Sunday, 30 April 2017

সখী যূতি মালতী



সখী যূতি মালতী


হাতে মেলি সুৱাস আদৰিচা
কাৰ বাবে অ' সখী যূতি-মালতী
দোকমোকালিতে জেতুকাপাতৰ ৰঙেৰে আবিৰ সানিচা
কবানো কিদৰে মলয়া-বতাহৰ ৰেণুকণা সপোন
বাঁহীৰ এটি প্ৰাচীন গুণগুণনি বতৰা
নাই একোকে ক'ব নোৱাৰা অন্তৰ-দাপোণত জিলিকা জোন
কি সাজেৰে সজাব খুজিলা অ' আকাশ বৃষ্টিসনা
এই আহে এই যায় ঘৰমুৱা এজাক পক্ষী
এনেয়ে উতলা তাতে আকৌ ফাগুনৰ বাসনা
কাৰ বাতৰিৰ বাবে আছা ৰৈ কোৱা খুলি অন্তৰ-বাণী
ঘনেপতি ৰূপহী আঁচলত উৰে যি
সোণৰ মুকুতামণিটি সৰিনো পৰিব লাজৰে ওৰণি টানি

কবি:
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment