সুখৰ অশ্লীলতাত
দুখৰ বিননি
,
,
শান্তিৰ সীমনাত ৰৈ
অশান্তিৰ কীটটোৱে আকৌ
কুটিব ধৰিছে মোক,
ৰক্তহীনভাৱেই বৈ আছে
যাৰ বিষপানী ।
ক্ৰমশঃ
ভাল নলগা হৈ আহিছে
খিৰিকীৰ সিটোপাৰৰ
গছজোপাৰ সুৰুঙাৰে অহা
হেঙুলীয়া আভা কিম্বা
নীড়মুখী চৰাইজাক।
,
আজি সুধিছিলোঁ তেওঁক
মনৰ কিমান বিষণ্ণতাত
নিসংগতাৰ প্ৰেমিক হৈও
বিচাৰে কোলাহল ?
জোনাকৰ বিশ্ৰম্ভত
আঁউসীৰ ছৱি আঁকে?
নতুবা
ৰ'দজাকত বহি কামনা কৰে
বৰষুণজাকে ধুৱাই নিয়ক
দুখৰ মলিন কামিজ ।
তেওঁৰ স্মিত হাঁহিত সহজাত উত্তৰ
ওপঙি থকা সৰাপাতটোৱে
ক'ব পাৰে জানো
ৰৈ যোৱাৰ নিৰ্দিষ্ট স্থান ।
,
মই নাজানোঁ
অশান্তৰ কিমান দংশনত
ওচৰত পায় মৃত্যুক?
কিন্তু অনুভৱ কৰিলেই
যেনেদৰে পাওঁ তোমাক
তেনেদৰেই পাওঁ মৃত্যুক ।
অশান্তিৰ কীটটোৱে আকৌ
কুটিব ধৰিছে মোক,
ৰক্তহীনভাৱেই বৈ আছে
যাৰ বিষপানী ।
ক্ৰমশঃ
ভাল নলগা হৈ আহিছে
খিৰিকীৰ সিটোপাৰৰ
গছজোপাৰ সুৰুঙাৰে অহা
হেঙুলীয়া আভা কিম্বা
নীড়মুখী চৰাইজাক।
,
আজি সুধিছিলোঁ তেওঁক
মনৰ কিমান বিষণ্ণতাত
নিসংগতাৰ প্ৰেমিক হৈও
বিচাৰে কোলাহল ?
জোনাকৰ বিশ্ৰম্ভত
আঁউসীৰ ছৱি আঁকে?
নতুবা
ৰ'দজাকত বহি কামনা কৰে
বৰষুণজাকে ধুৱাই নিয়ক
দুখৰ মলিন কামিজ ।
তেওঁৰ স্মিত হাঁহিত সহজাত উত্তৰ
ওপঙি থকা সৰাপাতটোৱে
ক'ব পাৰে জানো
ৰৈ যোৱাৰ নিৰ্দিষ্ট স্থান ।
,
মই নাজানোঁ
অশান্তৰ কিমান দংশনত
ওচৰত পায় মৃত্যুক?
কিন্তু অনুভৱ কৰিলেই
যেনেদৰে পাওঁ তোমাক
তেনেদৰেই পাওঁ মৃত্যুক ।
কবি:-
ණডুলুমণি ৰয়।
No comments:
Post a Comment