Sunday, 30 April 2017

জলকুঁৱৰীৰ ছাঁ...



জলকুঁৱৰীৰ ছাঁ...


আন্ধাৰ বিচাৰি মৰোঁ জীওঁ‌ সোঁ আধিকৈ দৌৰিছে, প্রাণপণে । মখমলৰ বস্ত্র জেওৰাত লাগি ফালি অৱশিষ্ট টুকুৰা ককাঁলত উৰিছে। অচিন কাঁইটে দ্রুত ভৰিত খুঁচি ৰাঙলী কৰিছে। দৌৰিছে আৰু দৌৰিছে । পিছে পিছে অস্ত্রধাৰী এধুমুহা মানুহ... আৰু পথ নাই আগত।পথ ৰূদ্ধ। এতিয়া বাওঁফালে জোনাকীৰ গা ধোৱা পুখুৰী। ৰাতিৰ মাছবোৰে তাত নিতাল মাৰিছে। জলকুঁৱৰীয়ে হাত বাউল দি মাতিছে। সোঁফালে কাঁইটীয়া কোঁটোহা বাঁহ এচোপা।
বাওঁফালৰ জোনাকীৰ পুখুৰীত জাহ যাব নে কাঁইটীয়া বাঁহৰ মাজেৰে সোঁফালৰ পথ লৈ কলিজা চিৰাচিৰ কৰি মৰিব !!!পিছফালৰ অস্ত্রধাৰী মানুহবোৰ পায়হিয়েই এতিয়া ... জীৱন মৃত্যুৰ দোমোজাত বিমূঢ় হৈ পৰিল দিনৰ পোহৰৰ প্রৱল প্রতাপী বীৰাট ৰাজা।
*** *** *** *** *** *** *** *** *** *** ***
ভাওনা শেষ হ'ল। নামঘৰৰ বন্তি স্তিমিত হ'ল। খোলবোৰ আৰু খুটি তালবোৰ মূধচত ওলমিল। ভকতি ৰসেৰে সংপৃক্ত দর্শকগণ ঘৰা-ঘৰি গ'ল। অলপ আগতে পাণ্ডুৰ ভাও লোৱা নিশিকান্ত চহৰীয়া পিছফালে নামঘৰীয়াৰ মজিয়াত পৰি ৰ'ল।
বীৰাট ৰাজা। গুৰু গহীন কন্ঠস্বৰৰ বীৰাট ৰাজাৰ ভাল নাম দেওমৰনৈৰ পাৰৰ ৰাইজে কাহানিবাই পাহৰিলে। সুদীর্ঘ এযুগ প্রতিখন ভাওনাৰ নিগাজী ৰাজকীয় ভাৱৰীয়া তেওঁ সেই নামেই ৰজন জনোৱা। কবচ খুলি বীৰাট নিশিকান্তৰ ওচৰলৈ গ'ল। মখমলৰ হাতেৰে বীৰাট ৰাজাই নিশিকান্তক চুই চালে। নাই। সুৰাৰ নিচাত সি নাজল-নাথল, থৰক-বৰক। পথালিকোলাকৈ ডাঙি বীৰাট ৰাজাই তাক নামঘৰীয়াৰ বিচনাত তুলি থ'লে। সি হাত মেলোতেই বীৰাট ৰাজাই আৰু এটা কাঢ়া, মনেশ্বৰ স্বর্গীয়াৰীৰ ঘৰৰ পৰা অনা সুৰা তাৰ হাতত তুলি দিলে। এই জীৱনত একো নাই বুলি নিশিকান্তই থৰক বৰক হাতেৰে এইটো পেকেটো একে সোহাই পি দিলে। লাহে লাহে সি তাৰ মায়াবী সপোনত বুৰ গ'ল।
তই ইয়াতেই শুই থাক নিশি। এই অৱস্থাৰেই ঘৰত যাব নালাগে। মই যাওঁতে তোৰ ঘৰত কৈ থৈ যাম।
আপুনিয়েই মোৰ বাপ। বীৰাট ৰাজাক হাত যোৰ কৰি অথর্ব নিশিকান্ত পৰি ৰ'ল নামঘৰীয়াৰ বাঁহৰ চাঙত। বীৰাট ৰাজা ওলাই গ'ল।
মানুহবোৰ শুই নিপালি দিছে। আকাশত এটি দুটি অনুজ্জ্বল তৰা! গৈ থাকিল বীৰাট ৰাজা। কেকুঁৰিটো ঘুৰিয়েই পুখুৰীটোৰ পাৰত নিশিকান্তৰ ঘৰ। পদুলিমুখত বাঁহৰ হেঙাৰ। ভিতৰ সোমাই বাওঁফালে উৰুখা জুপুৰী এটা। তাত নিশিকান্তৰ বিধবা মা ফেলানী বুঢ়ী থাকে। তাত এন্ধাৰ। বুঢ়ী চাগে' শুলে। পিছফালে আন এটা জুপুৰী। তাত জোনাকীৰ স'তে নিশিকান্ত থাকে। জোনাকী, নিশিকান্তৰ দৰে কেলেহুৱা এটাৰ জোনৰ দৰে ঘৈনীজনী। ঈছৰে এনেকুৱাকৈ সৰজিলে তাইক, যেন সাইলাখ অপেচৰী! জোনাকীৰ জুপুৰীটো পোহৰ । ভঙা দুৱাৰৰ মাজেৰে চালে বীৰাট ৰাজাই। ভিতৰত জবাফুল!
'জোনাকী, ও জোনাকী, শুলিয়েই নে?- জবা ফুলৰ সুবাস টানি বীৰাট ৰজাই মাত দিলে।বিচনাত কেৰেক্ কৈ এটা শব্দ হ'ল।
কোন- ভিতৰৰ পৰা শব্দ সৰিল। বীৰাট ৰাজাৰ বুকু খহিল।
'
মইহে'
জোনাকীয়ে দুৱাৰ খুলিলে। হাতত কেৰাচিনৰ টিপ চাকি এটা ঢিমিক ঢামাক জ্বলিছে। জোনাকীৰ শৰীৰৰ ভাজঁবোৰ মায়াবী দেখাইছে।
'
নাই শুৱা, ৰৈ আছো। তেখেত অহাই নাই নহয় !'
'
সি আজি নাহে। নামঘৰীয়াৰ ঘৰতে শুলে। মোক খবৰ দি যাবলৈ ক'লে।'
'
'
শুও তেনে। লঘোনে আছো। জোনাকীয়ে মিচিক্ কৈ হাঁহিলে।
বীৰাট ৰজাই তাইৰ চকুলৈ চালে। তাই ভিতৰলৈ সোমাই দুৱাৰখন বন্ধ কৰি দিলে। বীৰাট ৰজা বাহিৰতেই ৰৈ থাকিল।
ভিতৰৰ পৰাই জোনাকীয়ে চেপা মাতেৰে ক'লে-এতিয়া যাওঁকগে'। বুঢ়ীৰ ঘুমটি অহা নাই। কাঁহ মৰা শুনিছো। পিছফালৰ কুৱাঁৰ পাৰৰ দুৱাৰখন খোলা থাকিব।
জোনাকীয়ে দুৱাৰৰ ফুটাৰে ৰাজালৈ চালে।
দিনৰ সমাজৰ গণ্য ,গহীন, ক্ষমতাশালী, ৰাইজৰ মধ্যমনি বীৰাট ৰজাৰ ন যজৌ ন তস্থৌ ভৰি।
'
তই নুশুবি তেন্তে। মই ঘৰৰ পৰা আহো'-বীৰাট ৰজাই নিজৰ ঘৰলে' খোজ ল'লে, এন্ধাৰ আৰু জোনাকৰ বাটেৰেই...
