Wednesday, 19 April 2017

তলা



তলা


বাকচত তলা
আলমিৰাত তলা
দুৱাৰত তলা
বাৰাণ্ডাত 'লা
জপনাত তলা..
তলা তলা তলা
তলা মাৰি মাৰি কথাবোৰ পেটত কিমান থবি
তলা খুলিলেই আঙুলি পোনাই আহে মুৰখাইতী বিপদ
তলা নলা বিচাৰি
তৰা নৰা ছিগি
বাকচহেন জীৱনটো দৌৰি ফুৰে
তলাত ঈশ্বৰ থাকে
তলাত শক্তি থাকে
তলাৰ অভিমান নাথাকে ...
হৃদয়তো এটা তলা _
জীৱনটো কব নোৱাৰাকৈয়ে তলাৰ বিজ্ঞাপন হৈ পৰে
চাবি হেৰালেও তলাৰ বিপদ
হাতুৰীৰ কোব পৰে-
সন্তৰ্পণে চাবিবোৰ কঁকালৰ খোঁচনিত
গাৰুৰ তলত
ভেনিটি বেগৰ ভিতৰত শুই থাকে
হৃদয়ৰ তলাৰ চাবিটো কত থাকে কোনেও নাজানে
(
ঈশ্বৰেও জানেনে নাজানে সন্দেহ )
কেতিয়াবা হৃদয়ৰ মালিকেও তাক বিচাৰি ঘুৰ্মটিয়াই ফুৰে
কেতিয়াবা চাবি থাকিলেও তলা খুলিব নোৱাৰে বাবে হৃদয়ৰ মালিকে আকাশ চাব নোৱাৰে |
কবি:-
দীপ্তি দেউৰী বৰা

No comments:

Post a Comment