পুনৰীক্ষণ (৪১):
(২৪- ৩১) অক্টোবৰ,২০১৬ (চতুৰ্থ খণ্ড)
পৰ্যালোচক : ড° মাধুৰিমা বৰুৱা
পৰ্যালোচক : ড° মাধুৰিমা বৰুৱা
"আখৰুৱা"ৰ (২৪-৩১) অক্টোবৰ,২০১৬ৰ কবিতাৰ নথি হাতত পৰাৰ পিছতো সময় আৰু হয়তো দক্ষতাৰ অভাৱত কবিতা সমূহ সমালোচনাৰ বাবে
হাতত ল'বলৈ ভয় লাগিছিল । কাৰণ ইয়াত সন্নিৱিষ্ট কবিতা কেইটাৰ কবি সকলৰ
প্ৰত্যেকৰে কবিতাবোৰ সময়ৰ হিচাবত নতুন হ'লেও কবিতাৰ প্ৰতি তেওঁলোকৰ আনুগত্য আৰু
আন্তৰিকতা লেখত ল'বলগীয়া । সকলো কবিৰে প্ৰচেষ্টা শলাগিবলগীয়া । আমি দুই এশাৰী গদ্য
লিখিবলৈ চেষ্টা কৰিছো যদিও কবিতাৰ ক্ষেত্ৰত সমালোচনা
কৰিব পৰাকৈ অভিজ্ঞতা এতিয়াও অৰ্জন কৰিব পৰা নাই । সেয়েহে যৎসামান্য অভিজ্ঞতাৰে এই দুৰুহ কাম হাতত লৈছোঁ । কবিতা সমালোচনা কৰিবলৈ যিমান
অন্তৰ্দৃষ্টিৰ প্ৰয়োজন সিমানখিনি আমি এতিয়াও আয়ত্ত কৰিব পৰা নাই । সেয়েহে এই আলোচনাত কিবা ভুল- ভ্ৰান্তি
হ'বও পাৰে, তাৰবাবে আমি ক্ষমাপ্ৰাৰ্থী ।
কবি কোন ? কবি নলিনীধৰ ভট্টাচাৰ্য্যই কৈছে, যি আপোন মনৰ ভাৱ- অনুভূতিক ছন্দৰ বন্ধনত অনিৰ্বচনীয় শ্ৰী
দান কৰে, তেৱেই কবি । সত্যক সুন্দৰ কৰাই কবিৰ কাম
। জীৱনৰ সত্যক কবিয়ে কালজয়ী সৌন্দৰ্য্যলৈ ৰূপান্তৰিত কৰে । নিজৰ মনৰ পোহৰত সত্যক প্ৰত্যক্ষ কৰি ভাৱময় ৰূপত তাক প্ৰকাশ কৰে কবিয়ে , সেইবাবে ক‘ব পাৰি, বিশেষক নিৰ্বিশেষ কৰি সকলোৰে হৃদয়গ্ৰাহী বস্তুৰূপে দাঙি ধৰাই
কবিৰ উদ্দেশ্য ।
কবিৰ এনে ধৰণৰ
সূত্ৰৰ পৰাই কবিতাৰ যথাযথ সমালোচনা দাঙি ধৰিব পাৰি ।
আখৰুৱা’ৰ কবিতাৰ নথি:- (২৪-৩১) অক্টোবৰ,২০১৬ত সন্নিৱিষ্ট কবিতাৰ সংখ্যা ১৪টা । কবি সকল হৈছে, পলাশ কুমাৰ নাথ, লীনা হাজৰিকা, অংকুৰ শইকীয়া, ৰাজেন দাস, অঞ্জনা মিশ্ৰ, অনিতা গগৈ , নৱাকাশ, শংকৰ জ্যোতি দত্ত, জ্যোতিষ কুমাৰ দেব, পৰিমালা কোঁৱৰ, তৃষ্ণা ডেকা, গকুল গগৈ, কিৰণ গগৈ আৰু হিমাংগ দাস।
আলোচনা--
------------------
------------------
(ক) মই শিল তুমি নদী ~ পলাশ কুমাৰ নাথ
তুমি কোৱা
"তুমি শিল হৈ যোৱা
তোমাৰ বুকুৰে সদায় ব'ম
নদী হৈ নিতৌ ধুৱাম তোমাক ……
বৰফ নহ'বা কাহানিও
নিমিষতে পমি যোৱাকৈ ……
মই যে ৰ'দ হ'ব নোৱাৰোঁ……
তুমি শিল হোৱা
কঠোৰ,কৰ্কশ,ৰুক্ষ………
"তুমি শিল হৈ যোৱা
তোমাৰ বুকুৰে সদায় ব'ম
নদী হৈ নিতৌ ধুৱাম তোমাক ……
বৰফ নহ'বা কাহানিও
নিমিষতে পমি যোৱাকৈ ……
মই যে ৰ'দ হ'ব নোৱাৰোঁ……
তুমি শিল হোৱা
কঠোৰ,কৰ্কশ,ৰুক্ষ………
কোনেও চুব
নোৱাৰাকৈ
কোনেও হিয়াত বাহ সাজিব নোৱৰাকৈ
…
আৰু মই
নদী হৈ নিতৌ পখালিম তোমাক"
কোনেও হিয়াত বাহ সাজিব নোৱৰাকৈ
…
আৰু মই
নদী হৈ নিতৌ পখালিম তোমাক"
উপসংহাৰঃ
তুমি বিচৰাৰ দৰেই
মই শিল হও
অনবৰত তোমাৰ বুকুৰ মাজতেই ৰওঁ
কুলু কুলু সুৰৰ জিঞ্জিৰি পিন্ধি
নিসংগতাৰ
কলৰৱ হওঁ
মৌনতাৰ পৰিভাষা হওঁ
দুয়ো দুয়োৰে
আজন্ম প্ৰহৰী হওঁ
সৃষ্টিৰ নিৰ্মল মোহনা হওঁ…………
মই শিল হও
অনবৰত তোমাৰ বুকুৰ মাজতেই ৰওঁ
কুলু কুলু সুৰৰ জিঞ্জিৰি পিন্ধি
নিসংগতাৰ
কলৰৱ হওঁ
মৌনতাৰ পৰিভাষা হওঁ
দুয়ো দুয়োৰে
আজন্ম প্ৰহৰী হওঁ
সৃষ্টিৰ নিৰ্মল মোহনা হওঁ…………
কঠিন শিল আৰু নদীক
ৰূপক হিচাবে লৈ ৰচনা কৰা ‘মই শিল, তুমি নদী’ শীৰ্ষক কবিতাটিক এটি নিৰ্মল প্ৰেমৰ কবিতা হিচাবে
আখ্যা দিব পাৰি । প্ৰেমৰ নিৰ্দ্দিষ্ট সূত্ৰ
বা ব্যাখ্যা নথকাৰ দৰে আলোচ্য কবিতাটিৰ ক্ষেত্ৰতো শিল আৰু নদীৰ পাৰস্পৰিক সম্পৰ্কক নিৰ্দ্দিষ্ট সূত্ৰৰে নিৰূপিত
কৰাৰ প্ৰয়াস দেখা নাযায় । তথাপি নদীৰ প্ৰেমৰ পাত্ৰ হিচাবে
শিলক উপস্থাপন কৰাত কবি সম্পূৰ্ণ ভাৱে সফল হোৱা বুলি ক'ব পাৰি । শব্দৰ যথাযথ প্ৰয়োগে কবিতাটিৰ
সৌন্দৰ্য্য বৰ্ধন কৰাত সহায় কৰিছে ।
যেনে,
যেনে,
কুলু কুলু সুৰৰ
জিঞ্জিৰি পিন্ধি
নিসংগতাৰ
কলৰৱ হওঁ
মৌনতাৰ পৰিভাষা হওঁ
দুয়ো দুয়োৰে
আজন্ম প্ৰহৰী হওঁ
সৃষ্টিৰ নিৰ্মল মোহনা হওঁ…………
নিসংগতাৰ
কলৰৱ হওঁ
মৌনতাৰ পৰিভাষা হওঁ
দুয়ো দুয়োৰে
আজন্ম প্ৰহৰী হওঁ
সৃষ্টিৰ নিৰ্মল মোহনা হওঁ…………
(খ) সেই দিন এই দিন ~ গোকুল গগৈ
মই মোক লৈ আনিব
নোৱাৰিলো
আইৰ নিচুকনি গীতৰ পৰা
গৰখীয়া গধূলিৰ পৰা
শেষনিশাৰ বিহুতলীৰ পৰা
য'ত এৰিথৈ আহিলো
সেই দুখন হাত, দুয়োটা ভৰি
