Thursday, 27 April 2017

মনটো"----মেজাঙ্কৰি খটোৱা



"মনটো"----মেজাঙ্কৰি খটোৱা




"মনটো"--- মেজাঙ্কৰি খটোৱা
আকাশ চুব পৰাকৈ দক্ষ ,
যুজি যুজি জয়ী হব পৰা নিপুণ যোদ্ধা ;
'
অপৰাজেয়'
বুটা বচা আঁচলৰ প্ৰয়োজন হৈছে
মনৰ চুক কোণবোৰ
জীপাল কৰিব পৰাকৈ,
মনৰ নিভৃত কোণত
কুৰুকি কুৰুকি খামুচি থকা
অতীতৰ সেউজীয়াবোৰে,
পিজালি থাকে বাৰে বাৰে;
ওলাই আহিব বা আনিব পৰাকৈ
প্ৰস্তুত নহয়,
ভাষাৰো অভাব বুজাই দিব পৰাকৈ
অতীত যে সদায় সোণোৱালী
বৰ্ত্তমান সমস্যা বহুল,
সপোন সদায় ৰঙীন
বাস্তব আধৰুৱা-----
কোনেনো কব
সতৰ্ক কৰি দিব
অগ্ৰসৰ হ' সন্মুখলৈ চায়,
পিছলৈ ঘূৰি চায়
যাত্ৰা নাস্তি নকৰিবি ।


বি:পৰিমিতা গোস্বামী

No comments:

Post a Comment