ব'হাগ
ব'হাগত অসমীয়া জাতিয়ে
জাতীয় অস্তিত্বৰ গৌৰৱৰে
মহিয়ান হৈ পৰে
ৰাঙলী হৈ পৰে অসমৰ জলবায়ু,
অসমীয়াৰ প্ৰতিটো শ্বাস-প্ৰশ্বাস
আনি দিয়ে গতিশীলতা যুগসন্ধিলৈ
জাতীয় অস্তিত্বৰ গৌৰৱৰে
মহিয়ান হৈ পৰে
ৰাঙলী হৈ পৰে অসমৰ জলবায়ু,
অসমীয়াৰ প্ৰতিটো শ্বাস-প্ৰশ্বাস
আনি দিয়ে গতিশীলতা যুগসন্ধিলৈ
ব'হাগ মানেই হ'ল
অসমীয়াৰ মান যুগজয়ী বিহুগীত ,
বিবিধ ভাষা -সংস্কৃতিৰ , নৃগোষ্ঠীৰ
বিহুসুৰীয়া গীতৰ সমাহাৰ
ব'হাগে কাষ চপাই আনে
চিনাকি -অচিনাকি মনবোৰ
আৰু ডেকা-গাভৰুৰ দুৰ্বাৰ হেঁপাহ
অসমীয়াৰ মান যুগজয়ী বিহুগীত ,
বিবিধ ভাষা -সংস্কৃতিৰ , নৃগোষ্ঠীৰ
বিহুসুৰীয়া গীতৰ সমাহাৰ
ব'হাগে কাষ চপাই আনে
চিনাকি -অচিনাকি মনবোৰ
আৰু ডেকা-গাভৰুৰ দুৰ্বাৰ হেঁপাহ
বসন্তই একত্ৰিত
কৰি ৰাখে
বহুত্ব সংস্কৃতিৰ মাজত
বৃহত্তৰ অসমীয়া জাতিৰ ঐক্য ,
বুঢ়া লুইতৰ দুই পাৰৰ সমতলত
গঢ়ি উঠা নানা ৰহণীয়া
সংস্কৃতিৰ ক্ষেত্রখন
বহুত্ব সংস্কৃতিৰ মাজত
বৃহত্তৰ অসমীয়া জাতিৰ ঐক্য ,
বুঢ়া লুইতৰ দুই পাৰৰ সমতলত
গঢ়ি উঠা নানা ৰহণীয়া
সংস্কৃতিৰ ক্ষেত্রখন
ব'হাগত অন্ত পৰে
ফাগুনৰ শ্ৰীহীন ক�ৰাৰ উপদ্ৰৱ ।
গছ-লতিকাৰ খহাই পেলোৱা আৱৰণ
বসন্তই আলফুলে গা ঢাকি দিয়ে
ফাগুনৰ শ্ৰীহীন ক�ৰাৰ উপদ্ৰৱ ।
গছ-লতিকাৰ খহাই পেলোৱা আৱৰণ
বসন্তই আলফুলে গা ঢাকি দিয়ে
ব'হাগতেই বিপথগামী শক্তি মূল সূঁতিলৈ
উভতি আহি ঠন ধৰি উঠে
যতি পৰে অশুভ শক্তিৰ
উভতি আহি ঠন ধৰি উঠে
যতি পৰে অশুভ শক্তিৰ
ব'হাগে সূচনা কৰে যুগান্তৰৰ
ইতিবাচক চিন্তাধাৰাৰে
প্ৰশান্তিৰ পথত আগবাঢ়ি যায়
এটা জাতিৰ জাতীয় জীৱন ।
ইতিবাচক চিন্তাধাৰাৰে
প্ৰশান্তিৰ পথত আগবাঢ়ি যায়
এটা জাতিৰ জাতীয় জীৱন ।
কবি:-
ණলীনা হাজৰিকা ।
No comments:
Post a Comment