“ব’হাগত বৰষুণৰ চিঠি ”
_____________________
ব’হাগত বৰষুণৰ চিঠি
এখন লাগিছিল
পাহৰিলি নেকি ঐ ,
ইমান ৰ’দৰ অভিমানী উত্তাপ
পুৰি ছাই হৈ যাব
দাব’ৰ কোমল বাওঁধান ডৰা ৷
লাহে লাহে কমিব ধৰিছে
চৰাই’ৰ অযুত কোলাহল
কোমল কুহিপাত বোৰ
সোতোৰা পৰিছে ক্ৰমশঃ ৷
দেখা নোপোৱা হোলো
আকাশত উৰা ডাৱৰ’ৰ চিলা
মধ্যাহ্ন সূৰুযৰ ৰ’ৱ নোৱাৰা তাপত
পাহাৰৰ শিখৰত লুকাইছে নেকি ৷
ইমান সময়ে
ব’হাগত বৰষুণৰ চিঠি এখন লাগিছিল ,
নহলে ফাগুনে বিদ্ৰুপ কৰিব ৷
ব’হাগত বৰষুণৰ চিঠি এখন লাগিছিল
নহলে ধুলিয়ে গালে মুখে চুমা আঁকিব ৷
আৰু পিয়াহত মৰিব
উত্তাপৰ কোমল ঋতুৰাজ বসন্ত ৷ ৷
কবি:-
ණউত্পল মেধি ।
No comments:
Post a Comment