Sunday, 23 April 2017

ভায়োলিন



ভায়োলিন





একুৰা শিমলুত জ্বলি যোৱা এই চহৰৰ এটা ওখ ঘৰৰ
সন্ধ্যাৰ উদাস খিৰিকীত ৰৈ এগৰাকী নাৰীয়ে
চকুপানীৰ তাঁৰক আঙুলিৰে ৰেপি ৰেপি
ওঠত তুলি যায় ৰাগ মেঘমল্লাৰ
ফাগুনৰ সকলো সৰাপাতৰ মাত সামৰি বিয়পা
তেওঁৰ ওঠৰ কাতৰতাই
জগায় তোলে বুকুৰ চাকত টোপনিৰত এটি মৌ-মাখি
ওৰে ৰাতি ভুনভুনাই মৌটোৱে এতিয়া শুব নিদিয়ে মোক
পৃথিৱীৰ আটাইখিনি সাচতীয়া নীলাৰে সেই নাৰী
উকা পাতৰ প্ৰিয় চৰাই এটিৰ উপমা
যি নীলা চৰাইৰ পাখিত মুখ গুজি মই জীৱন পাত কৰিম
ময়েই লৈ ফুৰিছোঁ তেওঁৰ মেঘালয় দুচকুত ৰুই দিবলৈ
অন্তহীন স্বপ্নময় যাত্ৰাৰ সম্ভাৱনা
জোনাকৰ ৰাতি আৰু গোলাপৰ দিন
'তদিনৰ সাচতীয়া ভালপোৱাৰে বিনিময় কৰি লৈ আহিবলৈ
তেওঁৰ ওঠত তিতি থকা সেই কৰুণ ভায়োলিন

কবি:-
ৰাজীৱ ডেকা

No comments:

Post a Comment