চপল চকুৰ বিভূতি
আইৰ নিচুকনি গীতৰ পৰা
গৰখীয়া গধূলিৰ পৰা
শেষনিশাৰ বিহুতলীৰ পৰা
য'ত এৰিথৈ আহিলো
সেই দুখন হাত, দুয়োটা ভৰি
চপল চকুৰ বিভূতি
এৰাসুঁতিত এতিয়া
উঠিছে
মৰা মাছৰ উজান
পানীত জুলুম বান্ধি জাৰ
মৰা মাছৰ উজান
পানীত জুলুম বান্ধি জাৰ
যিখন খিৰিকীৰে
গুচি গ'লগৈ
নৰা পেঁপাৰ আঘোণ
সেইফালেই সোমাই আহিছে ধূলিৰ কুঁৱলী
ব্যস্ত বজাৰৰ দৰ, ৰক্তপাতৰ খবৰ
এন্ধাৰৰ নিপুণ আখৰা
নৰা পেঁপাৰ আঘোণ
সেইফালেই সোমাই আহিছে ধূলিৰ কুঁৱলী
ব্যস্ত বজাৰৰ দৰ, ৰক্তপাতৰ খবৰ
এন্ধাৰৰ নিপুণ আখৰা
মইতো লৈ আনিব
নোৱাৰিলো মোক
জৰা টেঙাৰ জিমৰ পৰা
ফলি-পুথিৰ বৰ্ণমালাৰ পৰা
চিলাপথাৰৰ ৰিং এটাৰ পৰা
জৰা টেঙাৰ জিমৰ পৰা
ফলি-পুথিৰ বৰ্ণমালাৰ পৰা
চিলাপথাৰৰ ৰিং এটাৰ পৰা
কবিৰ অতীত সোঁৱৰণ
আৰু বৰ্তমানৰ কঠোৰ বাস্তৱৰ অভিজ্ঞতাই হৈছে এই কবিতাটোৰ মূল উপজীব্য । আইৰ নিচুকনি গীতৰ অনুৰণন শেষ নৌহওঁতেই অথবা
ফলিপুথিৰ বৰ্ণমালাৰ স্মৃতি ধূসৰ নৌহওঁতেই ব্যস্ত
বজাৰৰ দৰ বা ৰক্তপাতৰ খবৰে কবিক বিব্ৰত কৰি তুলিছে । বোধহয় সেই কাৰণেই কবিৰ বক্তব্যই পূৰ্ণাংগ ৰূপ ধাৰণ কৰিব পৰা নাই । অত্যধিক অতীত প্ৰীতিৰ
প্ৰভাৱত বোধহয় কবি এটা আৱৰ্ত্তত বন্দী হৈ পৰিছে । কবিৰ এই মনোভাৱ নিম্নোক্ত কবিতাফাঁকিত অধিক স্পষ্ট হৈ ধৰা দিছে ।
মইতো লৈ আনিব
নোৱাৰিলো মোক
জৰা টেঙাৰ জিমৰ পৰা
ফলি-পুথিৰ বৰ্ণমালাৰ পৰা
চিলাপথাৰৰ ৰিং এটাৰ পৰা
জৰা টেঙাৰ জিমৰ পৰা
ফলি-পুথিৰ বৰ্ণমালাৰ পৰা
চিলাপথাৰৰ ৰিং এটাৰ পৰা
(গ)আঘোণৰ দাঁতিকাষৰীয়া খোজ ~ অংকুৰ শইকীয়া
সিদিনা পথাৰে
সেউজীয়াৰ আখৰা পাতিছিল
হেঁপাহত নুৰীয়াই থোৱা জীৱনৰ পাঠ পঢি
সেউজীয়াৰ ফালে ধাৱমান হৈছিল সাগৰময় বিশ্বাস ৷
হেঁপাহত নুৰীয়াই থোৱা জীৱনৰ পাঠ পঢি
সেউজীয়াৰ ফালে ধাৱমান হৈছিল সাগৰময় বিশ্বাস ৷
মই গৈ আছিলো গৈ
সিটো আলিবাটেৰে
যিটো আলিবাটেৰে এৰি আহিছিলো
কজলা গৰুহালৰ জিৰণিৰ চন পৰা কিছু ক্ষণ ৷
গমকে নাপালো কেতিয়ানো
শাওনে উজাই আঘোণৰ বাখৰুৱা পদূলি চুমিলেহি ৷
সিটো আলিবাটেৰে
যিটো আলিবাটেৰে এৰি আহিছিলো
কজলা গৰুহালৰ জিৰণিৰ চন পৰা কিছু ক্ষণ ৷
গমকে নাপালো কেতিয়ানো
শাওনে উজাই আঘোণৰ বাখৰুৱা পদূলি চুমিলেহি ৷
সুখৰ সুখ এটিৰ পম
খেদি খেদি
সপোন এটিয়ে বাট বুলিব ধৰিছিল
ফুলে-ডালে বিৰিঙি উঠিছিল
চিনাকী আলি-কেঁকুৰিৰে,
নাজানিলো কেতিয়ানো অঙ্কুৰিত হ’ল বুকুৰ বালিচৰৰ কুহুমীয়া ঠিকনা ৷
সপোন এটিয়ে বাট বুলিব ধৰিছিল
ফুলে-ডালে বিৰিঙি উঠিছিল
চিনাকী আলি-কেঁকুৰিৰে,
নাজানিলো কেতিয়ানো অঙ্কুৰিত হ’ল বুকুৰ বালিচৰৰ কুহুমীয়া ঠিকনা ৷
হয়তো তেতিয়া
সোণগুটি-সপোনৰ মেলা বহিছে
সেউজীয়াৰ উপমা বিচাৰি গভীৰৰ পৰা গভীৰত
ডালিমীজনীয়ে মুঠি মুঠি কৈ আঙুলিৰ ফাঁকেৰে,
গুণগুণনি ওঁঠত সাৱটি ধৰে চনকা ৰ’দৰ ভৰত ওমলা পথাৰ ৷৷
সেউজীয়াৰ উপমা বিচাৰি গভীৰৰ পৰা গভীৰত
ডালিমীজনীয়ে মুঠি মুঠি কৈ আঙুলিৰ ফাঁকেৰে,
গুণগুণনি ওঁঠত সাৱটি ধৰে চনকা ৰ’দৰ ভৰত ওমলা পথাৰ ৷৷
(উক্ত কবিতাটি মহাপুৰুষ শ্ৰীশ্ৰী
শঙ্কৰদেৱৰ ৫৬৮ সংখ্যক জন্মোত্সৱ উপলক্ষে উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, যোৰহাটৰ চৌহদত আয়োজিত স্বৰচিত কবিতা প্ৰতিযোগিতাৰ প্ৰথম স্থান
পুৰস্কাৰপ্ৰাপ্ত কবিতা ৷)
অংকুৰ শইকীয়াৰ
কবিতা ‘আঘোণৰ দাঁতিকাষৰীয়া খোজ’ আশা আৰু বিশ্বাসৰ যুগলবন্দীৰ এক সাৰ্থক ছবি । শব্দৰ ব্যৱহাৰত কিছু
সাৱধানতা অৱলম্বন কৰিলে এনে এটা কবিতাই সাৰ্বজনীনতা অৰ্জন কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।
গমকে নাপালো
কেতিয়ানো
শাওনে উজাই আঘোণৰ বাখৰুৱা পদূলি চুমিলেহি ৷..আৰু
সুখৰ সুখ এটিৰ পম খেদি খেদি
সপোন এটিয়ে বাট বুলিব ধৰিছিল।
শাওনে উজাই আঘোণৰ বাখৰুৱা পদূলি চুমিলেহি ৷..আৰু
সুখৰ সুখ এটিৰ পম খেদি খেদি
সপোন এটিয়ে বাট বুলিব ধৰিছিল।
আদি স্তৱকৰ
বক্তব্যৰ ক্ষেত্ৰত কবি অধিক স্পষ্ট হ'ব পাৰিলেহেঁতেন।
বাকীসমূহ
কবিতাসমূহৰ কথা ক'বলৈ গ'লে লীনা হাজৰিকাৰ ‘কাজিৰঙা’, ৰাজেন দাসৰ ‘অপত্য’ অঞ্জনা মিশ্ৰৰ ‘গজৰাজৰ চকুলো’ অনিতা গগৈৰ 'মিতভাষ’ নৱাকাশৰ ‘যাত্ৰা’ শংকৰ জ্যোতি দত্তৰ
‘আই তই বুঢ়ী হ'লি’ জ্যোতিষ কুমাৰ দেবৰ ‘সমানাধিকাৰ’
হিমাংগ দাসৰ ‘সৰা চুলিৰ বেপাৰ’, তৃষ্ণা ডেকাৰ ‘চালক’ আৰু পৰিমালা কোৱঁৰৰ ‘এটা অসুখ আৰু মোৰ সুখ নে দুখ’ আদিৰ প্ৰত্যেকটোৱেই একোটা নিটোল কবিতা । এই কবিতা বোৰত কবিৰ উচ্ছ্বাস আৰু আৱেগৰ আধিক্য বিশেষভাৱে মন কৰিবলগীয়া ।
হিমাংগ দাসৰ ‘সৰা চুলিৰ বেপাৰ’, তৃষ্ণা ডেকাৰ ‘চালক’ আৰু পৰিমালা কোৱঁৰৰ ‘এটা অসুখ আৰু মোৰ সুখ নে দুখ’ আদিৰ প্ৰত্যেকটোৱেই একোটা নিটোল কবিতা । এই কবিতা বোৰত কবিৰ উচ্ছ্বাস আৰু আৱেগৰ আধিক্য বিশেষভাৱে মন কৰিবলগীয়া ।
(ঘ) পূৱাৰ ৰ'দজাকে খৱৰ লোৱা মানুহজন ~ কিৰণ গগৈ
পূৱাৰ ৰ'দজাকে খৱৰ লয় মানুহজনৰ..
তেওঁ কিন্তু নাজানে
দিন, বাৰ বা মাহৰ কথা । নুসুধেও....
আৰম্ভ হয় আৰু এটা দিনৰ...
তেওঁ কিন্তু নাজানে
দিন, বাৰ বা মাহৰ কথা । নুসুধেও....
আৰম্ভ হয় আৰু এটা দিনৰ...
'আকাশখন সলনি হয়_
চিনাকীবোৰো_
বুজাভাৱবোৰ নুবুজা হয়
সময়বোৰ নিজ গতিত আতৰি যায় ! ঢুকি নোপোৱা দূৰলৈ"-
চিনাকীবোৰো_
বুজাভাৱবোৰ নুবুজা হয়
সময়বোৰ নিজ গতিত আতৰি যায় ! ঢুকি নোপোৱা দূৰলৈ"-
বৃদ্ধাশ্ৰমৰ
চকীখনত বহি তেওঁ মোক ক'লে_
আগতে গান ভাল
পাইছিল
প্ৰিয় গান গাইছিল ডাঙৰকৈ_
আগতে তেওঁৰ নিজাকৈ কিছুমান নিয়ম আছিল_
সপোনবোৰৰ ৰূপ দিছিল বাস্তৱত ।
মানুহজনে ক'লে...
প্ৰিয় গান গাইছিল ডাঙৰকৈ_
আগতে তেওঁৰ নিজাকৈ কিছুমান নিয়ম আছিল_
সপোনবোৰৰ ৰূপ দিছিল বাস্তৱত ।
মানুহজনে ক'লে...
'মোৰ সোতোৰা ছালৰ ভাজে ভাজে_
বগা চুলিৰ গুৰিয়ে গুৰিয়ে_
বহুত অভিজ্ঞতা লুকাই আছেও ! ..বোপাই" !!
বগা চুলিৰ গুৰিয়ে গুৰিয়ে_
বহুত অভিজ্ঞতা লুকাই আছেও ! ..বোপাই" !!
মই দেখিছিলো তেওঁৰ
মুখৰ অভিব্যক্তি
'শুনিবলৈ সময় নহব তোৰ
মানুহজনী ল'ৰা-ছোৱলী হালৰ মুখ চাম বুলি
নেদেখাকৈ গ'লগৈ--
সিহঁতিতো ডাঙৰ মানুহ হ'ল ! বিদেশত থকা ।
ডাঙৰ মানুহ নহবিও বোপাই" ! "কোনোদিনেই"....
মানুহজনী ল'ৰা-ছোৱলী হালৰ মুখ চাম বুলি
নেদেখাকৈ গ'লগৈ--
সিহঁতিতো ডাঙৰ মানুহ হ'ল ! বিদেশত থকা ।
ডাঙৰ মানুহ নহবিও বোপাই" ! "কোনোদিনেই"....
এতিয়া তেওঁ কথা
পাহৰাৰ অভ্যাস কৰে
স্মৃতিবোৰ মচিবলৈ...
.
গধূলি গধূলি ধূপ এদাল জ্বলাই
একেথৰে চাই থাকে ধূপদাল জ্বলি শেষ হোৱালৈকে ।
তাৰপিচত মিচিকৈ হাঁহে ।
স্মৃতিবোৰ মচিবলৈ...
.
গধূলি গধূলি ধূপ এদাল জ্বলাই
একেথৰে চাই থাকে ধূপদাল জ্বলি শেষ হোৱালৈকে ।
তাৰপিচত মিচিকৈ হাঁহে ।
লাহে লাহে
বৃদ্ধাশ্ৰমৰ তেওঁৰ বাবে থকা
নিদিষ্ট বিচনাখনত
বাগৰ দি চকু দুটা মুদি দিয়ে ।
নিদিষ্ট বিচনাখনত
বাগৰ দি চকু দুটা মুদি দিয়ে ।
তেনেকৈৱে শেষ হয়
এটা দিনৰ ....
কিৰণ গগৈৰ ‘পুৱাৰ ৰ'দজাকে খবৰ লোৱা
মানুহজন’ কবিতাটিত কঠোৰ বাস্তৱৰ এক কৰুণ অধ্যায় উন্মোচিত হৈছে । শব্দৰ
অৰ্থবহ প্ৰয়োগ আৰু চিত্ৰকল্পৰ সফল প্ৰয়োগে কবিতাটিক সাৰ্থকতা প্ৰদান কৰিছে ।
কবিতাৰ ভাষা
মিতব্যয়ী আৰু আটিল হলে সাধাৰণতে কবিতা অধিক মনোগ্ৰাহী
হয় । শব্দৰ যথাযথ ব্যৱহাৰ আৰু সৰল নিৰ্মাণশৈলীৰ বাক্যৰে কবিতাৰ ভাষা কলাসুলভ কৰি তুলিব পাৰিলে কবিতাই সাৰ্থকতা লাভ কৰে । মননশীলতা সাৰ্থক
কবিতাৰ আন এটা প্ৰধান চৰ্ত । কবিতাৰ আন এটা স্বৰূপ এনে যে স্পষ্টবাদীতাতকৈ ৰূপকৰ প্ৰয়োগে কবিতা ভাষাক অধিক কাব্যিক কৰি তোলে । আনহাতে কবিতাৰ
কমনীয়তা ৰক্ষা কৰাৰ ক্ষেত্ৰত কল্পনা আৰু বুদ্ধিনিষ্ঠতাৰ সমন্বয়ৰ বিশেষ প্ৰয়োজন আছে । এনে সমন্বয়ৰ প্ৰভাৱতে কবিতাত কবিতাৰ প্ৰধান লক্ষণ যেনে কল্পচিত্ৰবাদ, প্ৰতীকবাদ, অৰ্থঘন মিতব্যয়ী ভাষা, প্ৰকাশভংগীৰ বিচিত্ৰ ৰূপ আদি উজলি উঠে । কবিতাত এনেধৰণৰ
গুণবোৰ আৰোপ কৰি আৰু অধিক অভ্যাস কৰি আলোচ্য কবিসকলে
ফলপ্ৰসূভাৱে কাব্যচৰ্চা কৰি যাওঁক । তেওঁলোকলৈ আমাৰ শুভেচ্ছা থাকিল ।
----------------------------------------------------
----------------------------------------------------
*প্ৰশাসকৰ টোকা*
আখৰুৱাৰ ৪১ সংখ্যক
পুনৰীক্ষণ শিতানৰ চাৰিওটা খণ্ড যুগুতোৱাৰ দায়িত্ব লৈছিল বিশিষ্ট কবি, আখৰুৱাৰ সদস্য ড° কমল কুমাৰ তাঁতী ডাঙৰীয়াই। কিন্তু প্ৰথম আৰু দ্বিতীয় খণ্ড যুগুতোৱাৰ পিছত, হঠাৎ আহি পৰা চাকৰি সংক্ৰান্তীয় ব্যস্ততাৰ কাৰণে তেখেতে তৃতীয় আৰু চতুৰ্থ
খণ্ড যুগুতাব নোৱাৰিলে।
পিছলৈ আমি আখৰুৱাৰ
আন এগৰাকী বিশিষ্ট সদস্য ড° মাধুৰিমা বৰুৱাক 'পুনৰীক্ষণ'ৰ তৃতীয় আৰু চতুৰ্থ খণ্ড (অক্টোবৰ, ২০১৬) যুগুতাবলৈ অনুৰোধ কৰিছিলোঁ। আমাৰ অনুৰোধ মৰ্মে তেখেতে
শিতান দুটা যুগুতাই দিয়ে। সেয়ে তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
পলমকৈ হ'লেও আখৰুৱাৰ কাৰণে ড° মাধুৰিমা বৰুৱাই যুগুতোৱা পুনৰীক্ষণৰ
দুয়োটা খণ্ড মাননীয় সদস্যসকলে আৰু পৰ্যালোচনাত সন্নিৱিষ্ট কবিতাৰ কবিসকলে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ।
ধন্যবাদ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati
৩০ মাৰ্চ, ২০১৭
----------------------------------------------------
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati
৩০ মাৰ্চ, ২০১৭
----------------------------------------------------
ব্যৱস্থাপকৰ
মন্তব্য:
---------------------------
---------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা
কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে
গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি
আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি
থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ
পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
(ক) মই শিল তুমি নদী ~ পলাশ কুমাৰ নাথ
(খ) সেই দিন এই দিন ~ গোকুল গগৈ
(গ) আঘোণৰ দাঁতিকাষৰীয়া খোজ ~ অংকুৰ শইকীয়া
(ঘ) পুৱাৰ ৰ'দজাকে খবৰ লোৱা মানুহজন ~ কিৰণ গগৈ
(খ) সেই দিন এই দিন ~ গোকুল গগৈ
(গ) আঘোণৰ দাঁতিকাষৰীয়া খোজ ~ অংকুৰ শইকীয়া
(ঘ) পুৱাৰ ৰ'দজাকে খবৰ লোৱা মানুহজন ~ কিৰণ গগৈ
৪) এই পৰ্যালোচনাই
সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ
কৰিলোঁ।
মূল কবিতাত বৰ্তমানলৈ
চকুত পৰা ভুলসমূহ :
(ক) মই শিল তুমি নদী ~ পলাশ কুমাৰ নাথ
নোৱাৰাকৈ-> নোৱৰাকৈ
হও-> হওঁ
হও-> হওঁ
(গ) আঘোণৰ দাঁতিকাষৰীয়া খোজ ~ অংকুৰ শইকীয়া
নুৰীয়াই-> নুৰিয়াই
পঢি-> পঢ়ি
পঢি-> পঢ়ি
(ঘ) পুৱাৰ ৰ'দজাকে খবৰ লোৱা মানুহজন ~ কিৰণ গগৈ
পূৱাৰ-> পুৱাৰ
খৱৰ-> খবৰ
নুসুধেও-> নোসোধেও
আতৰি-> আঁতৰি
সোতোৰা-> শোটোৰা
ভাজে-> ভাঁজে
নহব-> নহ'ব
নহবিও-> নহ'বিও
এদাল-> এডাল
মিচিকৈ-> মিচিককৈ
নিদিষ্ট-> নিৰ্দ্দিষ্ট
তেনেকৈৱে-> তেনেকৈয়ে
খৱৰ-> খবৰ
নুসুধেও-> নোসোধেও
আতৰি-> আঁতৰি
সোতোৰা-> শোটোৰা
ভাজে-> ভাঁজে
নহব-> নহ'ব
নহবিও-> নহ'বিও
এদাল-> এডাল
মিচিকৈ-> মিচিককৈ
নিদিষ্ট-> নিৰ্দ্দিষ্ট
তেনেকৈৱে-> তেনেকৈয়ে
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা
পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
পাৰ্থ প্ৰতিম কলিতা
অচ্যুত মাধৱ দাস
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
১০ এপ্ৰিল¸ ২০১৭
জনজিৎ গোস্বামী
পাৰ্থ প্ৰতিম কলিতা
অচ্যুত মাধৱ দাস
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
১০ এপ্ৰিল¸ ২০১৭
No comments:
Post a Comment