Wednesday, 12 April 2017

ৰ’দ



।। দ ।।


মোৰ হেঁপাহৰ বৰঘৰ।
আজিকালি মই
বৰ সহজতে সহিব পাৰো ৰদৰ দহন।
আচলতে এয়া মোৰ
দীর্ঘদিনীয়া অভ্যাসৰ ফচল
কিম্বা পিতাইৰ অপৰাহ্ন সময়ৰ
আকুল আবেদন
মোৰ ৰদে পোৰা পিঠিত
নিমিষতে শুকুৱাব পাৰোঁ দুখৰ ৰুমাল,
শাওণৰ ঘামে তিতা দেহত ওমলাব পাৰোঁ
দৰ উত্তাপ
আজিকালি মই
সহজতে সহিব পাৰো
দুখৰ দোপালপিটা বৰষুণ এজাক
-কবি:-
উইল চিদ্দিকুৰ ৰহমান।

No comments:

Post a Comment