰাম দেকা বৰুৱা নামৰ এগৰাকী অসমীয়া পণ্ডিতে "অসমীয়া বঙলা অভিধান" নামৰ শব্দকোষ এখন ৰচনা কৰি পোন প্ৰথমবাৰৰ বাবে অসমীয়া আখৰ-জোঁটন প্ৰক্ৰিয়াৰ এক ৰেহা লগোৱাৰ চেষ্টা কৰে ৷ তদুপৰি, ব্ৰিটিছৰ আগমনৰ পাছত অসমত অসমীয়া গুচাই বাংলা ভাষা প্ৰৱৰ্তনৰ হেতু অসমীয়া মানুহক বাংলা শব্দৰ জ্ঞান দিয়াও আছিল তেওঁৰ আন এক উদ্দেশ্য ৷
জদুৰাম বৰুৱা নিৰ্দেশিত বানান-ৰীতি আছিল সৰল আৰু অসমীয়া ভাষাৰ উচ্চাৰণৰ অনুগামী ৷ সেইবাবে তেওঁ ই/ঈ, উ/ঊ, শ/ষ/স,চ/ছ, জ/য/ঝ, ত/ট আদি সগোত্ৰীয় বৰ্ণবোৰৰ এটাকৈহে আখৰ ৰাখিছিল ৷
(
আগলৈ)

তিনিশৰীয়া কবিতা (১)

তিনিশৰীয়া কবিতা (১)
মোৰ বুকুত শিপাইছে গোপনে
আবেলিৰ ঢৌ সৰকা হাঁহিৰে
অযুত হেঁপাহৰ বা-বলায় এটি সেউজ সপোনৰ বাট
----
হৃদয় খোলা কোঠা বুলি ৰোপন কৰিলো
সেই সেউজীয়াৰে এমুঠি বীজ
পাহি মেলে ক্ৰমে আলফুলে সপোনে দূৰ দিগন্তলৈ
----
যেন মতলীয়া একেটি সুৰ ওঁঠতে
কোনোবা চিনাকী প্ৰাণে নিচেই কাষলৈ মাতে
ফাগুন হৈ বসন্ত জীপাল বৰষা অফুট মাতেৰে ৷

অংকুৰ শইকীয়া ৷৷

বেলি লহিয়াই

***** বেলি লহিয়াই***** পৰিমিতা গোস্বামী
~~~~~~~~~~~~~~~

আবেলি , বেলিটো ঘৰমুৱা হোৱাৰ পৰ,
কেঁকুৰি মূৰৰ আঁহত জোপাৰ তলত
তোমাৰ পদ লেহন,
পদ লেহনত হোৱা হাতৰ সঞ্চালন,
কাণিমুনি পোহাৰ টো মনিব পাৰো মই
আৰু দুভৰি গলেই,
বেলিটো হাবিখনৰ সিটো পাৰ এই পাও এই পাও;
ধীৰ গতিৰে তোমাৰ আগমন
তুমি ,মই ব্যৱধান মাথো কেই গজ মানৰ
তোমাৰ ঘৰ্মাক্ত শৰীৰৰ গোন্ধ মোৰ নাকত লাগিছে
চিনাকি জীয়া গোন্ধ,
বিয়পি মোৰ চৌপাশ আবৰিছে।
তুমি আহি মোৰ জপনা মুখত
বেলিটো হাবি খনৰ প্ৰায় সিটো মূৰত।
জপনা খুলিলেই তুমি মই এই মিলো এই মিলো
বেলিটো হাবি খনৰ সিটো মূৰত এই ডুবো এই ডুবো।
চকু হাল মুদি দিলোঁ
তোমাৰ ঘামত তিতা শৰীৰে মোকো তিয়ালে
ইতিমধ্যে হাবিখনে বেলিটো সাবতি ললে॥