Friday, 21 April 2017

গলিত সময়



গলিত সময়




কি যে অস্থিৰ বিপদাপন্ন
সহায়হীন সময়
উপায়হীনতাত
মন আৱদ্ধ হয়
'
ছালভাদৰ দালি'
গলিত সময়ৰ এখন পেইন্টিংত
বিশ্বাসৰ ৰাতিবোৰত
অবিশ্বাসৰ পথবোৰত
দুই এজন মাথোন
সময় জুখিব নজনা বিশ্বাসী পথযাত্ৰী
বৰ কৰুণতাত অতিবাহিত হয়
সময়ৰ উদযাপিত জীৱন ইয়াত
কেতিয়াবা বন্ধকিত থৈ
কেতিয়াবা বন্ধকিত লৈ
কেতিয়াবা নিথৰুৱা হৈ
সময় হয়
চৰিত্ৰহীন সময়ৰ ৰখিয়া
কবি:-
ল্যানী বৰ্মন

No comments:

Post a Comment