শনিৰাম। শনিৰাম দেওনৈপৰীয়া ভাওনাৰ স্থায়ী বহুৱা। জলম উৰাই যেতিয়া সি বতাহত ঘুৰে, মৰনৈ পাৰৰ দুখবোৰ কর্পূৰ হৈ উৰে। ঘৰত এটা ফটা খোল, ৰুগীয়া ঘৈনী আৰু তিনিজনী অপুষ্টি ছোৱালীৰে শনিৰামে ভিকহু নাচ নাচে। ৰাইজে উত্রাৱল হৈ হাঁহে। অলপ আগতে হহু্ঁৱাই ৰাইজৰ পেটৰ নাৰী চিগা শনিৰামৰ মনলৈ ঘৈনীয়েকৰ নিস্তেজ শুকান দেহটো আহে। অনিচ্ছাকৃত ভাবে সি আন এটা পথত ভৰি দিয়ে। ক'ৰবাত কুকুৰ এটাই ৰাউচি জুৰি ভুকে। কোনেও নেদেখাকে বহুৱা শনিৰামে এন্ধাৰৰ মাজেৰেই চিনাকি পথটো এৰি আনফালে ঘুৰে। আকাশৰ এটি দুটি অনুজ্জ্বল তৰাৰ তলেৰেই সি পুখুৰীমুৱা পথটো ধৰে। কেকুঁৰিটো ঘুৰি পুখুৰী পাৰৰ তাইৰ ঘৰলে' সি খোজ ধৰে। ভয় নাই। নামঘৰীয়াৰ ঘৰত বাঁহৰ বিচনাত বেহুচ হৈ পৰি থকা নিশিকান্তক সি নিজেই দেখি আহিছে। হেঙাৰডাল আতঁৰাই মনে-মনে সি জুপুৰীটোৰ ওচৰলৈ যায়। বুঢ়ীয়ে কাঠ কাহ এটা মাৰে। সি পিছফালে বেৰৰ আঁৰ লৈ ৰৈ থাকে আৰু ফেলানী বুঢ়ীৰ টোপনি অহালৈ অপেক্ষা কৰে।
ফেলানী বুঢ়ী। ফেলানী বুঢ়ীয়ে তেল চিকতি গাৰুত মুখ গুজি কান্দে। শুকান চকুত পানী নাই। দেওধনী নাচ নাচি থাকোঁতে তাইক লক্ষ্মীকান্তই মুহিলে। পিছৰ বাৰ হোলিৰ দিনা তাই লক্ষ্মীকান্তৰ লগত পলাই আহিল। দেওমৰনৈৰ পাৰত জুপুৰী সাজি সিহঁতৰ কি যে সুখী সংসাৰ ! আহিনৰ এক অমাৱস্যাৰ ৰাতি পুতেকৰ জন্ম হ'ল। লক্ষ্মীকান্তই নাম দিলে নিশিকান্ত,আউসী নিশাৰ আন্ধাৰ ফালি সি বংশৰ নাম উজ্জ্বল কৰিব। লক্ষ্মীকান্তই তাইক চাৰি তোলা সোণৰে ফুটি গঢ়াই দিলে। বুঢ়ীয়ে হুমুনিয়াহ এৰিলে। এবছৰ পিছত লক্ষ্মীকান্ত অচিন নৰিয়াত পৰিল। লচ্-পচী ফেলানী গহীন হ'ল। সোন চোন এতিয়া হাতৰ ফাঁকেৰে সৰকি যায়। নামঘৰৰ চোতালত মথেনী উৎসৱ চলিছে। কাঁহি কাঁহি নিশিকান্তই শেতেলীতে কান্দিছে। ফেলানী মথেনীলৈ গ'ল। বাসুকী নাগৰ গাত ধৰি জীৱনটো মথিলে। মথেনীৰ চিগা ৰছীৰ টুকুৰা আনি লক্ষ্মীকান্তৰ শিতানত থ'লে। প্রভু, মই জীৱনটোৱেই মথি দিম, মোৰ মানুহজনক ঠিক কৰি দিয়া।
অমাৱস্যাৰ এৰাতি ফেলানী আৰু কেঁচুৱা নিশিকান্তক এৰি লক্ষ্মীকান্ত সৰগলৈ গ'ল। ফেলানীয়ে দুখৰ দেওধনী নাচিলে।
ফেলানীয়ে কাণৰ ফুটিযুৰি চুই চালে। লমা-লমে ওলমি আছে লক্ষ্মীকান্তৰ সোণালী মৰম।
নিশিকান্ত লক্ষ্মীকান্তৰ দৰে নহ'ল। ভাওনাত তাক পাণ্ডুৰ ভাওহে দিয়া হ'ল। ফেলানীয়ে বাছি বাছি সিখন গাওঁৰ বৰঢুলীয়াৰ ছোৱালী জোনাকীক আনিলে, বোৱাৰী কৰি। ঘৰখন ভৰক। পিছে বিয়াৰ চাৰি বছৰ পিছতো বংশধৰ নোলাল। ফেলানীয়ে দৰঙীয়া বেজ মাতিলে, জৰা ফুলেৰে জোনাকীক সজালে, মৌলানাৰ জৰা পানী খুৱালে, নিয়তি বুঢ়ীৰ দাৰু বান্ধিলে, বুঢ়া গোঁসাইক শৰাই আগবঢ়ালে। জোনাকীৰ গর্ভ অনুর্বৰতাই নেৰিলে। আজি ফেলানী নদী পাৰ হৈ গৈছিল-বেমাৰী দেহাৰেই। নিমাতী বুঢ়ীয়ে খবৰ দিছিল, সিপাৰত এজনে সপোনত দাৰু পাইছে। খুটাত ঘা মৰা পৰমাণ। দাৰুখিনি ফেলানীয়ে জোনাকীৰ জুপুৰীৰ কুঁৱাৰ পাৰৰ ফালে থকা দুৱাৰ খনত ওলমালে, কি ঠিক, কণা গোঁসায়ে এইবাৰ চকু মেলি চায়ে বা ! জোনাকীৰ কোচ ভৰেই বা ! ফেলানীয়ে বাগৰ সলালে। দূৰত কোনোবাই শুকনানী খুটিতাল বজাইছে। শব্দটো ফেলানীৰ কাণত বিষাদ হৈ বাজিছে।
বীৰাট ৰজাৰ পদুলিত কামিনী কাঞ্চন। দীঘল পদুলিটো গচকি বীৰাট ৰাজা চ'ৰাঘৰ পালে। হাৰিকেন লেম্পটো লৈ ঘৈণীয়েক ওলাই আহিল। ইমান পলম কৰিলে ! সৰুপোনা ৰৈ আছিল একেলগে ভাত খাব বুলি।
'আহোঁতে নিতাইৰ ঘৰত সোমাই আহিলো। বোলো ঘৰলৈ বৰাতমনি কল এআখি লৈ আহো। সৰুপোনাই কালি তাৰ হোষ্টেললৈ নিব পাৰিব। চহৰতনো ক'ত এনে ধুনীয়া কল পাব!
'পালে নে পিছে?'-ঘৈনীয়েকে হাত-মুখ ধুবলৈ পানী এলোটা আনি দি সুধিলে।
'
নাই। সি নিপালি দিলেই।'
মিছা কথাটো কৈ বীৰাট ৰজাৰ অলপ বেয়াও লাগিল।
সৰুপোনা শুলে নেকি?-কথা সলালে বীৰাট ৰাজাই।
'
' তো। কাহিলীপুৱাতেই চহৰৰ বাছ ধৰিব নালাগিব জানো ! ক'লেজ হেনো খুলিলেই। ভাওনা চাবলৈ বুলিহে আজি ৰৈ দিলে।
ঘৈনীয়েকে ভাত বাঢ়ি দিলে। ভাত খাই হাত ধুই বীৰাট ৰাজাই ক'লে- তই শুগৈ যা। মই আজি চ'ৰাঘৰতে শুম। গৰম লাগিছে বহুত।
বাচনবোৰ অঁতাই ঘৈনীয়েক গুচি গ'ল। ঘৰখন নিজান পৰাত বীৰাট ৰাজাই সাৰ পালে। চিনাকি পদুলি এৰি কামিনীকাঞ্চন জোপাৰ তলেৰে সুবাসিত বাটেৰে কেকুঁৰিটো এৰি পুখুৰী পাৰৰ অভ্যস্ত মায়াজুপুৰীটোলৈ ৰাজাই বাট পোণালে।
কুঁৱাৰ পাৰৰ জুপুৰীটোৰ পিছদুৱাৰ মেল খালে। চিনাকি সময় সাৱটি বীৰাট ৰাজাই ৰঙা জবা ফুল চুলে। নিয়ৰ আৰু ঘাম সৰিল। নিয়ৰ আৰু ঘাম। সময়বোৰ সংকুচিত প্রসাৰিত হৈ পৰিল।
এনেতে নিশাৰ আন্ধাৰ ফালি দুটা আর্তনাদ শুনা গ'ল। এটা অস্ফুট, ভিজা- ভিজা, আনটো সশব্দ তীব্র মৰণকাতৰ। গগণ কঁপাই ফেলানী বুঢ়ীয়ে ৰাউচি জুৰিলে। খালে ঔ খালে, কটা নিধকে মোক বুকুতেই খালে। ঐ কোন জহনীত যোৱাও । মোৰ কাণখন চিঙি নিলেও...। মোৰ ফুটি পাত নিলে ঔ.... বুঢ়ীৰ জুপুৰীৰ বেৰ ভাঙি এন্ধাৰত কোনোবা এটা লৰ মাৰি এন্ধাৰতেই মিলি গ'ল। দুপৰ নিশাৰ বুঢ়ীৰ আর্তনাদটোৱে চুবুৰীটোৰ সকলোৰে ঘুমটি ভাঙিলে। টর্চ, লাঠি, দা লৈ ডেকা সকল ফেলানী বুঢ়ীৰ জুপুৰীলৈ দৌৰি আহিল। বাঁহৰ বিচনাত পৰি বুঢ়ীয়ে মূচকচ যোৱাকৈ কান্দি আছে। বুঢ়ীৰ বাওঁকাণৰ লতিটো চিঙি নিছে। তেজে তুমৰলি হৈ পৰিছে বুঢ়ী। দুতোলা সোণৰ ফুটিপাত কোনোবা চুৰে নিলে।
পিছফাল কুঁৱাৰ পাৰেৰে ছাঁ এটাই ভিৰাই লৰ মাৰিছে। দেখিছে দেখিছে। ৰাইজখনে দেখিছে। হতচিৰি যোৱা, বুঢ়ীকো নেৰিলি। ব' 'ল। লাঠী দা লৈ উন্মত্ত ৰাইজে ছাঁটোৰ পিছে পিছে খেদিলে। চোৰ চোৰ । ধৰ , ধৰ তাক। খেদি গ'ল সমস্ত ৰাইজে। হাতখন ততাতৈয়াকৈ ধুই লৈ নতুন সাজেৰে অলপ পিছতেই দলটোত শনিৰাম বহুৱাও আহি যোগ দিছে। গামোছাখন মূৰত বান্ধি সিও চোৰ খেদিছে। (আৰু কোন চোৰ আছিল তাত !) দূৰৈৰ গাওঁখনৰ পৰা দেওঁধনী নৃত্যৰ ঢোল উদাত্তে বাজিছে। জুপুৰীৰ ভিতৰত জোনাকীৰ বুকু কঁপিছে। চোৰ যদি ধৰা পৰে!!!
পুখুৰীটোৰ পাৰত কোঁটোহা বাঁহচোপৰ তলত সিহঁতে চোৰটো ধৰিলে। কৰযোৰে প্রণাম কৰি বীৰাট ৰাজাই কান্দিলে। মই চোৰ নহয়। মই চোৰ নহয়। মই...মই...
***************************************
পিছদিনা নামঘৰত বিচাৰ হোৱা কথা আছিল। সিদিনাৰ পৰাই বীৰাট ৰাজা হেৰাই থাকিল। কোনোৱে দেখা নাপালে।
সিদিনাৰ পিছত ফেলানী বুঢ়ীৰ সংসাৰ ভৰিল। কুঁৱাৰ পাৰত জোনাকীৰ জুপুৰীৰ পিছদুৱাৰত ওলমাই দিয়া সপোনত পোৱা দাৰুই কাম দিলে চাগে'। জোনাকীৰ ধুনীয়া এটা 'ৰা সন্তান হ'ল।
কিবা নৰীয়াত পৰি নিশিকান্ত ঢুকাই থাকিল।
শনি বহুৱাই নামঘৰত এতোলা সোণৰ ফুল এপাহ গঢ়াই দিলে।
আৰু আনপাত ফুটিৰে ফেলানী বুঢ়ীয়ে নাতিপোৱালিটোক সোণৰ চেইন এডাল গঢ়াই দিলে।
....................../////......................
[
ফুটি (স্থানীয় ভাষা): থুৰীয়া, কাণত পিন্ধা এবিধ অলংকাৰ।]
কবি:-
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment